২৯ জুনত মৰাণত থকা উত্তৰ-পূবৰ প্ৰথম ঘাইপথত জৰুৰীকালীন অৱতৰণ সুবিধা পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী শৰ্মাই
চাইন অন ডেস্ক:
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহা ২৯ জুনত মৰাণৰ জাতীয়নী গাঁৱত উপস্থিত হৈ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গঢ়ি তোলা জৰুৰীকালীন বিমান অৱতৰণ সুবিধা (ই এল এফ) পৰিদৰ্শন কৰাৰ কথা।
উল্লেখ কৰিব পাৰি যে ডিব্ৰুগড় জিলাৰ মৰাণ বাইপাছৰ ৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা কৌশলগত আন্তঃগাঁথনি প্ৰকল্পৰ অংশ হিচাপে ই এল এফ নিৰ্মাণ কৰি ভাৰতীয় বায়ুসেনাৰ বিমানৰ বাবে উত্তৰ-পূবৰ প্ৰথমটো ঘাইপথ ভিত্তিক জৰুৰীকালীন অৱতৰণ সুবিধা হিচাপে পৰিগণিত হৈছে।
নেশ্যনেল হাইৱেজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্প’ৰেশ্যন লিমিটেডৰ তত্বাৱধানত ৩০ মিটাৰ বহল এই অংশটো আনুমানিক ১৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।এই ৰাষ্ট্ৰীয় ঘাইপথটো ৰাফেল, এমআইজি, তেজাছ, আৰু এএন-৩২ পৰিবহণ বিমানৰ জৰুৰীকালীন অৱতৰণ আৰু উৰণত সহায় কৰিবলৈ ডিজাইন কৰা হৈছে।
এই সুবিধাত এটা নিৰ্দিষ্ট এয়াৰ ট্ৰেফিক কণ্ট্ৰল (এটিচি) টাৱাৰ আৰু বিমান পৰিচালনাৰ সময়ত সুৰক্ষা নিশ্চিত কৰিবলৈ অস্থায়ী বেৰিঙৰ ব্যৱস্থাও থাকিব। সাধাৰণ পৰিস্থিতিত ৰাজহুৱা যান-বাহনৰ বাবে পথৰ এই অংশ মুকলি থাকিব।
প্ৰকল্পটো সম্পূৰ্ণ হৈ গতাই দিয়াৰ পিছত ভাৰতীয় বায়ুসেনাই ট্ৰাইল লেণ্ডিং কৰি সুবিধাটোৰ কাৰ্যকৰী প্ৰস্তুতি মূল্যায়ন কৰিব বুলিও জানিব পৰা গৈছে।

