কুখ্যাত জেহাদী সংগঠন জেইএমৰ মহিলা আত্মঘাতী গোট আত্মপ্রকাশ
বাংলাদেশী যুৱতী অসমত প্ৰৱেশ কৰাৰ ঘটনাক লৈ উদ্বিগ্নতা
ভাৰত-বাংলাদেশৰ সীমান্তৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন
চাইন অন ডেস্ক:
চলিত বৰ্ষৰ অক্টোবৰ মাহত কাশ্মীৰৰ কুখ্যাত জেহাদী সংগঠন জইছ-ই-মহম্মদ (Jaish-e-Mohammed), চমুকৈ জেইএম-এ এটা মহিলা শাখা গঠন কৰাৰ এক উদ্বেগজনক তথ্য উন্মোচিত হৈছে। ঠিক সেই সময়তেই দালালৰ সহযোগত
ভাৰত-বাংলাদেশ সীমান্তইদি অসমত প্ৰৱেশ কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। অৱশ্যে দিল্লীলৈ যাবলৈ বঙাইগাঁও ৰেল ষ্টেচনত বাহৰ পাতি থকাৰ সময়ত যুৱতী কেইগৰাকীৰ সন্দেহজনক চালচলনত ৰেল আৰক্ষীৰ জেৰাত জোলোঙাৰ মেকুৰী ওলাই পৰে। ইতিমধ্যে, ধুবুৰী জিলাৰ গোলকগঞ্জৰ নালিয়াৰে বিএছএফে ছুমাইয়া আখতাৰ তাসমিয়া, সুহানা খাতুন আখি, আবিদা চৌধুৰী মিস্টি আবিদা আৰু মিষ্টি শিৰিনা আখতাৰ ফাৰিয়া নামৰ সেই যুৱতী কেইগৰাকীৰ বাংলাদেশলৈ উভতাই পঠিয়াইছে। কিন্তু, এই ঘটনাই ৰাজ্যৰ নামনিৰ ভাৰত-বাংলাদেশ সীমান্তৰ সুৰক্ষা ব্যৱস্থাপনাক লৈ প্ৰশ্নৰ জন্ম দিছে। ইয়াতে উল্লেখনীয় যে, নতুন দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা সাম্প্রতিক বোমা বিস্ফোৰণৰ পিছত বিভিন্ন মহলত উচ্চাৰিত হৈছিল জেইএমৰ নাম। জেইএমৰ শীৰ্ষ নেতা মাছুদ
আজহাৰ আলভীৰ ভন্টী ছাদিয়া আজহাৰ নেতৃত্বত জন্ম লোৱা জেহাদী সংগঠনটোৰ “জামাত-ঊল মমিনাত” নামৰ এই মহিলা ফিদায়ে গোটটোৰ সৈতে জড়িত হৈ আছে আজহাৰৰ আৰু এগৰাকী ভন্টী ছামিৰা আজহাৰো। ইতিমধ্যে, জেইএমৰ নতুন সদস্যা ভৰ্তিকৰণ তথা প্ৰশিক্ষণৰ বাবে ইতিমধ্যেই “তুফাত-আল মমিনাত” নামৰ অনলাইন কোৰ্চ আৰম্ভ কৰাৰো নিশ্চিত তথ্য পোৱা গৈছে। দৈনিক ৪০ মিনিটৰ এই অনলাইন কোৰ্চটোৰ প্ৰশিক্ষণৰ দায়িত্বত আছে ছাদিয়া আৰু ছামিৰা আজহাৰ। পিছে, জেইএমৰ এই সাম্প্রতিক অত্যন্ত উদ্বেগজনক বুলিয়েই কিন্তু বিবেচিত হৈছে। উল্লেখ্য যে, বিগত ২০২৪ বৰ্ষৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ৰ অভিযানত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা জেইএমৰ সৈতে জড়িত চাৰিজনকৈ যুৱক জালত পৰিছিল। নিৰ্দিষ্ট এক তথ্যৰ ভিত্তিত এনআইএৰ এটি দলে অসম আৰক্ষীৰ এছটিএফ এটা দলৰ সহযোগত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত অভিযান চলাই জেইএমৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত কৰায়ত্ত কৰিছিল ছাহানূৰ ইছলাম, আবু তাহেৰ, জয়নাল আবেদিন আৰু ছাহানূৰ আলম নামৰ চাৰিজনকৈ যুৱকক। পাকিস্তানৰ চোৰাংচোৱা সন্থা ইন্টাৰ চাৰ্ভিচেছ ইনটেলিজেন্স (আইএছআই)ৰ সহযোগত ২০০০ বৰ্ষত জন্ম লভা জেইএম মূলতঃ জম্মু আৰু কাশ্মীৰতেই সক্ৰিয় বুলি ধাৰণা কৰা হৈছিল যদিও নামনি অসমৰ পৰা চাৰিজনককৈ সদস্য গ্ৰেপ্তাৰ হোৱাৰ পিছত কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেতবোৰ অঞ্চলতো সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ তৎপৰতা আৰম্ভ কৰাৰ সন্দেহ ঘনীভূত হৈছিল। আনকি, বাংলাদেশৰ সাম্প্রতিক অস্থিৰতাৰ সুযোগ লৈ জেইএমে দেশখনত সক্ৰিয় জেহাদী আৰু মৌলবাদী শক্তিবোৰৰ সহযোগত জেহাদী শক্তিটোৱে নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দুৰ্গম অঞ্চলেৰে বাংলাদেশৰ পৰা অসম হৈ ভাৰতত প্ৰৱেশ কৰাৰ এক কৰিডৰ গঢ়ি তুলিছে নেকি বুলি জন্ম দিছিল গুৰুত্বপূৰ্ণ এক প্ৰশ্নৰ। শেহতীয়াকৈ জেইএমে মহিলা আত্মঘাতী গোট এটা গঠন কৰাৰ পিছতেই চাৰিগৰাকী বাংলাদেশী যুৱতী অনায়াসে ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ অসমলৈ প্ৰৱেশ কৰাৰ ঘটনা অত্যন্ত উদ্বেগজনক বুলিয়েই বিবেচিত হৈছে আৰু ফলত স্বাভাৱিক ভাবেই নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থাপ্ৰণালীৰ বিষয়টোৰ পৰ্যালোচনাৰ প্ৰয়োজন থকা বুলি উচ্চাৰিত হৈছে।