...

ব্যক্তিগত ন্যাসৰ নামত হস্তান্তৰ ডিব্ৰুগড়ৰ মাৰোৱাৰী হিন্দী হাইস্কুল!

ব্যক্তিগত ন্যাসৰ নামত হস্তান্তৰ ডিব্ৰুগড়ৰ মাৰোৱাৰী হিন্দী হাইস্কুল!

চৰকাৰী বিদ্যালয়ৰ মাটি দেখোৱাই চিবিএছইৰ স্বীকৃতি পালে অগ্ৰসেন একাডেমীয়ে?

চাইন অন ডেস্ক,১৭আগষ্টঃ

ডিব্ৰুগড়ৰ ঐতিহ্যমণ্ডিত মাৰোৱাৰী হিন্দী হাইস্কুলত সংঘটিত হোৱা মধ্যাহ্ন ভোজন কেলেংকাৰীৰ পিছত এইবাৰ উন্মোচিত হৈছে চৰকাৰী বিদ্যালয়ৰ ভূমি 
ব্যক্তিগত ন্যাসলৈ হস্তান্তৰ তথ্য৷ বিদ্যালয়ৰ ভূমি হস্তগত কৰি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান স্থাপন কৰি চৰকাৰী বিদ্যালয় নিঃশেষ কৰাৰ ষড়যন্ত্ৰত নামিছে 
একাংশ বনিয়া৷ দীৰ্ঘদিন ধৰি চলি থকা এই চৰকাৰী বিদ্যালয়খনৰ ভূমি বেদখল, ভুৱা তথ্য প্ৰদৰ্শন কৰি চিবিএছই স্বীকৃতি লাভ আৰু প্ৰশাসনিক অৰাজকতাৰ
 বিৰুদ্ধে এইবাৰ সৰৱ হৈ উঠিছে সচেতন মহল। মাৰোৱাৰী হিন্দী হাইস্কুলৰ প্ৰাক্তন ছাত্ৰ তথা অধিবক্তা চাহিদ কুমাৰ ঠাকুৰে এই গুৰুতৰ অনিয়মসমূহৰ
 বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে। নথি-পত্ৰ অনুসৰি, ১৯৭৭ চনৰ পৰা অসম প্ৰাদেশিকীকৰণ আইনৰ অধীনত 
মাৰোৱাৰী হিন্দী হাই স্কুলখন সম্পূৰ্ণৰূপে চৰকাৰী নিয়ন্ত্ৰণলৈ আহে। ৰাজহ বিভাগৰ নথি অনুসৰি বিদ্যালয়খনৰ ভূমি সম্পূৰ্ণৰূপে চৰকাৰী সম্পত্তি হ’লেও,
 কোনো চৰকাৰী অনুমতি বা বিধিগত অনুমোদন অবিহনে সেই ভূমি ব্যক্তিগত ন্যাস হিচাপে ‘মাৰোৱাৰী এডুকেচন ফাউণ্ডেচন’ৰ নামত অবৈধভাৱে 
মিউটেচন কৰা বুলি অভিযোগ উত্থাপন হৈছে। ১৯৯৯-২০০০ বৰ্ষত ‘শ্ৰী আগৰৱালা একাডেমী’ (অগ্ৰসেন একাডেমী) নামৰ এটি ব্যক্তিগত ট্ৰাষ্টে চিবিএছই 
স্বীকৃতিৰ বাবে আবেদন জনাইছিল। নিয়ম অনুসৰি চিবিএছই স্বীকৃতি পাবলৈ নূন্যতম ৬ বিঘা মাটিৰ প্ৰয়োজন হয়। অভিযোগ উঠিছে যে, সেই সময়ত 
অগ্ৰসেন একাডেমীয়ে নিজৰ পৰ্যাপ্ত মাটি নথকাত মাৰোৱাৰী হিন্দী হাইস্কুলৰ চৰকাৰী মাটিখিনিকো নিজৰ বুলি দেখুৱাই ভুৱা তথ্য দাখিল কৰিছিল। 
ইফালে কালি মাৰোৱাৰী এডুকেশ্যন ফাউণ্ডেচনৰ সম্পাদক মহাবীৰ প্ৰসাদ বাগাৰীয়াই এক সংবাদমেলত এই কথা স্পষ্ট কৰিছিল যে মাৰোৱাৰী হিন্দী হাইস্কুলৰ
 মাটিখিনিকো সামৰাৰ পাছতহে অগ্ৰসেন একাডেমীয়ে চিবিএছইৰ স্বীকৃতি লাভ কৰিছিল। ফলত চৰকাৰী মাটি ব্যক্তিগত ন্যাসৰ নামলৈ হস্তান্তৰ কৰাৰ 
ক্ষেত্ৰতো ব্যাপক জালিয়াতি সংঘটিত হোৱাৰ সন্দেহ ঘনীভূত হৈছে। বিদ্যালয় পৰিচালনা সমিতিৰ দায়িত্বত থকা মাৰোৱাৰী এডুকেশ্যন ফাউণ্ডেচনে
 বিভাগীয় নিয়মক বুঢ়া আঙুলি দেখুৱাই গণিত শিক্ষক ৰাম নীৰজ সিঙক জোৰকৈ প্ৰধান শিক্ষকৰ দায়িত্ব প্ৰদান কৰিছে। অথচ, শিক্ষা বিভাগে ৰজনী শৰ্মাকহে 
বিদ্যালয়খনত প্ৰধান শিক্ষয়িত্ৰী হিচাপে বৈধভাৱে নিযুক্তি দিছিল। অভিযোগ উত্থাপন হৈছে যে স্বয়ম্ভূ প্ৰধান শিক্ষকৰ আসন দখল কৰা ৰাম নীৰজ সিঙে
 বিগত দুবছৰ ধৰি নিয়মীয়াকৈ পাঠদান নকৰাকৈয়ে কেৱল পৰিচালনা সমিতিৰ নিৰ্দেশত বিদ্যালয়ৰ বৈধ প্ৰশাসনিক কাম-কাজত বাধা প্ৰদান কৰি আহিছে।
 এই সংঘৰ্ষ আৰু প্ৰশাসনিক খেলিমেলিৰ পোনপটীয়া প্ৰভাৱ পৰিছে নিষ্পাপ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত। বিগত প্ৰায় এটা বছৰ ধৰি বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলক
 নিয়মীয়া মধ্যাহ্ন ভোজন যোগান ধৰা হোৱা নাই। সংবিধানৰ ৩০ নং অনুচ্ছেদৰ সংখ্যালঘু অধিকাৰৰ অপব্যৱহাৰ কৰি ঐতিহ্যমণ্ডিত বিদ্যালয়খনক মষিমূৰ 
কৰি কাষতে থকা প্ৰাসাদোপম অগ্ৰসেন একাডেমীৰ সৈতে মিলি চৰকাৰী সম্পত্তি হস্তগত কৰাৰ এক গভীৰ ষড়যন্ত্ৰ চলিছে বুলি প্ৰাক্তন ছাত্ৰ চাহিদ কুমাৰ ঠাকুৰে 
প্ৰকাশ কৰিছে। উল্লেখ্য যে, ২০২৫ চনৰ ৩১ ডিচেম্বৰত অধিবক্তা চাহিদ কুমাৰ ঠাকুৰে দেশৰ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীসহ শীৰ্ষ পৰ্যায়ৰ কৰ্তৃপক্ষলৈ 
এক বিশদ পত্ৰ প্ৰেৰণ কৰিছিল। উক্ত পত্ৰখনৰ ভিত্তিত বৰ্তমান চেণ্ট্ৰেল ভিজিলেন্স কমিছনাৰ চমুকৈ চিভিচিয়ে অগ্ৰসেন একাডেমীয়ে লাভ কৰা চিবিএছই 
স্বীকৃতিৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে। স্থানীয় প্ৰশাসনৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ সহযোগিতা অবিহনে এই অবৈধ মিউটেচন আৰু বেদখল
 সম্ভৱ নহয় বুলি উল্লেখ কৰি, এই সমগ্ৰ কেলেংকাৰীৰ এক নিৰপেক্ষ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰাৰ লগতে চৰকাৰী ভূমি বেদখলমুক্ত কৰি বিদ্যালয়খনত 
শৈক্ষিক পৰিৱেশ ঘূৰাই আনিবলৈ সচেতন মহলে তীব্ৰ দাবী উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *