...

মুম্বাই বন্দৰৰ ১৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত ৫,০২৮ কোটি টকাৰ উন্নয়নমূলক প্রকল্প ৰূপায়ণ ত্বৰান্বিত কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

মুম্বাই বন্দৰৰ ১৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত ৫,০২৮ কোটি টকাৰ উন্নয়নমূলক প্রকল্প ৰূপায়ণ ত্বৰান্বিত কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

 

পৰিকাঠামো, ৱাটাৰফ্ৰণ্ট উন্নয়ন আৰু বন্দৰ আধুনিকীকৰণৰ ৬৩টা প্ৰকল্পই “বিকশিত ভাৰত ২০৪৭ ” গঢ়াৰ লক্ষ্যত মুম্বাই বন্দৰৰ ভূমিকা অধিক শক্তিশালী কৰিব
“ইন্দিৰা ডক অপাৰেচন আৰু ৰক্ষণাবেক্ষণ চুক্তি আৰু মুম্বাই মেৰিনা চুক্তিয়ে মুম্বাই বন্দৰৰ উন্নয়নৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে” : সৰ্বানন্দ সোণোৱাল

মুম্বাই, ২৫ জুন, ২০২৬:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাই বন্দৰ প্ৰাধিকৰণৰ ১৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৫,০২৮.১৭ কোটি টকাৰ মুঠ ৬৩টা উন্নয়নমূলক প্ৰকল্পৰ ত্বৰান্বিতকৰণত গুৰুত্ব আৰোপ কৰি দেশৰ অন্যতম পুৰণি বন্দৰটোক আধুনিক, বহনক্ষম আৰু ভৱিষ্যৎমুখী সামুদ্রিক প্রাণকেন্দ্র হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অঙ্গীকাৰ পুনৰ ব্যক্ত কৰে|
এই প্রকল্পসমূহৰ ভিতৰত ১৩২.২৯ কোটি টকাৰ মুঠ ৭টা উদ্বোধন কৰা প্রকল্প, ১,৩৫৪.৫৯ কোটি টকাৰ মুঠ ৩৪টা আধাৰশিলা স্থাপন কৰা প্ৰকল্প আৰু ৩,৫৪১.২৯ কোটি টকাৰ মুঠ ২২টা নতুনকৈ ঘোষণা কৰা প্ৰকল্প
অন্তর্ভুক্ত আছে| এইসমূহ প্ৰকল্প বন্দৰ পৰিকাঠামো, ৱাটাৰফ্ৰণ্ট উন্নয়ন, লজিষ্টিকছ আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ সৈতে জড়িত|
অনুষ্ঠানত ভাষণ প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে মুম্বাই বন্দৰ প্ৰাধিকৰণক ১৫৪ বছৰীয়া সেৱাৰ বাবে অভিনন্দন জনায় আৰু কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দেশৰ সামুদ্রিক খণ্ডৰ
ৰূপান্তৰত মুম্বাই বন্দৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে|
তেওঁ কয়, “ডেৰশ বছৰৰো অধিক সময় ধৰি মুম্বাই বন্দৰ প্ৰাধিকৰণে ভাৰতৰ সামুদ্রিক ইতিহাসত এক মাইলৰ খুঁটি হিচাপে কাম কৰি আহিছে| এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে বিকশিত ভাৰত ২০৪৭’ৰ দিশে ক্ষিপ্ৰতাৰে আগবাঢ়ি যোৱাৰ সময়ত আমাৰ বন্দৰসমূহো অৰ্থনৈতিক বিকাশ, বহনক্ষমতা আৰু বৈশ্বিক প্ৰতিযোগিতা চালিকা শক্তি হিচাপে বিকশিত হৈ আছে| আজি ত্বৰান্বিত কৰা প্রকল্পসমূহে বিশ্বমানৰ বন্দৰ আন্তঃগাঁথনি গঢ়ি তোলা, লজিষ্টিকছৰ কাৰ্যক্ষমতা উন্নত কৰা, ক্রুজ পৰ্যটনক উৎসাহিত কৰা, উপকূলীয় জাহাজ চলাচল শক্তিশালী কৰা আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত আমাৰ অঙ্গীকাৰ প্ৰতিফলিত কৰিছে |”
এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দুখন গুৰুত্বপূৰ্ণ চুক্তিও উৎসর্গিত কৰে- “ইন্দিৰা ডক অপাৰেচন আৰু ৰক্ষণাবেক্ষণ চুক্তি” আৰু “বিকশিত ভাৰত মুম্বাই মেৰিনা চুক্তি” | এই চুক্তিসমূহে বন্দৰৰ কাৰ্যক্ষমতা অধিক শক্তিশালী কৰাৰ লগতে ৱাটাৰফ্ৰণ্ট উন্নয়ন ত্বৰান্বিত কৰিব আৰু মুম্বাই বন্দৰৰ সম্পদসমূহৰ ফলপ্ৰসূ ব্যৱহাৰ নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।
প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত বন্দৰৰ বিষয়া-কৰ্মচাৰী, শ্রমিক, উপভোক্তা, জাহাজ পৰিবহণ সংস্থা, বাণিজ্যিক অংশীদাৰ, সেৱা প্ৰদানকাৰী আৰু অন্যান্য অংশীদাৰসকলৰ অৱদানক স্বীকৃতি জনোৱা হয়, যিসকলে মুম্বাই বন্দৰ প্ৰাধিকৰণৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে| কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে কয় যে মুম্বাই বন্দৰ প্ৰাধিকৰণে ভাৰতৰ সামুদ্রিক ব্যৱস্থাৰ এক শক্তিশালী স্তম্ভ হিচাপে কাম কৰি আহিছে আৰু ইয়াৰ বিষয়া, কৰ্মচাৰী তথা অংশীদাৰসকলৰ নিষ্ঠা আৰু অৱদানৰ বাবেই বন্দৰটোৰ ঐতিহ্য আৰু ভৱিষ্যৎমুখী উন্নয়ন ক্ষিপ্ৰতাৰে অব্যাহত আছে।
অনুষ্ঠানত মুম্বাই প’ৰ্ট স্প’ৰ্টছ ক্লাবৰ ১০০ বছৰীয়া পূর্তি উপলক্ষে নিৰ্মিত স্মাৰক চলচ্চিত্ৰ প্ৰদৰ্শন আৰু ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰা ব্যক্তি, কৰ্মচাৰী আৰু অংশীদাৰসকলক সন্মান জনোৱা হয় |
এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব বিজয় কুমাৰ, মুম্বাই বন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষ এম. অংগমুথু, জৱাহৰলাল নেহৰু বন্দৰ প্ৰাধিকৰণৰ অধ্যক্ষ গৌৰৱ দয়াল, মুম্বাই কাষ্টমছ জ’ন-১ৰ মুখ্য আয়ুক্ত মায়ংক কুমাৰকে ধৰি বহু জ্যেষ্ঠ বিষয়া, উদ্যোগ খণ্ডৰ প্ৰতিনিধি আৰু সামুদ্রিক খণ্ডৰ অংশীদাৰ উপস্থিত থাকে |

Leave a Reply

Your email address will not be published. Required fields are marked *