Skip to content উত্তৰ পাৰৰ লোকৰ বাবে সুখবৰ !
বগীবিলত চি এন জি ফিলিং ষ্টেচন মুকলি মন্ত্ৰী বিমল বৰাৰ
ধেমাজিৰ কোলাজানত উত্তৰ পাৰৰ প্ৰথমটো চিএনজি ফিলিং ষ্টেচন আনুষ্ঠানিকভাৱে মুকলি
চাইন অন ডেস্কঃ
উত্তৰ অসমত অচিৰেই পাইপ লাইন গেছৰ ঘৰুৱা সংযোজন আৰম্ভ হ’ব। ধেমাজিৰ কোলাজানত উত্তৰ পাৰৰ প্ৰথমটো চিএনজি ফিলিং ষ্টেচন আনুষ্ঠানিকভাৱে মুকলি কৰি এই মন্তব্য কৰে মন্ত্ৰী বিমল বৰাই।
নৰ্থ ইষ্ট গেছ ডিষ্টিবিউচন কোম্পানী লিমিটেডৰ অধীনত উত্তৰ অসমৰ কোলাজানত প্ৰথমটো চিএনজি ফিলিং ষ্টেচন বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ ইয়াৰ জৰিয়তে পেট্ৰল- ডিজেলতকৈও কম মূল্যত গেছ ভৰাই যান- বাহন চলাচল কৰিব পাৰিব ৷
অনুষ্ঠানত বি চি পি এল , অসম গেছ কোম্পানী , নৰ্থ ইষ্ট গ্ৰেছ ডিষ্টিবিষ্টন কোম্পানী লিমিটেডৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷