...

নগাঁৱৰ কৰৈয়ণি হেঙুলী চুক গাঁৱৰ বৰনামঘৰত ৰাস মহোৎসৱ

 

নগাঁৱৰ কৰৈয়ণি হেঙুলী চুক গাঁৱৰ বৰনামঘৰত ৰাস মহোৎসৱ

 

লোকে লোকাৰণ্য বৰনামঘৰ

 

নগাঁও:-

নগাঁও জিলাৰ কৰৈয়ণি হেঙুলী চুক গাঁৱৰ বৰনামঘৰত শনিবাৰে নিশা অনুষ্ঠিত হয় ৰাস মহোৎসৱ। এদিনীয়া কাৰ্যসূচীৰে কৰৈয়ণি হেঙুলী চুক গাঁৱৰ ৰাইজ আৰু যুৱক-যুৱতী সকলৰ ব্যৱস্থাপনাত আয়োজিত ৰাস মহোৎসৱত ঊষা কীৰ্তন,ধৰ্মধ্বজা উত্তোলন,ভাগৱত ভ্ৰমণ আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। ইয়াৰ পাছতেই সন্ধ্যা বৰনামঘৰৰ সন্মুখত অসম বাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে মুকলি কৰে গাঁৱৰে জ্যেষ্ঠ পুতুল বৰাইয়ে। ইয়াৰ পাছত কেইবাশতাধিক ৰাইজে মৰমৰ শিল্পীজনৰ “মায়াবিনী ৰাতিৰ বুকুত” গীতটো পৰিবেশন কৰে। অঞ্চলৰ বিখ্যাত বায়ন সঞ্জীৱ বৰাৰ নেতৃত্বত আগবঢ়াই নিয়া গায়ন-বায়নত অংশগ্ৰহণ কৰি কেইবাটাও শিশুয়ে খোল-তাল বজাই প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। কৰৈয়ণি হেঙুলী চুক গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি সকলক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা পিছতে লোকে লোকাৰণ্য হৈ থকা বৰনামঘৰত নিশা ১:৩০ মিনিটলৈ শৃংখলা বজাই “কেলিগোপাল” নাটখনি মঞ্চস্থ কৰে গাঁওখনৰ যুৱকবৃন্দয়ে। নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱত বিধায়ক গৰাকীৰ লগতে সমাজ কৰ্মী সুৰেশ বৰা,নগাঁও জিলা পৰিষদৰ সভানেত্ৰী দিপালী হাজৰিকা আৰু পলাশনী-তেলিয়া পহুকটা পঞ্চায়তৰ সভাপতি বিদ্যুৎ বৰাই বৰনামঘৰত উপস্থিত হৈ ৰাইজৰ আশীষ নিৰ্মালী গ্ৰহণ কৰে। স্থানীয় যুৱক বৃন্দ আৰু ১০গৰাকী নিমন্ত্ৰিত যুৱকে গোপীৰ সুন্দৰ নৃত্য পৰিৱেশন কৰি উপস্থিত ৰাইজৰ প্ৰসংশা বুটলিবলৈ সক্ষম হয়। উক্ত ৰাসভাগত শ্ৰীকৃষ্ণৰ সুন্দৰ নৃত্য, ময়ূৰৰ লয়লাস,ৰাধাৰ নৃত্য আৰু শঙ্খচূড়ৰ অভিনয়ে সকলোকে উপস্থিত দৰ্শকক মোহিত কৰিলে। উল্লেখ্য যে,উক্ত ৰাস ভাগত শংকৰ জ্যোতি শ‌ইকীয়াই শ্ৰীকৃষ্ণৰ ভাওত, ৰাহুল কলিতা ৰাধাৰ ভাওত,মৃণাল বৰাই মোহিনী ভাওত,নিবিৰ বৰাই পুতনা ভাওত আৰু শংখচূড়ৰ ভাওত দেৱাশীষ কোচ ৰাজবংশীয়ে অভিনয় কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *