Skip to content ২২ জুলাইৰ পৰা ২৫ জুলাইলৈ
ডিব্ৰুগড় আৰু তিনিচুকীয়া ভ্ৰমণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
চাইন অন ডেস্ক:
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২৫ চনৰ ২২ জুলাইৰ পৰা ২৫ জুলাইলৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলালৈ চাৰিদিনীয়া আনুষ্ঠানিক ভ্ৰমণ, উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা আৰু মূল আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে।
উপলব্ধ তথ্য অনুসৰি অহা ২২ জুলাইত মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত উপস্থিত হৈ তিনিচুকীয়াৰ বুঢ়া বুঢ়া থানলৈ গৈ ভূমি পূজন আৰু পানী যোগান প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
২৩ জুলাইত ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত সোণাৰি, নাওবৈচা, আৰু টিংখং বিধানসভা সমষ্টিৰ পৰ্যালোচনা বৈঠকৰ সভাপতিত্ব কৰিব ড০ শৰ্মাই।
২৪ জুলাইত তেওঁ পিএম-ইউএছএ আঁচনি আৰু মুখ্যমন্ত্ৰীৰ বিশেষ অনুদানৰ অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বৃহৎ আন্তঃগাঁথনি উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰাৰ কথা। লগতে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত শিক্ষকৰ কোৱাৰ্টাৰ আৰু নতুনকৈ ছাত্ৰ-ছাত্ৰীৰ হোষ্টেল নিৰ্মাণৰ প্ৰস্তাৱৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

দিনটোৰ দ্বিতীয়াৰ্ধত মুখ্যমন্ত্ৰীয়ে নাহৰকটিয়া ভ্ৰমণ কৰি একাধিক আধাৰশিলা স্থাপন অনুষ্ঠানৰ বাবে অংশগ্ৰহণ কৰিব, য’ত সহ-জিলা কাৰ্যালয়, টাটা ষ্ট্ৰাইভ চেণ্টাৰ অৱ এক্সেলেন্স, আই টি আই হেণ্ডঅভাৰ ছিডক, এখন ৰোড অভাৰ ব্ৰীজ, আৰু দুখন আদৰ্শ বিদ্যালয়কে ধৰি একাধিক আধাৰশিলা স্থাপন অনুষ্ঠানৰ বাবে অংশগ্ৰহণ কৰিব।তেওঁ নতুনকৈ নিৰ্মাণ কৰা নাহৰকটীয়া মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰাৰ সম্ভাৱনাও আছে।
ভ্ৰমণৰ অন্তিম দিনা অৰ্থাৎ ২৫ জুলাইত ড০ শৰ্মাই মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিব, মন্ত্ৰীসকলৰ বাবে প্ৰস্তাৱিত কাৰ্যালয়ৰ আধাৰশিলা আৰু ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয় চৌহদত এটা অধিৱেশন কেন্দ্ৰৰ ভেটি স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।বিয়লি গুৱাহাটীলৈ উভতি অহাৰ পূৰ্বে মাৰ্ঘেৰিটা এল এ চিৰ এখন পৰ্যালোচনা বৈঠকও কাৰ্যসূচীত আছে।
যদিও চৰকাৰী সূচীৰ নিশ্চিত তথ্যৰ বাবে এতিয়াও অপেক্ষাৰত।