...

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ ২০,১১৫ গৰাকী মহিলালৈ উদ্যমিতা পুঁজিৰ চেক

Spread the love

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ ২০,১১৫ গৰাকী মহিলালৈ উদ্যমিতা পুঁজিৰ চেক

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানে সমাজত এক জন-জাগৰণৰ সৃষ্টি কৰিছে: মুখ্যমন্ত্রী

*চাইন অন ডেস্ক:*

ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ডিব্রুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ ২০,১১৫ গৰাকী উদ্যমী মহিলালৈ ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। হিতাধিকাৰীসকলৰ ১৮,৪৬১ গৰাকী গ্রামাঞ্চলৰ আৰু ১৬৫৪ গৰাকী নগৰাঞ্চলৰ।এই উপলক্ষে নামৰূপৰ হাপজান গাঁৱত আয়োজিত এক বিশাল জনসভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে নাৰী সবলীকৰণৰ মহান লক্ষ্যৰে ৰাজ্য চৰকাৰে হাতত লোৱা অভিলাষী আঁচনি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি নাহৰকটীয়াকে ধৰি ৰাজ্যৰ ৫৭ টা বিধানসভা সমষ্টিৰ উদ্যমী মহিলাসকলে ১০ হাজাৰ টকাকৈ প্রথম কিস্তিৰ চেক লাভ কৰিছে। দুলীয়াজান আৰু খোৱাং সমষ্টিৰ বাহিৰে ডিব্ৰুগড় জিলাৰ বাকী আটাইবোৰ সমষ্টিতে ইতিমধ্যে এই কাৰ্যসূচী সম্পন্ন কৰা হৈছে বুলি তেওঁ অৱগত কৰে। তেওঁ কয় যে সভাত প্রদর্শন কৰা তথ্যচিত্ৰখনত দেখুওৱা অনুসৰি যোৱা ছেপ্টেম্বৰ মাহত যিসকল মহিলাই এই পুঁজি লাভ কৰিছিল, তেওঁলোকে অত্যন্ত দায়বদ্ধতাবে এই পুঁজিৰ ব্যৱহাৰ কৰিছে আৰু উৎপাদনশীল কার্যত আত্মনিয়োগ কৰিছে। তেওঁ কয় যে অসমত নগৰাঞ্চল আৰু গ্রামাঞ্চল মিলাই প্রায় ৪০ লাখ মহিলা আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে আৰু তাৰ ভিতৰত ৩২ লাখ মহিলা উদ্যমিতা আঁচনিৰ বাবে নির্বাচিত হৈছে। আজিৰ সভাত নাহৰকটীয়া বিধানসভা সমষ্টিৰ ২০,১১৫ গৰাকী মহিলাৰ মাজত চৰকাৰে ২০ কোটিৰো অধিক টকা বিতৰণ কৰিব বুলি জানিবলৈ দি তেওঁ কয় যে সমগ্র ৰাজ্যত এই আঁচনিৰ প্ৰথম কিস্তিৰ জৰিয়তে চৰকাৰে ৩২০০ কোটি টকা বিতৰণ কৰিবলৈ লৈছে। মহিলা সবলীকৰণৰ বাবে ইমান বৃহৎ অংকৰ পুঁজিৰ আঁচনি ৰাজ্যত ইয়াৰ পূর্বে কেতিয়াও লোৱা হোৱা নাছিল বুলি তেওঁ মন্তব্য কৰে।

অসমৰ আঠ লক্ষাধিক মহিলাই ইতিমধ্যে লাখপতি বাইদেউৰ মর্যাদা লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্ৰতিগৰাকী সদস্যা লাখপতি বাইদেউ নোহোৱালৈকে চৰকাৰৰ এই আঁচনি অব্যাহত থাকিব।
নাহৰকটীয়া সমষ্টিৰ লাখপতি বাইদেউৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে নাহৰকটীয়া উন্নয়ন খণ্ডৰ পানীদৰীয়া গাঁৱৰ আইদেউ আত্মসহায়ক গোটৰ সদস্যা মালামণি গগৈয়ে বেকাৰী আৰু থলুৱা খাদ্য-সামগ্ৰীৰ প্রতিষ্ঠানেবে উদ্যমিতাৰ বাটত খোজ দি নিজৰ উপার্জনেৰে পৰিয়ালক আর্থিক দিশত সহায় কৰিবলৈ সক্ষম হৈছে। মালামণি গগৈয়ে এতিয়া মাহে প্রায় ১৬ হেজাৰ টকাকৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রীয়ে লগতে কয় যে নাহৰকটীয়া উন্নয়ন খণ্ডৰে নখটীয়া সোণোৱাল গাঁৱৰ লাকী বাণী আত্মসহায়ক গোটৰ সদস্যা হামী দোলাকাষৰীয়া বৰাই গাহৰি পালনেবে উদ্যমিতা পথেৰে আগুৱাই স্বাবলম্বী হ’বলৈ সক্ষম হৈছে। সামুহিক বিনিয়োগ পুঁজি আৰু আত্মসহায়ক গোটৰ বেংক লিংকেজ ঋণৰ জৰিয়তে নিজৰ গাহৰি পামৰ সম্প্ৰসাৰণ ঘটাই তেওঁ সম্প্রতি মাহে প্রায় ২১ হাজাৰ টকাকৈ উপার্জন কৰিবলৈ সক্ষম হৈছে। এয়া মাথো সামান্য উদাহৰণহে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে নাহৰকটীয়া সমষ্টিতে এনে উদাহৰণ দেধাৰ আছে। এই সফল উদ্যমীসকলৰ উদাহৰণেৰে অনুপ্রাণিত হৈ উদ্যমিতাৰ ক্ষেত্ৰখনত হাতে-কামে নামি পৰিবলৈ তেওঁ সমষ্টিটোৰ মহিলাসকলৰ প্রতি আহ্বান জনায়।

ৰাজ্য চৰকাৰে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে এক জন-জাগৰণ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় এই পুঁজিৰ সদ্ব্যৱহাৰৰ বিষয়েও এতিয়া আমাৰ মহিলাসকল সজাগ হৈছে।

গান্ধি পামৰ সম্প্ৰসাৰণ ঘটাই তেওঁ সম্প্রতি মাহে প্রায় ২১ হাজাৰ টকাকৈ উপার্জন কৰিবলৈ সক্ষম হৈছে। এয়া মাথো সামান্য উদাহৰণহে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে নাহৰকটীয়া সমাষ্টতে এনে উদাহৰণ দেধাৰ আছে। এই সফল উদ্যমীসকলৰ উদাহৰণেৰে অনুপ্রাণিত হৈ উদ্যমিতাৰ ক্ষেত্ৰখনত হাতে-কামে নামি পৰিবলৈ তেওঁ সমষ্টিটোৰ মহিলাসকলৰ প্রতি আহ্বান জনায়।

ৰাজ্য চৰকাৰে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে এক জন-জাগৰণ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় এই পুঁজিৰ সদ্ব্যৱহাৰৰ বিষয়েও এতিয়া আমাৰ মহিলাসকল সজাগ হৈছে। ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকলক এইপর্যন্ত বেংকে ১৫ হাজাৰ কোটি টকা ঋণ প্রদান কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰে ৯৯ শতাংশ ঋণেই সময়মতে বেংকক উভতাই দি অসমৰ মহিলা সমাজে এক নজিৰ সৃষ্টি কৰিছে। এই কথা শেহতীয়া অসম ভ্রমণৰ সময়ত প্রধানমন্ত্রীকো অৱগত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বেংক, চৰকাৰ আৰু পৰিয়ালে সহায়-সহযোগিতা কৰিলে অসমৰ বহু মহিলাই লাখপতি বাইদেউ হ’বলৈ সক্ষম হ’ব বুলি তেওঁ মন্তব্য কৰে।

ভাষণত মুখ্যমন্ত্রীয়ে উল্লেখ কৰে ৰাজ্যত অত্যাবশ্যকীয় সামগ্রীৰ এখন বিশাল বজাৰ আছে, কিন্তু এই বজাৰলৈ প্ৰায়বোৰ সামগ্ৰীয়ে বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয়। আমি কণী, গাখীৰকে ধৰি প্ৰায়বোৰ সামগ্ৰীৰ বাবে আজিও বাহিৰৰ ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল বুলি তেওঁ আক্ষেপ প্রকাশ কৰে।

মহিলা উদ্যমিতা আঁচনিখনৰ পুঁজিৰ ব্যৱহাৰৰ পদ্ধতিৰ বিষয়ে মহিলাসকলক অবগত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উদ্যমিতা পুঁজি হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ এই প্রথম কিস্তিৰ ধন যদি মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰে তেনেহ’লে ১ লাখ টকাৰ এটা পুঁজি গঠন হ’ব। এই পুঁজিৰে তেওঁলোকে সমূহীয়াভাবে কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে বা নিজাববীয়াকৈও কোনো ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে, নাইবা পৰিয়ালৰ পূৰ্বতে থকা ব্যৱসায়ৰ সম্প্ৰসাৰণৰ কামতো এই পুঁজি ব্যৱহাৰ কৰিব পাৰিব। ছমাহমানৰ পাছত চৰকাৰে এই পুঁজিৰ ব্যৱহাৰৰ মূল্যায়ণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে মহিলাসকলে প্ৰাৰম্ভিক পুঁজি হিচাপে লাভ কৰা এই ১০ হাজাৰ টকা সদ্ব্যৱহাৰ কৰিলে পৰৱর্তী পর্যায়ত ক্রমে ২৫ হাজাৰ টকা আৰু ৫০ হাজাৰ টকা লাভ কৰিব। উদ্যমী মহিলাসকলে এই পুঁজিৰ উপৰি বেংকৰ পৰাও ঋণ গ্রহণ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।

ৰাজ্য চৰকাৰে নাৰী সমাজৰ সম্মান বৃদ্ধি আৰু মহিলা সবলীকৰণৰ বাবে ভাবিব নোৱৰা ধৰণে পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অহা এক জানুৱাৰীৰ পৰা ৰাইজে মাথোঁ ১০০ টকাতে দাইল,চেনি আৰু নিমখ এই তিনিবিধ সামগ্রী লাভ কৰিব। নিযুত মইনা আঁচনিৰ দৰে অহা জানুৱাৰীৰ পৰা ছাত্ৰসকলৰ অধ্যয়নৰ বাবেও এখন বিশেষ আঁচনি হাতত লোৱা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। অৰুণোদয়ৰ হিতাধিকাৰীসকলে অহা ১ জানুৱাৰীত এক বিশেষ উপহাৰ লাভ কৰিব বুলিও তেওঁ অৱগত কৰে।

বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত নাহৰকটীয়া সমষ্টিত উন্নয়নৰ এটা নতুন পৰিৱেশ নির্মাণ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে অৰুণোদয় আঁচনিৰ জৰিয়তে সমষ্টিটোত সৰ্বমুঠ ৩০,৯৩১ গৰাকী হিতাধিকাৰী উপকৃত হৈছে। সমষ্টিটোত ৪১,৭৬৩ খন বেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল আৰু সুলভ মূল্যত অন্যান্য সামগ্রী লাভ কৰিছে। মুখ্যমন্ত্রী নিযুত মইনা আঁচনিৰ জৰিয়তে সমষ্টিটোৰ ২,৩৩১ গৰাকী ছাত্রী উপকৃত হৈছে। সেইদৰে এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে নাহৰকটীয়া সমষ্টিৰ ১৫,১৭৭ গৰাকী হিতাধিকাৰী উপকৃত হৈছে। চাহ বাগিচাৰ ৰাইজক বাগিচাৰ লাইনৰ মাটিৰ অধিকাৰ প্ৰদানৰ বাবে চৰকাৰে লোৱা ঐতিহাসিক পদক্ষেপৰ কথাও তেওঁ ভাষণত উল্লেখ কৰে।

মুখ্যমন্ত্রীয়ে কয় যে উদ্যমী যুৱ বিধায়ক তৰংগ গগৈৰ নেতৃত্বত অতি কম সময়ৰ ভিতৰতে নাহৰকটীয়া অসমৰ এটা অন্যতম উন্নত সমষ্টিলৈ পৰিণত হোৱাৰ দিশত আগবাঢ়িছে। এই প্রসংগত তেওঁ দিচাংকিনাৰ বঙালীৰ পৰা কঠাল গুৰিলৈ মৰাণ-নাহৰকটীয়া পথৰ উন্নয়ন, ভাদৈ পাঁচআলিৰ পৰা টিপাম হৈ জয়পুৰ খনছালৈ পথৰ বহলীকৰণ আৰু সবলীকৰণ, চাঁচনি বেলবাৰি আলি আৰু টিকিৰা বালিঘাট সংযোগী আৰচিচি দলং নির্মাণ, মাধৱপুৰ তিনিআলিৰ পৰা দিহিং পাটকাইলৈ পথ নির্মাণ, মাহমৰা আলি, ঘিলাগুৰি নেপালী বস্তি, পোৱালি পথাৰ পথ, টিংখাং শ্রীপুৰীয়া পথ আৰু বৰুৱানগৰৰ পৰা মাহমৰালৈ দলং নির্মাণ আৰু জয়পুৰ চাৰিআলিৰ পৰা দিল্লীঘাট পথলৈ ইন্ডাষ্ট্রিয়েল কৰিডৰৰ উন্নয়নৰ কাম-কাজৰ কথা বিশেষভাবে উল্লেখ কবে।

যোৱা ২১ ডিচেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নামৰূপৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলা বাবে তেওঁ সমষ্টিটোৰ ৰাইজক ধন্যবাদ জ্ঞাপন কবে। প্রধানমন্ত্রীৰ প্ৰচেষ্টাত প্রায় নিস্তেজ হৈ পৰা নামৰূপ নগৰ পুনৰবাৰ প্ৰাণৱন্ত আৰু জীৱন্ত হৈ উঠাৰ দিশত আগবাঢ়িছে বুলি তেওঁ মন্তব্য কবে।

আজিৰ সভাত ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু পৰম্পৰা আদি বিভাগৰ মন্ত্রী যোগেন মহন, শক্তি আদি বিভাগৰ মন্ত্রী প্রশান্ত যুক্তর, স্টংসদ বামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈ, তেবছ গোৱালা, চক্ৰধৰ গগৈকে ধৰি স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, অসম ৰাজ্যিক গ্রামীণ জীবিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ প্রমুখ্যে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, জিলা প্রশাসনৰ বিষয়ববীয়াসকল আৰু হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *