...

মানকাচৰ এলপি স্কুলৰ টেট শিক্ষক দীপাংকৰ দাসক

মানকাচৰ এলপি স্কুলৰ টেট শিক্ষক দীপাংকৰ দাসক আক্ৰমণ

অভিযুক্তক গ্ৰেপ্তাৰ

মানকাচৰ,২৯অক্টোবৰ:

দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ মানকাচৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বোৱালীয়া প্ৰাথমিক বিদ্যালয়ত সংঘটিত শিক্ষক আক্ৰমণৰ জঘন্য ঘটনাটোৱে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
​
​কালি মানকাচৰৰ বোৱালীয়া প্ৰাথমিক বিদ্যালয় খনত পাঠদান চলি থকা সময়তে এজন দুৰ্বৃত্তই শ্ৰেণীকোঠাৰ ভিতৰতে প্ৰৱেশ কৰি বিদ্যালয় খনৰ সহকাৰী শিক্ষক দীপাংকৰ দাসক চোকা অস্ত্ৰেৰে উপৰ্যুপৰি আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে। বিদ্যালয়ৰ পবিত্ৰ স্থানত ছাত্ৰ-ছাত্ৰীৰ সন্মূখত শিক্ষকক এনেদৰে আক্ৰমণ কৰা ঘটনাই সকলোকে স্তম্ভিত কৰি তোলে।
​ শিক্ষকগৰাকীক ঘপিয়াই হত্যাৰ চেষ্টা চলােৱাৰ পিছতে অভিযুক্ত যুৱকজন ঘটনাস্থলীৰ পৰা তৎক্ষণাৎ পলায়ন কৰিছিল।অভিযুক্ত যুৱকজন বোৱালীয়া গাঁৱৰ ইলিয়াছ হুছেইন বুলি চিনাক্ত কৰা হৈছে।
​ঘটনাৰ পিছতে মানকাচৰ আৰক্ষীয়ে তৎপৰতা প্ৰকাশ কৰি বিভিন্ন স্থানত তীব্ৰ অভিযান চলায়। আৰক্ষীৰ এই অভিযানত শেষত কাঠালবাৰী গাঁৱৰ পৰা শিক্ষকগৰাকীক আক্ৰমণ কৰি পলাই থকা অভিযুক্ত ইলিয়াছ হুছেইনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
​অভিযুক্তক দ্ৰুতগতিত গ্ৰেপ্তাৰ কৰাৰ বাবে স্থানীয় ৰাইজ তথা জিলাবাসীয়ে মানকাচৰ আৰক্ষীক ভূয়সী প্ৰশংসা কৰে। ইফালে, শিক্ষক সমাজৰ সুৰক্ষা সুনিশ্চিত কৰাৰ স্বাৰ্থত ধৃত অভিযুক্তণগৰাকীৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দল-সংগঠন তথা সৰ্বসাধাৰণ ৰাইজে তীব্ৰ দাবী উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *