...

ডিব্ৰুগড়ত “কা” আইনৰ আদেশৰ প্ৰতিলিপি দাহ আছুৰ

Spread the love

ডিব্ৰুগড়ত “কা” আইনৰ আদেশৰ প্ৰতিলিপি দাহ আছুৰ

চাইন অন ডেস্ক:

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আজি কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা অনুপ্ৰৱেশ আৰু বিদেশী (ৰেহাই) আদেশ, ২০২৫ৰ প্ৰতিলিপি জ্বলাই চৌকিডিঙীৰ শ্বহীদ ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
আৰক্ষীৰ প্ৰতিৰোধকো আওকান কৰি প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল’গান দি বিজেপি নেতৃত্বাধীন চৰকাৰে অবৈধ প্ৰব্ৰজনকাৰীক সুৰক্ষা প্ৰদান কৰি অসমৰ স্বাৰ্থক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে।আছুৰ নেতাসকলে সকীয়াই দিয়ে যে এই নিৰ্দেশৰ লগতে নাগৰিকত্ব (সংশোধনী) আইনৰ অধীনত ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা সময়সীমাই ৰাজ্যখনৰ পৰিচয় আৰু জনগাঁথনিত ভাৰসাম্যসীন কৰাৰ লগতে ব্যাপক ভাবুকি কঢ়িয়াই আনিছে।
উল্লেখযোগ্য যে যোৱা বছৰ বলবৎ হোৱা “কা” আইনে প্রথমে ২০১৪ চনৰ ৩১ ডিচেম্বৰত বা তাৰ আগতে ভাৰতত প্রৱেশ কৰা আফগানিস্তান, বাংলাদেশ, পাকিস্তানৰ নিৰ্যাতিত সংখ্যালঘুসকলক নাগৰিকত্ব প্রদান কৰিছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *