...

থলুৱা কৃষ্টি-সংস্কৃতিৰ অপূৰ্ব মিলনভূমিত পৰিণত ঢকুৱাখনা মহাবিদ্যালয়

Spread the love

থলুৱা কৃষ্টি-সংস্কৃতিৰ অপূৰ্ব মিলনভূমিত পৰিণত ঢকুৱাখনা মহাবিদ্যালয়

বিহুৰ প্ৰাকক্ষণত মহাবিদ্যালয়ৰ বাকৰিত গুৰু-শিষ্যৰ বিহু পৰিৱেশন

ঢকুৱাখনা:

বসন্তৰ বা-জাকে উন্মনা কৰিছে অসমীয়াৰ মন। পদূলিমুখত অসমীয়াৰ প্ৰাণৰ বহাগ বিহু।বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ সাজু প্ৰতিজন অসমীয়া।বিহুৰ প্ৰাকক্ষণত ঢোলৰ গুমগুমনি-পেঁপাৰ তিহিটি মাতত মুখৰ হৈ পৰিল উত্তৰ অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ৰ বাকৰি। অসমৰ জাতীয় ঐতিহ্য আৰু খিলঞ্জীয়া সাংস্কৃতিক বৈচিত্ৰ্য ৰক্ষা তথা নতুন প্ৰজন্মৰ মাজত ইয়াৰ সংবৰ্দ্ধনৰ লক্ষ্যৰে শনিবাৰে ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত) প্ৰাংগনত ‘পৰম্পৰাৰ এটা দিন’ শীৰ্ষক এক বৰ্ণিল অনুষ্ঠানৰ। পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি ওলাই আহে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰাক্তন শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়ত্ৰী, অভিভাৱক আৰু শুভাকাংক্ষীসকল।মহাবিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত আৰু ছাত্ৰ একতা সভাৰ সহযোগত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° যোগানন্দ সূতে আদৰণী ভাষণ আগবঢ়াই অনুষ্ঠানৰ তাৎপৰ্য ব্যাখ্যা কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমীয়া কলা-কৃষ্টিৰ নীৰৱ সাধনা কৰি অহা ঢকুৱাখনাৰ চাৰিগৰাকী বিশিষ্ট লোকশিল্পী ক্ৰমে সত্ৰীয়া সাধক অঞ্জনা গগৈ, মিচিং লোককৃষ্টিকাৰ সৰ্বেশ্বৰী পেগু, খোলবাদক গগণ দাস আৰু বাঁহীবাদক দিব্যজ্যোতি চুতীয়াক মহাবিদ্যালয়ৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। লোকসংস্কৃতিৰ প্ৰতি তেওঁলোকৰ অৱদানক উপস্থিত সকলোৱে শ্ৰদ্ধাৰে স্বীকৃতি প্ৰদান কৰে। মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক মনোৰঞ্জন বৰদলৈ আৰু টবেন্দ্ৰ নাথ দাসে আঁতধৰাঅনুস্থানত বিহু আৰু প্ৰকৃতিৰ অপূৰ্ব সম্পৰ্কৰ দোহাই দি মহাবিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ সহযোগী অধ্যাপক ড° নৰেন্দ্ৰ দাসে মহাবিদ্যালয় চৌহদত কপৌফুল ৰোপণ কৰে। ব’হাগৰ উমাল আদৰণিৰ লগতে অসমীয়া লোক-সংস্কৃতিৰ এক বিৰল প্ৰতিফলনেৰে জীপাল হৈ উঠা মহাবিদ্যালয়ৰ চৌহদত ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰা পৰম্পৰাগত পিঠা-পনা আৰু থলুৱা সামগ্ৰীৰ বিপনীসমূহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক ইন্দিবৰ বুঢ়াগোহাঞিয়ে।এক উছৱ মুখৰ পৰিৱেশৰ মাজত ছাত্ৰ-ছাত্ৰী সকলেও নিজেই প্ৰস্তুত কৰা চাদৰ-মেখেলা, গামোচা আদি পৰম্পৰাগত বস্ত্ৰৰ বিক্ৰীৰ ব্যৱস্থা কৰে।বিহুৰ মাদকতাৰে ভৰা এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰম্পৰাগত খেল-ধেমালি,জেং বিহু প্ৰতিযোগিতাও অনুষ্ঠিত হয়। কাৰ্য্যসূচীৰ শেষত মহাবিদ্যালয়ৰ চৌহদত বিহু মাৰি আনন্দত মতলীয়া হয় অধ্যাপক-অধ্যাপিকা আৰু শিক্ষাৰ্থীসকল।অসমীয়া কৃষ্টি সংস্কৃতি প্ৰসাৰৰ বাবে মহাবিদ্যালয়খনত প্ৰতি বছৰে পালন কৰি অহা এনে প্ৰসংশনীয় কাৰ্য্যৰ শলাগ লয় সচেতন মহলে।অসমৰ জাতীয় ঐতিহ্য আৰু খিলঞ্জীয়া সাংস্কৃতিক বৈচিত্ৰ্য ৰক্ষা তথা নতুন প্ৰজন্মৰ মাজত ইয়াৰ সংবৰ্দ্ধনৰ লক্ষ্যৰে এনেধৰণৰ জাতীয় সাংস্কৃতিক ঐতিহ্য অব্যাহত ৰখাৰ ক্ষেত্ৰত অনাগত দিনটো এনেধৰণৰ কাৰ্যসূচী চলি থাকিব বুলি ‘পৰম্পৰাৰ এটা দিন’ শীৰ্ষক অনুষ্ঠানৰ সমন্বয়ক তথা অধ্যাপিকা গীতাৰ্থী বৰগোহাঁইয়ে সংবাদমাধ্যমৰ আগত অৱগত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *