...

ডিব্ৰুগড়ত জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা

Spread the love

ডিব্ৰুগড়ত জগন্নাথ প্ৰভুৰ ৰথযাত্ৰা

উৎসৱত ধর্মীয় আৱেগ আৰু উৎসৱৰ এক নান্দনিক পৰিৱেশত উদযাপন

চাইন অন ডেস্ক:

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ডিব্ৰুগড়ৰ খনিকৰত অৱস্থিত শ্ৰীশ্ৰী জগন্নাথ মন্দিৰত একাদশ বাৰ্ষিক ৰথযাত্ৰা উৎসৱ ধৰ্মীয় ভক্তি আৰু উৎসৱৰ পৰিৱেশত উদযাপন কৰা হয়।
শ্ৰীশ্ৰী জগন্নাথ সাংস্কৃতিক ন্যাসৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ৰথযাত্ৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে।
প্ৰথম বাৰৰ বাবে ৩ খন ৰথত বলভদ্ৰ, সুভদ্ৰা আৰু ভগৱান জগন্নাথৰ বাবে তিনিটাকৈ পৃথক পৃথক ৰথ প্ৰস্তুত এই যাত্ৰাৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু আছিল।
প্ৰায় ১৫ হাজাৰ ভক্তৰ উপস্থিতিত বিশাল ৰথযাত্ৰা আয়োজন কৰা হয়। ৰথযাত্ৰা সূচনাৰ আগতে মন্দিৰ প্ৰাংগণত পূজাৰ্চনা, সংকীৰ্তন আৰু ধৰ্মীয় আয়োজন সম্পন্ন কৰা হয়।
ভক্তসকলৰ সুৰক্ষাৰ লগতে শৃঙ্খলাপূৰ্ণ ৰথ চলাচল নিশ্চিত কৰিবলৈ প্ৰতিটো স্থানত প্ৰচলিত ব্যৱস্থাৰ লগতে সুৰক্ষাৰ ক্ষেত্ৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।
দুপৰীয়া ভাগত ৰথ উলিওৱা অনুষ্ঠানত ভক্তৰ বৃহৎ ভিৰ পৰিলক্ষিত হয় আৰু এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দূৰ-দূৰৰ পৰা লোক আহি উপস্থিত হয়।
উৎসৱ উপলক্ষে খনিকৰ অঞ্চলটোত উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *