Skip to content ডিব্ৰুগড় কানৈ বাণিজ্য মহাবিদ্যালয়ত গণশিল্পী জুবিন গাৰ্গক সুঁৱৰণ
“মহানায়কৰ প্ৰতিধ্বনি” শীৰ্ষক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন
চাইন অন ডেস্কঃ
ডিব্ৰুগড়ৰ বাণিজ্য শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান কানৈ বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত জ্যোতি প্ৰসাদ আগৰৱালা প্ৰেক্ষাগৃহত সদ্যপ্ৰয়াত গণশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ “মহানায়কৰ প্ৰতিধ্বনি” শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়দেব গগৈয়ে মাল্যাৰ্পন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সহযোগ কৰে মহাবিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰীবৃন্দ তথা ছাত্ৰ ছাত্ৰী সকলে। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই প্ৰস্তুত কৰি উলিওৱা গণকণ্ঠ জুবিন গাৰ্গৰ জীৱনৰ ওপৰত আধাৰিত এখনি তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানতে কিংবদন্তি শিল্পী গৰাকীৰ প্রতি শ্ৰদ্ধা আৰু মৰম প্ৰকাশ কৰি অধ্যক্ষ ড০ গগৈয়ে জুবিনৰ আদৰ্শৰে সকলো ছাত্ৰ ছাত্ৰীক অনুপ্ৰাণিতহৈ আগবাঢ়ি যাবলৈ উদ্গনি জনায়। প্ৰয়াত শিল্পী গৰাকীক স্মৰণ কৰি অধ্যক্ষ গৰাকীয়ে তেওঁৰ ভাল লগা জুবিনৰ এটা গীতো পৰিবেশন কৰে। মহাবিদ্যালয়ৰ কেইবাজনো শিক্ষক তথা কৰ্মচাৰীয়ে জুবিনৰ উল্লেখযোগ্য কৰ্মৰাজীৰ খতিয়ান দাঙি ধৰাৰ লগতে কবিতা আৰু গীতেৰে যুৱ প্ৰজন্মৰ স্পন্দন গৰাকীক শ্ৰদ্ধা নিবেদন কৰে। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলেও জুবিনৰ সৃষ্টিৰাজিক সুঁৱৰি নিজৰ বক্তৃতা প্ৰদান কৰাৰ লগতে জুবিনৰ গীতেৰে অশ্ৰুশিক্ত এক পৰিবেশৰ সৃষ্টি কৰে। ছাত্ৰ একতা সভাৰ সদস্যা প্ৰীতি গগৈয়ে আঁতধৰা অনুষ্ঠানটোৰ শেষত মহাবিদ্যালয়ৰ পৰিয়ালৰ সকলো সদস্যই জুবিন গাৰ্গক সুঁৱৰি “মায়াবিনি” শীৰ্ষক গীতটো সমস্বৰে পৰিৱেশন কৰে। মহাবিদ্যালয়ৰ সমূহ অধ্যাপক, কাৰ্য্যালয়ৰ কৰ্মচাৰীসহ দুশৰো অধিক ছাত্ৰ ছাত্ৰী উপস্থিত থকা অনুষ্ঠানটোৰ শেষত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ গগৈয়ে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি তথা শ্ৰদ্ধাঞ্জলি জনোৱা ঠাইখিনি সন্মান সহকাৰে ৰাখিবলৈ ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনায়। অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ নৱজ্যোতি দত্তই মহাবিদ্যালয়ৰ পৰিয়ালৰ সকলো সদস্যৰহৈ জুবিন গাৰ্গৰ এক প্ৰতিমূৰ্তি মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত স্থাপন কৰিবৰ কাৰণে অধ্যক্ষক অনুৰোধ জনায়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শেষত ছাত্ৰ একতা সভাৰ উদ্যোগত প্ৰকৃতি প্ৰেমী শিল্পী গৰাকীৰ স্মৃতিক জীয়াই ৰাখিবলৈ গছপুলি ৰোপণ কৰা হয়।
Like this:
Like Loading...