কালাতলীৰ চৌধুৰীপামত কলেজৰ ছাত্ৰীক নৃশংসভাৱে হত্যা
ঘটনা সংঘটিত কৰি পলাতক হত্যাকাৰী
গুৱাহাটী:
কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত চৌধুৰীপামত আজি দুপৰীয়া কলেজৰ ছাত্ৰী এগৰাকীক নৃশংসভাৱে হত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে বালাগাঁও চৰৰ নুৰুল ইছলাম নামৰ লম্পট যুৱকটোৱে বিগত এবছৰ পূৰ্বে কালাতলী চৌধুৰীপাম গাঁৱৰ আব্দুল খালেকৰ পত্নীৰ সৈতে সম্পৰ্কীয় মাক সম্পৰ্ক গঢ়ি তোলে৷ তেতিয়াৰ পৰাই নুৰুল ইছলামৰ পৰিয়ালটোৰ সৈতে অহা-যোৱা অব্যাহত থাকে৷ ইপিনে পৰিয়ালৰ লোকে নুৰুল ইছলাম নামৰ ল’ৰা জনক যতেষ্ট বিশ্বাস কৰিছিল তথা পৰিয়ালৰ এজন সদস্য হিচাপে বহুত মৰম কৰিছিল। জানিব পৰামতে বালাগাঁও চৰৰ নুৰুল ইছলাম নামৰ লম্পট যুৱকটোৱে আজি দুপৰীয়া আকস্মিকভাৱে চৌধুৰীপাম গাঁৱৰ আব্দুল খালেকৰ ঘৰত উপস্থিত হয়৷ সেইসময়ত আব্দুল খালেকৰ কন্যা তথা সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ তৃতীয় ষাণ্মাষিকৰ অসমীয়া বিভাগৰ ছাত্ৰী খায়ৰুণ নেছা (২২) ঘৰত অকলশৰীয়া আছিল৷ ঘৰত মানুহ নথকাৰ সুযোগ লৈ লম্পট নুৰুল ইছলামে ছাত্ৰী খায়ৰুণ নেছাক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰে৷ ঘটনা সংঘটিত কৰিয়েই হত্যাকাৰী লম্পট নুৰুল ইছলাম ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ ইপিনে ছয়গাঁও থানা আৰু জোৰশিমুলী আৰক্ষীৰ উপৰি গৰৈমাৰী ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷ অৱশ্যে হত্যাৰ প্ৰকৃত কাৰণটো আৰক্ষীৰ তদন্ত্ৰৰ পাছত জানিব পৰা যাব।