দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ডিব্ৰুগড়ৰ খনিকৰত অৱস্থিত শ্ৰীশ্ৰী জগন্নাথ মন্দিৰত একাদশ বাৰ্ষিক ৰথযাত্ৰা উৎসৱ ধৰ্মীয় ভক্তি আৰু উৎসৱৰ পৰিৱেশত উদযাপন কৰা হয়।
প্ৰায় ১৫ হাজাৰ ভক্তৰ উপস্থিতিত বিশাল ৰথযাত্ৰা আয়োজন কৰা হয়। ৰথযাত্ৰা সূচনাৰ আগতে মন্দিৰ প্ৰাংগণত পূজাৰ্চনা, সংকীৰ্তন আৰু ধৰ্মীয় আয়োজন সম্পন্ন কৰা হয়।