...

নগাঁৱৰ বটদ্ৰৱা সচেতন যুৱ সংঘৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন

Spread the love

নগাঁৱৰ বটদ্ৰৱা সচেতন যুৱ সংঘৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন

নগাঁও:-

নগাঁও জিলাৰ বটদ্ৰৱা সচেতন যুৱ সংঘৰ সৌজন্যত অহা ১৯ অক্টোবৰত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে । বটদ্ৰৱাৰ সৰুহিছা মুকলি মঞ্চত অনুষ্ঠিত হ’বলগীয়া শিল্পীগৰাকীৰ মৃত্যুৰ সম্পূৰ্ণ এমাহ সম্পূৰ্ণ হোৱা দিনটোতে আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাৰ্যসূচী‌ অনুসৰি পুৱা ১০ বজাত বন্তি প্ৰজ্বলন, পুস্পাঞ্জলি অৰ্পণৰ পাছত দুপৰীয়া ১ বজাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। “জুবিনৰ জীৱন আৰু গান” শীৰ্ষক কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰিব সাংবাদিক তথা জনপ্ৰিয় কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাই । প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা দলক নগদ ধন আৰু কিতাপৰ টোপোলাৰে পুৰস্কৃত কৰা হ’ব। বিয়লি ২ বজাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু বিয়লি ৩ বজাত “জুবিন গাৰ্গৰ গীত,কবিতা, প্ৰবন্ধ,চলচ্চিত্ৰ” শীৰ্ষক সাহিত্য আলোচনা অনুষ্ঠিত কৰা হ’ব। সাংবাদিক তথা কবি কন্দৰ্প কুমাৰ কলিতাই পৰিচালনা কৰিবলগীয়াপ সাহিত্য আলোচনাখনি সঞ্চালনা কৰিব ইন্দ্ৰমোহন বৰুৱাই। সন্ধিয়া গীতে-মাতে জুবিন গাৰ্গক স্মৰণ অনুষ্ঠানত স্থানীয় শিল্পীবৃন্দ সমবেত হ’ব। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ।
ঋতু পৰ্ণ শৰ্মা,নগাঁও

Leave a Reply

Your email address will not be published. Required fields are marked *