“ড্রাগছ আসক্তি সামাজিক সমস্যা, ইয়াক নির্মূল কৰিবলৈ সমাজ আগবাঢ়ি আহিব লাগে”
ডিব্ৰুগড় জিলা আইনী সেৱা প্ৰাধিকৰণৰ ড্ৰাগছ বিৰোধী সজাগতা সভা
*চাইন অন ডেস্ক:*
ডিব্ৰুগড়ত একাংশ অঞ্চলত বিগত কিছু বছৰৰ পৰা ড্ৰাগছৰ এক ৰমৰমীয়া ব্যৱসায় গঢ়ি উঠিছে। যাৰ ফলত সামাজিক বাতাৱৰণৰ শৃংখলা বিঘ্নীত হোৱাৰ লগতে উঠি অহা প্রজন্মলৈ ভাবুকি আহিছে। আনহাতে জিলা প্ৰশাসনে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই সৰবৰাহকাৰী, সেৱনকাৰী আদি আটক কৰি আহিছে যদিও সামাজিক ব্যাধিটো হ্রাস হোৱা পৰিলক্ষিত হোৱা নাই। নিচাৰ এই মাৰাত্মক প্ৰাদূৰ্ভাৱ সকলোতে বিয়পি পৰাৰ সময়তে ডিব্ৰুগড় জিলা আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত আমোলাপট্ৰি মধ্য অসমীয়া বিদ্যালয় মোহনাঘাটত এক সজাগতা সভা “ডন-ড্রাগ সজাগতা আৰু সুস্থতা নেভিগেচনৰ বাবে… এ ড্ৰাগছ ফ্ৰী ভাৰত) আঁচনি, ২০২৫- শীর্ষক সজাগতা সভা সম্পন্ন হয়। স্থানীয় পি.এল.ভি. কৰ্মী প্ৰশান্ত শইকীয়াই আতঁধৰা সভাত কেইবাগৰাকীও সন্মানীয় ব্যক্তিৰ লগতে ডিব্ৰুগড় জিলা আইনী সেৱা প্ৰাধিকৰণৰ বিষয়া অভিজিৎ শইকীয়া উপস্থিত থাকে।এই সভাত সমল ব্যক্তিৰূপে ডিব্রু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত 

সভাত সন্মানীয় অতিথি ৰূপে উপস্থিত থাকি আমোলাপট্টি মধ্য অসমীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন ফুকনে ড্ৰাগছৰ ভয়াবহতাৰ আৰু নিৰ্মুলতাৰ সন্দৰ্ভত শিশুৰ পৰাই সজাগতা বৃদ্ধি কৰিব লাগিব বুলি কয়। লগতে ডিব্ৰুগড় জিলা আইনী সেৱা প্ৰাধিকৰণে শিক্ষানুষ্ঠান সমুহত এনেদৰে সজাগতা সভা অনুষ্ঠিত কৰি যোগাত্মক পদক্ষেপ গ্ৰহণ কৰা বুলি কয়।সভাত অধ্যাপিকা অৰ্পিতা সিনহা, সাংবাদিক -লেখক জ্যোতিষ পাতিৰ সহ আন কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে। উক্ত সভাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এই ব্যাধি 