...

ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ অভিযান

Spread the love

 

ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ অভিযান

 

মানকাচৰত এজন বাংলাদেশী আটক
আন্ধাৰৰ সুযোগ লৈ পলাল ৫

 

চাইন অন ডেস্ক:

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত সোমবাৰে নিশা সীমান্ত সুৰক্ষা বাহিনীয়ে (BSF) এক অভিযান চলাই এজন বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক কৰিবলৈ সক্ষম হয়। জিলাখনৰ জোৰডাঙা বি এছ এফ কেম্পৰ অধীনস্থ সীমান্ত অঞ্চলত এই ঘটনাটো সংঘটিত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে নিশা প্ৰায় ছয়জনীয়া এটা বাংলাদেশীৰ দলে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাইঁটীয়া তাঁৰ কাটি ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল। টহল দি থকা বি এছ এফৰ জোৱানসকলে এই কাৰ্য প্ৰত্যক্ষ কৰি লগে লগে তেওঁলোকক কৰায়ত্ত কৰিবলৈ খেদি যায়।

বি এছ এফৰ তৎপৰতা দেখি অনুপ্ৰৱেশকাৰীৰ দলটোৱে পলাবলৈ চেষ্টা কৰে। নিশাৰ ঘোৰ আন্ধাৰৰ সুযোগ লৈ দলটোৰ পাঁচজন সদস্য পুনৰ বাংলাদেশৰ দিশে পলাই যাবলৈ সক্ষম হয় যদিও বি এছ এফে এজনক আটক কৰিবলৈ সক্ষম হয়।
ধৃত বাংলাদেশী জন বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানাৰ অন্তৰ্গত ৰতনপুৰ গাৱৰ আব্দুল ছালামৰ পুত্ৰ মহাম্মদ মাছুদ বুলি চিনাক্ত কৰে।
বৰ্তমান ধৃত বাংলাদেশী নাগৰিকজনক জোৰডাঙা বি এছ এফ কেম্পত ৰাখি সোধ-পোছ অব্যাহত ৰখা পিছত আৰু তেওঁ কি উদ্দেশ্যে ভাৰতত প্ৰৱেশ কৰিছিল, সেই সন্দৰ্ভত বি এছ এফে অধিক তথ্য সংগ্ৰহৰ কৰি ধৃত লোকজনক আজি মানকাচৰ আৰক্ষীক গতাই দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *