মাৰৱাড়ী যুৱ মঞ্চ ডিব্ৰুগড় গ্ৰেটাৰ শাখাৰ উদ্যোগত ৰক্তদান শিবিৰ
ভাৰতীয় ষ্টেট বেঙ্ক, ডিব্ৰুগড় মডিউল আৰু মাৰৱাড়ী আৰোগ্য ভৱন হস্পিতেলৰ সহযোগত ৫২ ইউনিট ৰক্ত সংগ্ৰহ
চাইন অন ডেস্ক:
মাৰৱাড়ী যুৱ মঞ্চ ডিব্ৰুগড় গ্ৰেটাৰ শাখাৰ উদ্যোগত ভাৰতীয় ষ্টেট বেঙ্ক, ডিব্ৰুগড় মডিউল আৰু ডিব্ৰুগড়ৰ মাৰোৱাৰী আৰোগ্য ভৱন হস্পিতেলৰ সহযোগত ডিব্ৰুগড়ৰ বৈৰাগীমঠস্থিত এছ বি আই RASMECCC পৰিসৰত এক ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।
ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীসকলে ৰক্তদানৰ মহান উদ্দেশ্যেৰে আগ বাঢ়ি মুঠ ৫২ ইউনিট ৰক্তদান কৰে। এই ইউনিটসমূহ মাৰোৱাৰী আৰোগ্য ভৱন হস্পিতেল ব্লাড বেংকত সংৰক্ষিত কৰা হব।
ডিব্ৰুগড় গ্ৰেটাৰ শাখাক প্ৰতিনিধিত্ব কৰে মনীষ কুমাৰ ধানুকা (সভাপতি), অভয়জীত কানৈ (সচিব), সুমীত পোদ্দাৰ (কোষাধ্যক্ষ), আকাশ জৈন (ৰক্তদান সমন্বয়ক), মায়ঙ্ক পোদ্দাৰ (প্ৰাক্তন সভাপতি আৰু কাৰ্যবাহী সদস্য), মেহুল গাৰোদিয়া, কুনাল আগৰৱালা, অভিষেক শৰ্মা (প্ৰাক্তন সভাপতি), প্ৰমেশ আগৰৱালা (প্ৰাক্তন সভাপতি), দীপক ভাৰ্মা, বৰুণ গাডোদিয়া, বিজয় আগৰৱালা (প্ৰাক্তন সভাপতি) আৰু সতীশ কেডিয়া।
তেওঁলোকৰ সামূহিক প্ৰচেষ্টাই কাৰ্যসূচীৰ সফল ৰূপায়ণ নিশ্চিত কৰিছিল।এই অনুষ্ঠানত এছ বি আই ডিব্ৰুগড় প্ৰশাসনিক কাৰ্যালয়ৰ ডি জি এম অমিত কুমাৰ আৰু মাৰৱাড়ী আৰোগ্য ভৱন হস্পিতেলৰ কাৰ্যবাহী সমিতিৰ হৈ বিজয় আগৰৱালা আৰু শশী আগৰৱালা উপস্থিত থাকে।
ডিব্ৰুগড় গ্ৰেটাৰ শাখাই ভাৰতীয় ষ্টেট বেংক – ডিব্ৰুগড় মডিউলে শিবিৰৰ আয়োজনত উদাৰ সহযোগিতা আৰু কৰ্মচাৰীসকলক ৰক্তদাতা হিচাপে আগবাঢ়ি আহিবলৈ উৎসাহিত কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। লগতে মাৰৱাড়ী আৰোগ্য ভৱন হস্পিতেলে তেজ সংগ্ৰহ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগিতা প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

