...

আজিৰে পৰা তৃতীয় টেষ্ট: সালসলনি ঘটিব ভাৰতীয় দলত

Spread the love

 

 

আজিৰে পৰা তৃতীয় টেষ্ট: সালসলনি ঘটিব ভাৰতীয় দলত

 

লৰ্ডছত ইংৰাজৰ প্ৰত্যাহ্বান গ্ৰহণৰ বাবে সাজু গিল বাহিনী
এতিয়ালৈকে ১৯খন টেষ্টত অংশগ্ৰহণ কৰি মাত্র ৩খনতহে ভাৰতে জয়লাভ কৰিছে


লর্ডছ:

হেডিংলেত পৰাজয় আৰু বার্মিংহামত ঐতিহাসিক জয়। ঘৰুৱা দল ইংলেণ্ডৰ বিৰুদ্ধে খেলি থকা এণ্ডাৰছন-তেন্ডুলকাৰ টুফী পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোত ১-১ত সমতা স্থাপন ভাৰতৰ। বার্মিংহামত জয় ভাৰতৰ বাবে আছিল এক ইতিহাস।কিয়নো ইয়াৰ পূৰ্বে এইখন খেলপথাৰত ভাৰতে কেতিয়াও টেষ্ট মেচত জয়লাভৰো নাছিল।

এইবাৰ যুঁজ ক্ৰিকেটৰ মক্কা লৰ্ডছত। শৃংখলাৰ তৃতীয়খন টেষ্ট আজিৰ পৰা সেউজ ঘাঁহনিৰে ভৰপূৰ লৰ্ডছত আৰম্ভ হ’ব। কিন্তু টেষ্ট ক্রিকেটত লৰ্ডছ ভাৰতৰ বাবে একেবাবে সহজ ক্ষেত্র নহয়।

এই পর্যন্ত ১৫গৰাকী ভাৰতীয়
অধিনায়কে লর্ডছত খেলিছে যদিও ইয়াৰে ১২জন অধিনায়কেই বিজয় সাব্যস্ত কৰাত ব্যর্থ হৈছে। অর্থাৎ এতিয়ালৈকে মাত্র ৩জন ভাৰতীয় অধিনায়কে লর্ডছত
টেষ্ট জয়ৰ সোৱাদ ল’বলৈ সক্ষম হৈছে।লৰ্ডছত প্ৰথমবাৰৰ বাবে অধিনায়ক হিচাপে খেলিব শুভমন গিল।এনে পৰিস্থিতিত তেওঁৰ বাবে প্রত্যাহ্বান আৰু বেছি। ভাৰতীয় দলটোৱে ১৯৩২ চনৰ পৰা লৰ্ডছত টেষ্ট মেচ খেলি আহিছে আৰু এতিয়ালৈকে ১৯খন টেষ্টত অংশগ্ৰহণ কৰি মাত্র ৩খনতহে জয়লাভ কৰিছে।১২খনত পৰাজয়ৰ সম্মুখীন হোৱাৰ বিপৰীতে ৪খন টেষ্ট ডুবে পৰিসমাপ্তি ঘটিছিল।

বার্মিংহাম টেষ্টত ঐতিহাসিক
জয়লাভ কৰি আত্মবিশ্বাস তুংগত থকা শুভমন গিল বাহিনীয়ে লৰ্ডছত ইংৰাজ বাহিনীৰ প্ৰত্যাহ্বান গ্রহণ কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে। অৱশ্যে লর্ডছ টেষ্টত ভাৰতীয় দলটোৰ কিছু সালসলনি হোৱাটো খাটাং। অধিনায়ক গিল আৰু মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে মূল একাদশত সালসলনি ঘটোৱাটো এক প্রকাৰ নিশ্চিত।

গুৰুত্বপূর্ণ লর্ডছ টেষ্টত অভিজ্ঞসম্পন্ন পেচ বলাৰ যশপ্রীত বুমৰাহে মূল একাদশত স্থান লাভ কৰাটো নিশ্চিত। লৰ্ডছৰ উইকেট পেচ বলাৰৰ সহায়ক হোৱা বাবে বুমৰাহে ভাৰতীয় দলটোলৈ প্রত্যাৱর্তন কৰিব। বুমৰাহৰ প্ৰত্যাৱৰ্তনত মূল একাদশৰ পৰা বাহিৰ হ’ব পেচ বলাৰ প্রসিদ্ধ কৃষ্ণ।

ইপিনে আজিৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্টখনত নীতিশ কুমাৰ বেড্ডী বাদ পৰাৰ পূৰ্ণ সম্ভাবনা আছে। নীতিশৰ স্থানত পিচৰ আচৰণৰ প্ৰতি লক্ষ্য ৰাখি শার্দুল ঠাকুবক মূল মূল একাদশত অন্তর্ভুক্ত কৰাব সম্ভাৱনা আছে। লর্ডছৰ পিটচত শার্দুল টীম ইণ্ডিয়াৰ বাবে বলিঙত অধিক কার্যকৰী প্রমাণিত হ’ব পাৰে। বার্মিংহাম টেষ্টত ভাৰতীয় দলৰ জয়ত অন্যতম ভূমিকা পালন কৰা পেচ বলাৰ আকাশ দীপে লর্ডছ টেষ্টত মূল একাদশত স্থান লাভ কৰাটো নিশ্চিত। লর্ডছ টেষ্টত বিজয় সাব্যস্ত কৰি শৃংখলাত ২-১ৰ অগ্রগতি লোৱাৰ লক্ষ্য লৈছে ভাৰতীয় দলটোৱে।
খেলৰ সময় দিনৰ ৩.৩০ বজাৰ পৰা।

Leave a Reply

Your email address will not be published. Required fields are marked *