...

লাহৰীঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

Spread the love

 

 

লাহৰীঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

 

 

সৰবৰাহকাৰী ইনামুল হক গ্ৰেপ্তাৰ

 

মৰিগাঁও:

মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ধিঙ্গৰআটিত আজি মৰিগাঁও বিশেষ আৰক্ষীৰ অভিযানত এক ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ইনামুল হক।


আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা সন্দেহ যুক্ত ড্ৰাগছ ভৰ্তি ২৩ টা প্লাষ্টিক কন্টেইনাৰ উদ্ধাৰ কৰে। আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ বিৰুদ্ধে আইনী ব্যবস্থা গ্রহণ কৰিছে।
ধৃত ইনামুল হক ইয়াৰ পূর্বেও ড্ৰাগছ সৰবৰাহৰ গোচৰত ৰঙা ঘৰৰ আলহী হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *