...

নগাঁৱৰ শেনছোৱা মোৱামাৰী কুঁহত মোৱামৰীয়া বিদ্ৰোহৰ শ্বহীদসকলৰ স্মৃতি তোৰণ উন্মোচন

Spread the love

নগাঁৱৰ শেনছোৱা মোৱামাৰী কুঁহত মোৱামৰীয়া বিদ্ৰোহৰ শ্বহীদসকলৰ স্মৃতি তোৰণ উন্মোচন

গায়ন-বায়ন,সত্ৰীয়া সংস্কৃতি,মাংগলিক অনুষ্ঠানেৰে মুখৰিত

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,

আহোম ৰাজত্বকালৰ শেষৰফালে আহোমৰ ৰাজশাসন কঁপাই তোলা মোৱামৰীয়া বিদ্ৰোহৰ শ্বহীদসকলৰ স্মৃতিত ৰবিবাৰে নগাঁও জিলাৰ শেনছোৱা মোৱামাৰী কুঁহত ১৭৮৫ চনৰ মোৱামৰীয়া বিদ্ৰোহৰ শ্বহীদসকলৰ স্মৃতিত এটি স্মৃতি তোৰণ উন্মোচনৰ অনুষ্ঠান অনুষ্ঠিত হয়। ইতিহাসত পোৱা যায় যে এই মোৱামৰীয়া বিদ্ৰোহৰ বিদ্ৰোহীসকলক আহোমে হত্যা কৰাৰ পিছত সেই শৱ সমূহক নগাঁও জিলাৰ শেনছোৱা কুমাৰগাঁও আৰু এলেঙীসত্ৰৰ মাজৰ তিনিআলিৰ এটা জলাশয়ত সৎকাৰ কৰা হৈছিল। এই সৎকাৰস্থলী অৰ্থাৎ বৰ্তমানৰ শেনচোৱা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সমীপত আজি মোৱামৰীয়া শ্বহীদসকলৰ স্মৃতিত এখন বৃহৎ তোৰণ শুভ উন্মোচন কৰে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। নগাঁও সদৰ সমষ্টিৰ বিধায়ক পূজি আৰু শেনছোৱা গাঁও পঞ্চায়তৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মিত তোৰণখন উন্মোচন কৰি বিধায়ক ৰূপক শৰ্মাই ভাষণত কয় যে আহোম ৰাজত্বকালৰ শেষৰফালে হোৱা মোৱামৰীয়া বিদ্ৰোহৰ সেই মোৱামাৰীয়া শ্বহীদসকলৰ স্মৃতিত নিৰ্মিত এই তোৰণখনেই নহয় শেনচোৱাৰ এই স্থানক ইতিহাসপ্ৰসিদ্ধ হিচাপে আৰু পৰ্যটনস্থলীৰূপে গঢ়ি তোলা হ’ব । বিধায়ক শৰ্মাই আৰু কয় যে ইতিহাসে আমাক পৌৰাণিক সমলৰ লগতে ভৱিষ্যতৰ বাবেও দিক দৰ্শন কৰে। জাতি-মাটি-ভেটিৰ বাবে যুঁজি অহা বিজেপি চৰকাৰখনে মঠ-মন্দিৰ, সত্ৰীয়া-সংস্কৃতি,গুৰুজনাৰ সৃষ্টি নামঘৰকে ধৰি উপাসনা গৃহসমূহক এক নতুন ৰূপত গঢ়ি তুলিছে। সেয়ে অবৈধ লোকক উচ্ছেদ কৰি গুৰুজনাৰ জন্মভূমিকো পৰ্যটনৰ কেন্দ্ৰস্থলৰূপে গঢ়ি তোলা হৈছে। তেওঁ ভাষণত লগতে মোৱামাৰী কুঁহ আৰু মায়ামৰা সমাজক এই কৰ্মৰাজিৰ বাবে শলাগ লয়। বিধায়ক শৰ্মাই উক্ত ঠাইখিনিক ৰাজ্যখনৰ ভিতৰতে এক পৰ্যটকৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। মোৱামাৰী কুঁহ উন্নয়ন সমিতিৰ সভাপতি ৰেৱত দাস আৰু সংস্কৃতিবান যুৱক তথা শেনচোৱা গাঁও পঞ্চায়তৰ সচিব লেনিন মহন্তই আঁত ধৰা অনুষ্ঠানটিত শেনচোৱা গাঁও পঞ্চায়তৰ সভাপতি ববিতা ৰাজখোৱা, বিশিষ্ট ক্ৰীড়া সংগঠক শচীন্দ্ৰ দেৱ মহন্ত,মোৱামাৰী কুঁহ উন্নয়ন সমিতিৰ সম্পাদক শশীকান্ত দাস,শেনচোৱা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য জ্যোতি প্ৰসাদ দাস,শেনচোৱাৰ গাঁও পঞ্চায়তৰ উপ সভাপতি ভগীৰথ দাস,ৱাৰ্ড সদস্য মন্টু আহমেদ হাজৰিকা,শেনচোৱা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰাজীৱ বৰা,সমাজকৰ্মী সত্যন্দ্ৰ শইকীয়া, সত্ৰাধিকাৰ অশোক মহন্ত,সমাজকৰ্মী তৰুণ মহন্তকে ধৰি বৃহত্তৰ অঞ্চলটোৰ চাৰি শতাধিক মহিলা,কামপুৰ ঘিলানী আৰু দেওধৰ অঞ্চলৰ মায়ামৰা সমাজৰ অগণন ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰা অনুষ্ঠানত গায়ন-বায়ন, সত্ৰীয়া সংস্কৃতি,মাংগলিক অনুষ্ঠানেৰে মুখৰিত হৈ পৰে। উল্লেখ্য যে জাতীয় সাজ-পাৰেৰে সুশোভিত অহা অগণন ভকত বৈষ্ণৱৰ উপস্থিতিয়ে এক আধ্যাত্মিক পৰিবেশৰ সূচনা কৰা পৰিলক্ষিত হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *