ডিডিআৰ কলেজত ‘বিশ্ব খিলঞ্জীয়াৰ আন্তৰাষ্ট্ৰীয় দিৱস’
চাইন অন ডেস্ক:

উক্ত অনুষ্ঠানত অনলাইন বক্তৃতা প্ৰদান কৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ চেল ফ’ৰ দ্য ষ্টাডী অফ চ’চিয়েল ষ্টাডিজ, স্কুল অফ চ’চিয়েল চাইন্সৰ সহকাৰী অধ্যাপক ড০ ফিৰমি বড়োৱে । ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰণেন্দ্ৰ খাউণ্ডে আঁত ধৰা উক্ত অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অধ্যাপক তথা ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী লক্ষীনন্দন বৰগোহাঞিয়ে।
মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰদীপ বড়াই উদ্বোধনী ভাষণত এই দিৱস উদযাপনৰ প্ৰাসঙ্গিকতা সম্পৰ্কে উল্লেখ কৰে। মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা বুৰঞ্জী বিভাগৰ অধ্যাপক ড০ ননীৰূপা চেতিয়াই তেওঁৰ ভাষণত খিলঞ্জীয়াৰ বৈশিষ্ট্য তথা তেওঁলোকৰ সমস্যা সম্পৰ্কে সংক্ষিপ্তভাৱে ব্যক্ত কৰে। সমল ব্যক্তি ড০ ফিৰমি বড়োৱে ‘ৰিথিংকিং ইণ্ডিজিনিটী থ্ৰ’ লোকেল ৱৰ্ল্ড ভিউজ’ শীৰ্ষক এটি গৱেষণামূলক বক্তৃতা প্ৰদান কৰে।
অনুষ্ঠানৰ শেষভাগত ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক মিনাক্ষী দত্তই প্ৰশ্নোত্তৰ শিতানত কেতবোৰ প্ৰশ্ন উত্থাপন কৰে আৰু সমল ব্যক্তিয়ে তাৰ উত্তৰ প্ৰদান কৰে। মহাবিদ্যালয়ৰ প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰীয়ে ভাগ লোৱা এই অনুষ্ঠানত বুৰঞ্জী বিভাগৰ মুৰব্বী ড০ জুৰি শইকীয়া আৰু প্ৰবক্তা প্ৰিয়ঙ্কা গগৈয়ে অংশগ্ৰহণ কৰে। ডি ডি আৰ কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক চন্দ্ৰ সেনাপতিয়েও এই অনুষ্ঠানত ভাগ লয়। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ তথা ডি ডি আৰ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক আৰু কেইবাখনো কলেজৰ অধ্যাপকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।