...

ডিব্ৰুগড়ৰ মোহনবাৰী বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিব্ৰুগড়ৰ মোহনবাৰী বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা

ঘটনাস্থলীত এজনৰ কৰুণ মৃত্যু

চাইন অন ডেস্ক,২৯ছেপ্তেম্বৰঃ

লাহোৱালৰ মোহনবাৰী বাইপাছত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী মাৰুতী বাহনখনে চাইকেল আৰোহীক মহটিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে এজন লোকৰ কৰুণ মৃত্যু ঘটে আৰু আন এজন যুৱক গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত খবৰ অনুসৰি, এএছ ২৩ এএম ৩৪৪৫ নম্বৰৰ এখন মাৰুতী আল্ট্ৰা কে-টেন বাহন তিনিচুকীয়া দিশৰ পৰা দ্ৰুতগতিত আহি আছিল। ঠিক সেই সময়তে মোহনবাৰী বাইপাছৰ সমীপত চাইকেলেৰে যাত্ৰা কৰি থকা দুজন যুৱকক বাহনখনে পিছফালৰ পৰা তীব্ৰবেগত মহতীয়াই নিয়ে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে এজন চাইকেল আৰোহীৰ ঘটনাস্থলীতেই মৃত্যুক আকোৱালি লয়৷ ইফালে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা আনজন যুৱকক স্থানীয় লোক আৰু আৰক্ষীৰ সহযোগত তাৎক্ষণিকভাৱে উদ্ধাৰ কৰি অতি সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান তেওঁৰ অৱস্থা অতিশয় সংকটজনক বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগেই মোহনবাৰী আৰক্ষী চকীৰ এটা দল তত্ক্ষণাত ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনি উদ্ধাৰ কার্য চলায়। আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা মাৰুতী বাহনখন জব্দ কৰাৰ লগতে ইয়াৰ চালকজনৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে। বৰ্তমানলৈকে নিহত তথা আহত যুৱক দুজনৰ প্ৰকৃত পৰিচয় লাভ কৰা হোৱা নাই যদিও আৰক্ষীয়ে তেওঁলোকৰ পৰিচয় উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই মৰ্মান্তিক দুৰ্ঘটনাই স্থানীয় অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *