...

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱস সম্পন্ন।

Spread the love

 

 

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱস সম্পন্ন।

 

 

সাংবাদিক কনৌজ শইকীয়ালৈ শিক্ষাবিদ অশোক বৰগোহাঞি সাংবাদিকতা বঁটা।
সাংবাদিক সন্তান শুভাংকৰ দুৱৰা আৰু প্ৰিয়ানুজ শইকীয়াক সম্বৰ্ধনা।

চাইন অন ডেস্ক:

সমাজৰ মংগলৰ বাবে প্ৰহৰী হিচাপে দায়িত্ব পালন কৰিব লাগিব সাংবাদিকে। সামাজিক মাধ্যমত অপসংস্কৃতি বিয়পোৱা লোকৰ ওপৰত নজৰ দিয়াৰ দায়িত্বও সাংবাদিকৰ। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ একবিংশতিতম্ প্রতিষ্ঠা দিবসত মুখ্য অতিথি হিচাপে যোৱা ১৪ আগষ্টত অংশগ্রহণ কৰি শক্তিমন্ত্রী প্রশান্ত ফুকনে এইদবে কয়। ভাষণত ফুকনে ডিব্রুগড়ত এই সাংবাদিক সংগঠনটোৰ ভূমিকাৰ কথা উল্লেখ কৰি কয় যে সংগঠনটোরে এক ব্যতিক্রমী যাত্রা অব্যাহত ৰাখিছে। মানুহৰ মনৰ কথা ক’বলৈ প্রতিজন সদস্যই সংবাদ মাধ্যমৰ জড়িয়তে চেষ্টা কৰি আহিছে। সাংবাদিক সংগঠন যদিও সংগঠনটোৱে মানুহৰ দুৰ্যোগৰ সময়ত দুৰ্যোগৰ বাতৰি পৰিবেশন কৰি ক্ষান্ত থকা নাই। দুৰ্যোগত সৰ্বশ্ৰান্ত হোৱা লোকক বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ দৰে কাৰ্যসূচী তথা সামাজিক, সাংস্কৃতিক, ক্ৰীড়া, শৈক্ষিক আদি কাৰ্যসূচী গ্ৰহণ কৰি সমাজলৈ বাৰ্তা দি আহিছে।

 

সম্পাদক ৰাতুল বুঢ়াগোহাঁয়ে আঁত ধৰা ডিব্ৰুগড় সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা বঁটা প্ৰদান, সম্বৰ্ধনা আৰু মুকলি সভাত সাংবাদিক সংগঠন টোৱে প্ৰতিবছৰে প্ৰদান কৰি অহা শিক্ষাবিদ অশোক বৰগোহাঞি সোঁৱৰণি সাংবাদিকতা বঁটা এইবাৰ ডিব্ৰুগড়ৰ লাহোৱালৰ জেষ্ঠ সাংবাদিক তথা ১৯৯৬ চনৰ পৰা সাংবাদিকতা কৰা লগতে কেইবাখনো গ্ৰন্থ ৰচনা কৰা অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক কনৌজ শইকীয়ালৈ প্রদান কৰা হয়। বঁটাত নগদ ধন, অংগবস্তু, পিতলৰ জাপি, প্রশস্তি-পত্র আৰু এটি স্মাৰক। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে বিশিষ্ট সমাজকর্মী জ্যোতিপ্রসাদ কানৈয়ে। জ্যোতি প্ৰসাদ কানৈয়ে উদ্বোধনী ভাষণত দেশৰ বহু সাংবাদিক গোষ্ঠী কৰ্প’ৰেট গোষ্ঠীৰ কবলত পৰি ইনভেষ্টিকেশ্বন জাৰ্নেলিজিম’ পৰা আঁতৰি অহা বুলি কয়।দেশত এতিয়াও দূৰ্নীতি হৈছে, দূৰ্নীতিৰ বাতৰি উলাইছে। কিন্তু দূৰ্নীতিৰ মূল উৎস সন্দৰ্ভত সাংবাদিকে তদন্ত তথা ইনভেষ্টিকেশ্বন কৰি ইয়াৰ শিপা উলিওৱাত সাংবাদিক সকল ব্যৰ্থ হোৱা বুলি কয়।

 

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ মাজতে
পত্ৰিকা সম্পাদক যাদৱ গগৈয়ে আঁত ধৰা অনুষ্ঠানত দুজন সাংবাদিকৰ কৃ্তিমান দুই পুত্ৰক অভিনন্দন তথা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। জেষ্ঠ সাংবাদিক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপ-সভাপতি বিভাস দুৱৰাৰ সু-পুত্ৰ শুভাংকৰ দুৱৰা , আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক কাৰ্যকৰী সভাপতি ড° শশীকান্ত শইকীয়াৰ মেধাৱী পুত্ৰ প্ৰীয়ানুজ শইকীয়াক অংগবস্ত,পিটলৰ জাপি,স্মাৰক আদিয়ে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

মুকলি সভাত বিশিষ্ট অতিথি হিচাপে জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট সাহিত্যিক ড০ শশীকান্ত শইকীয়া, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীব কাকতি, ডিব্ৰুগড় পশ্চিম ৰাজহ চক্রৰ চক্র বিষয়া সমুজ্জ্বল বৰা, আৰ কে জুনিয়ৰ কলেজৰ অধ্যক্ষ, বিশিষ্ট সমাজকৰ্মী বিকাশ গগৈ, মটক স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী ডেভিদ চেতিয়া, ডিব্ৰুগড় উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, বিশিষ্ট সমাজকর্মী কুশল কোঁৱৰ, বৃহত্তৰ প্ৰেছ ক্লাবৰ প্রতিষ্ঠাপক সভাপতি বাজীৱ বৰগোহাঞি, প্রাক্তন সাধাৰণ সম্পাদক তথা অনিৰুদ্ধদেৱ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণজ্যোতি সন্দিকৈ, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপদেষ্টা তথা কানৈ মহিলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপ ড০ লোহিত শইকীয়া, ডিব্রুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি বিপিন শৰ্মা, বৰবৰুৱা প্ৰেছ ক্লাবৰ সভাপতি মনোৰঞ্জন হাজৰিকা, লাহোৱাল গেছ ক্লাবৰ সভাপতি হোমেন ফুকন, সম্পাদক দিবাকৰ দত্ত, খোৱাং প্ৰেছ ক্লাবৰ সভাপতি বাবুল সোনোৱাল, সম্পাদক প্ৰণৱ ডেকা বৰুৱা,
অৱসৰপ্ৰাপ্ত অধ্যাপক ভূপেশ ভাগবতী, বিশিষ্ট সমাজকৰ্মী পৰাগজ্যোতি দত্ত,অসম লেখিকা সন্হাৰ প্ৰধান সম্পাদক উদয়ন্তী হাজৰিকা দত্ত, ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱাসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

অনুষ্ঠানত বিশিষ্ট অনাতাঁৰ শিল্পী ভুবন গগৈ পৰিচালনাত দলীয় গীত,লোকবাদ্য সাধক জিতেন দাসৰ পৰিচালনাত দিহানাম আৰু নৃত্যগুৰু ৰবী গগৈ সন্দিকৈৰ পৰিচালনাত জনগোষ্ঠীয় দলীয় নৃত্য আৰু দেশপ্ৰেমমূলক দলীয় নৃত্য প্ৰদৰ্শন কৰি কাৰ্যসূচীৰ সৌষ্ঠৱ বৃদ্ধি কৰি তোলে। আনহাতে উদীয়মান গায়ক ৰতন গগৈ কণ্ঠত কেইবাটাও গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।পুৱা সহকাৰী সম্পাদক মুক্তামণি হাজৰিকাই আঁত ধৰা অনুষ্ঠানত সভাপতি মনজিৎ বৰাই ক্লাবৰ পতাকা আৰু কাৰ্যকৰী সভাপতি ৰতন হাজৰিকাই ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত স্মৃতি তৰ্পণ কৰে সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে।

 

 

আনহাতে উপ-সভাপতি বিভাস দুৱৰা আৰু উপদেষ্টা ড° লোহিত শইকীয়াই একোটাকৈ সোণাৰু গছৰ পুলি ৰূপন কৰে। আনহাতে পুৱাৰ ভাগত সাহিত্য সভা ভৱনৰ কাৰ্যালয় প্ৰেক্ষাগৃহত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ এক বিশেষ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। প্ৰতিনিধি সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা লগতে ক্লাবলৈ নতুনকৈ অহা তিনিজন সাংবাদিক ক্ৰমে শান্তনু গগৈ,আতিকুৰ ৰহমান আৰু প্ৰশান্ত শইকীয়াক আদৰণি জনোৱা হয়। প্ৰতিনিধি সভাৰ পাছতে অনুষ্ঠিত হোৱা সাংবাদিক সন্মিলনত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক অন্যতম সদস্য তথা শিক্ষক চন্দন ফুকন উপস্থিত থাকি বক্তব্য ৰাখে।

 

সাংবাদিক সংগঠনটোৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত লেখিকা অৰ্পনা ফুকন দাস,কবি অনুপম মহন্ত, সাংস্কৃতিক কৰ্মী ভাৰতী দুৱৰা বৰুৱা, ক্ৰীড়া সংগঠক সমাজকৰ্মী অঞ্জন চেতিয়া,স্মাইল সামাজিক সংগঠনৰ সুনীল গাৰোদীয়া, কুশল হাজৰিকা,জেষ্ঠ সাংবাদিক দেৱজিৎ চুতীয়া,মনোজ পাণ্ডে,টাই আহোম যুৱ পৰিষদৰ ডিব্ৰুগড় জিলা সভাপতি দীপাংকৰ দুৱৰা, সাক্ষৰজ্যোতি বৰগোহাঁই,প্ৰণৱ শইকীয়াকে প্ৰমুখ্যে তিনি শতাধিক লোক উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *