...
Spread the love

 

 

জুবিনৰ ন্যায় বিচাৰি ডিব্ৰুগড়ৰ ৰাজপথত দুই সহস্ৰাধিক শিক্ষাৰ্থী

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে কঁপাই তুলিল চৌদিশ

 

 

চাইন অন ডেস্ক:

হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ডিব্ৰুগড়ৰ ৰাজপথত নামিল ছাত্র সমাজ। ছিংগাপুৰত ৰহস্যজনকভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ অতিক্ৰম কৰাৰ পাছতো জুবিনৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিব নোৱাৰাক লৈ বৃহস্পতিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ’ৰাৰ পৰা আমোলাপট্টিলৈকে হাতে হাতে মমশিখা লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সভাপতি আশীষ ভূষণ গগৈ আৰু সাধাৰণ সম্পাদক মাধুৰ্য বৰাৰ নেতৃত্বত ৰূপায়ন কৰা

প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় দুই সহস্ৰাধিক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী ছাত্র-ছাত্ৰীসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সভাপতি আশীষ ভূষণ গগৈয়ে ক্ষোভ প্ৰকাশ কৰি কয়, আমাৰ স্পষ্ট কথা, জুবিন গাৰ্গে ন্যায় পাব লাগিব। জুবিন গাৰ্গৰ গীতসমূস কিদৰে সংৰক্ষণ কৰিম, জুবিনক কেনেকৈ সমগ্ৰ বিশ্বত পুনৰবাৰ উজ্বলাই তুলিম সেইখিনি চৰ্চা কৰাৰ পৰিৱৰ্তে অতি দুৰ্ভাগ্যজনকভাৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিবলগীয়া হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই জটিল সময়খিনিত নৱম-দশম শ্ৰেণীৰ ছাত্র-ছাত্ৰীৰ দৰে কথা নক’ব। নিম্নস্তৰৰ কথা-বতৰাবোৰ পিছত পাতিব, এতিয়া জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ ব্যৱস্থা কৰক। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আমি জাগি থাকিম। ইফালে স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক মাধুৰ্য বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয়, চৰকাৰে যদি ৰাজনীতি কৰে তেনেহ’লে উন্নয়নৰ ৰাজনীতি কৰক, বিশ্ববিদ্যালয়ৰ আন্তগাথনি উন্নয়নৰ বাবে ৰাজনীতি কৰক। জুবিন গাৰ্গৰ নামত ৰাজনীতি গ্ৰহণযোগ্য নহয়। জুবিন গাৰ্গৰ ন্যায় ব্যৱস্থা ক্ষীপ্ৰতাৰে হ’ব লাগিব। জুবিন গাৰ্গৰ ন্যায়ৰ নামত ৰাজনীতি এজেণ্ডা কাম্য নহয়। এনেবোৰ নিঃকৃষ্ট ৰাজনীতি এৰি জুবিনক ন্যায় প্ৰদান কৰাৰ কামত গুৰুত্ব দিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে, আজি প্ৰতিবাদকাৰীসকলে হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত জড়িতসকলক শীঘ্ৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে। এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল স্তব্ধ হৈ পৰে। সন্ধিয়াৰ ভাগত ৰূপায়ন কৰা প্ৰতিবাদত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে মূতায়েন জিলা প্ৰশাসনে বিশাল আৰক্ষী-অৰ্ধসামৰিকবাহিনীৰ দল মোতায়েন কৰা পৰিলক্ষিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *