...

কানৈ মহাবিদ্যালয়ত উপাধ্যক্ষ ড° পাৰ্থ গাংগুলীৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান

কানৈ মহাবিদ্যালয়ত উপাধ্যক্ষ ড° পাৰ্থ গাংগুলীৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান
শিক্ষকৰ প্ৰকৃত সফলতা শ্ৰেণীকোঠাৰ পাঠদানতে সীমাবদ্ধ নাথাকে : অধ্যক্ষ ড° শ‍ইকীয়া
চাইন অন ডেস্ক, ২৯অক্টোবৰ:

এগৰাকী শিক্ষকৰ প্ৰকৃত সফলতা কেৱল শ্ৰেণীকোঠাৰ পাঠদানৰ মাজতে সীমাবদ্ধ নাথাকে, তেওঁৰ জ্ঞান, কর্মনিষ্ঠা, দায়িত্ববোধ আৰু মানৱীয় মূল্যবোধে শিক্ষার্থী তথা সহকৰ্মীসকলৰ মাজত যি ইতিবাচক প্ৰভাৱ পেলায়, সেয়াই তেওঁৰ জীৱনৰ প্ৰকৃত কৃতিত্ব। ডি এইচ এছ কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অৰ্থনীতি বিভাগ আৰু মহাবিদ্যালয় কৰ্তৃপক্ষৰ যৌথ উদ্যোগত মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক তথা উপাধ্যক্ষ ড° পার্থ গাংগুলীৰ বিদায় সম্বর্ধনা অনুষ্ঠানত অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই আদৰণী ভাষণ প্ৰদান কৰি আজি এইদৰে কয়। পুৱা ১০.৩০ বজাৰ পৰা অনুষ্ঠিত অনুষ্ঠানত বিদায়ী অধ্যাপকগৰাকীৰ দীৰ্ঘদিনীয়া কৰ্মজীৱন, শৈক্ষিক অৱদান আৰু মহাবিদ্যালয়খনৰ প্ৰতি আগবঢ়োৱা সেৱাক শ্ৰদ্ধাৰে স্মৰণ কৰি অধ্যক্ষগৰাকীয়ে কয়— ড° গাংগুলীয়ে শিক্ষকতা আৰু প্ৰশাসনিক দায়িত্ব পালনৰ জৰিয়তে মহাবিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ সমৃদ্ধ কৰাৰ লগতে সহকৰ্মীসকলৰ মাজতো এক সুসম্পর্ক গঢ়ি তুলিবলৈ সক্ষম হৈছিল। অধ্যক্ষ ড° শ‍ইকীয়াই তেওঁৰ কৰ্মজীৱনৰ অভিজ্ঞতা আৰু অৱদান মহাবিদ্যালয়খনৰ বাবে সদায় স্মৰণীয় হৈ থাকিব বুলিও আশা প্রকাশ কৰি কয় যে এখন শিক্ষানুষ্ঠানৰ সামগ্রিক বিকাশৰ ক্ষেত্ৰত শিক্ষকসকলৰ নিষ্ঠা, আন্তৰিকতা আৰু দায়িত্বশীল ভূমিকা অতি গুৰুত্বপূৰ্ণ। শিক্ষকতাৰ লগতে প্রশাসনিক দায়িত্ব সুচাৰুৰূপে পালন কৰি ড° গাংগুলীয়ে মহাবিদ্যালয়খনৰ শৈক্ষিক আৰু প্ৰশাসনিক পৰিৱেশ সমৃদ্ধ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। সহকৰ্মীসকলৰ সৈতে সুসম্পর্ক বজাই ৰখাৰ লগতে দায়িত্ব পালনৰ ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা আৰু কৰ্মনিষ্ঠা প্রশংসনীয় বুলিও অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে। অধ্যক্ষগৰাকীয়ে মেট্ৰমেন হিচাপে খ্যাত ৰেল বিষয়া ই শ্ৰীধৰণ, কেন্দ্ৰীয় প্ৰদূষণ ব’ৰ্ডৰ বিষয়া জি ডি আগৰৱাল, ডাক বিভাগৰ বিষয়া ভেংকটৰমন গোপাল কৃষ্ণণে চাকৰিৰ অৱসৰৰ পিছত কেনেকৈ দেশ, সমাজ, জীতিৰ হকে কাম কৰিছিল আৰু পৃথিৱীত ব্যতিক্ৰমী হিচাপে পৰিচয় দিছিল সেই বিষয়ে উল্লেখ কৰি উপাধ্যক্ষ ড° গাংগুলীক তেনে কৰ্মৰে সমাজৰ উত্তৰণৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। অধ্যক্ষগৰাকীয়ে ড° গাংগুলীৰ কৰ্মজীৱনৰ অভিজ্ঞতা, অৱদান আৰু মহাবিদ্যালয়খনৰ সৈতে জড়িত স্মৃতিসমূহ সদায় স্মৰণীয় হৈ থাকিব বুলি আশা প্রকাশ কৰি তেওঁ বিদায়ী অধ্যাপকগৰাকীৰ ভৱিষ্যৎ জীৱনৰ সুখ-শান্তি, সুস্বাস্থ্য আৰু সাফল্য কামনা কৰে। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত ছাত্ৰী পাৰ্লী বৰায়ে বৰগীত পৰিৱেশন কৰি এক আধ্যাত্মিক আৰু গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা ড° ৰূবাব ফাটেমা নমানীয়ে বিদায়ী অধ্যাপকগৰাকীৰ কৰ্মজীৱনৰ বিভিন্ন দিশ স্মৰণ কৰাৰ লগতে সহকৰ্মীসকলৰ সৈতে গঢ়ি উঠা সম্পৰ্ক আৰু শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ গুৰুত্বৰ কথা উল্লেখ কৰে। ছাত্ৰী আদ্রিজা চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত বিদায়ী অধ্যাপক তথা উপাধ্যক্ষ ড° পার্থ গাংগুলীয়ে নিজৰ বক্তব্য প্ৰদান কৰি আৱেগিক হৈ পৰে৷ তেওঁ মহাবিদ্যালয়খনত কৰ্মৰত অৱস্থাত লাভ কৰা সহকৰ্মীসকলৰ সহযোগিতা, ছাত্ৰ-ছাত্ৰীৰ মৰম আৰু মহাবিদ্যালয় কৰ্তৃপক্ষৰ আন্তৰিকতাৰ কথা কৃতজ্ঞতাৰে স্মৰণ কৰে। কৰ্মজীৱনৰ বিভিন্ন অভিজ্ঞতা আৰু স্মৃতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে— এখন শিক্ষানুষ্ঠানৰ সৈতে জড়িত হৈ থকা সময়ছোৱা কেৱল চাকৰিৰ সময় নহয়, বৰঞ্চ ই জীৱনৰ এক মূল্যৱান অধ্যায়। এই সময়ছোৱাত লাভ কৰা অভিজ্ঞতা, সহকৰ্মীসকলৰ সৈতে গঢ়ি উঠা সম্পৰ্ক আৰু শিক্ষাৰ্থীসকলৰ সৈতে ভাগ-বতৰা কৰা মূহুৰ্তসমূহে জীৱনক সমৃদ্ধ কৰে। মহাবিদ্যালয়খনৰ সৈতে জড়িত স্মৃতিসমূহ তেওঁৰ মনত সদায় সজীৱ হৈ থাকিব বুলি উল্লেখ কৰি তেওঁ সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে মহাবিদ্যালয়খনৰ শৈক্ষিক উত্তৰণ আৰু ভৱিষ্যৎ সাফল্যৰ বাবে শুভকামনা জনায়। আর্থনীতি বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে গীত পৰিৱেশনেৰে জীপাল কৰি তোলা অনুষ্ঠানটিত মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা অর্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° আতিকুদ্দিন আহমেদ, অর্থনীতি বিভাগৰ প্ৰাক্তন অধ্যাপিকা ড° জয়শ্রী কোঁৱৰ, ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা তথা ড° গাংগুলীৰ সহধর্মীনি ড° মধুমিতা পুকায়স্থ, পৰীক্ষা সমূহৰ নিয়ন্ত্ৰক ড° মৃদুল শৰ্মা, শৈক্ষিক পৰিষদৰ সদস্য সচিব ড° জ্যোতি প্ৰসাদ ফুকন, আভ্যন্তৰীণ মান নির্ণায়ক কোষৰ সমন্বয়ক ড° দীপংকজ গগৈয়ে বিদায়ী অধ্যাপকগৰাকীৰ কৰ্মজীৱনৰ বিভিন্ন দিশ আলোকপাত কৰে ৷ উল্লেখ্য যে বিদায়ী প্রার্থী ড° গাংগুলীক মহাবিদ্যালয় কর্তৃপক্ষ, অর্থনীতি বিভাগ আৰু অন্যান্য বিভাগৰ লগতে কৰ্মচাৰী আৰু ছাত্র-ছাত্রীসকলে ফুলাম গামোছা, চেলেং চাদৰ, সম্বৰ্ধনা পত্ৰ, শৰাই আদিৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি ভালেসংখ্যক অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *