হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত জ্যোতিৰ্ময় দাসৰ প্ৰথম স্থান লাভ
পাটাছাৰকুছি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ
পাটাছাৰকুছি:
আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পাটাছাৰকুছি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ জ্যোতিৰ্ময় দাসে ৯৮.৫ শতাংশ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষ হৈছে৷ তেওঁ অসমীয়াত ১০০, ইংৰাজীত ৯৬, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৭, সমাজ বিজ্ঞানত ৯৮, উচ্চ গণিতত ১০০ নম্বৰ সহ মুঠ ৫৯১ নম্বৰ লাভ কৰিছে৷ তেওঁ পাটাছাৰকুছি মৰ্কা নিবাসী সতীশ চন্দ্ৰ দাস আৰু ববিতা দাসৰ পুত্ৰ৷ তেওঁৰ এই সাফল্যত শিক্ষানুষ্ঠানখনৰ আচাৰ্য আচাৰ্যা, ছাত্ৰছাত্ৰীৰ লগতে স্থানীয় ৰাইজে আনন্দ প্ৰকাশ কৰিছে৷