...

অসমৰ আটাইতকৈ ওখ শৃংগটো বা সৰ্বোচ্চ স্থান কি ? জানে নে ?

Spread the love

 

অসমৰ আটাইতকৈ ওখ শৃংগটো বা সৰ্বোচ্চ স্থান কি ?
জানে নে ?

ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাক পৃথক কৰা সীমা কি ?
তেন্তে জানো আহক!

চাইন অন ডেস্ক:

প্ৰকৃতিয়ে আমাৰ ৰাজ্যখনক কেৱল নদী বা সমতল ভূমিয়ে দিয়া নাই।আমাক উপহাৰ দিছে এক সুউচ্চ আৰু শক্তিশালী পৰ্বতমালা, যিয়ে যুগ যুগ ধৰি আমাৰ ৰাজ্যখনক সুৰক্ষা দি আহিছে। সেয়া হৈছে বৰাইল পৰ্বতমালা।
অসমৰ ভূগোলত বৰাইল পৰ্বতমালাৰ স্থান অতিকেই গুৰুত্বপূৰ্ণ। বহুতৰে মনত এটা ভুল ধাৰণা থাকে যে নীলাচল পাহাৰ বা কাৰ্বি আংলংৰ পাহাৰবোৰেই হপায় অসমৰ আটাইতকৈ ওখ ঠাই। কিন্তু সেয়া সঁচা নহয়। আচলতে অসমৰ আটাইতকৈ ওখ শৃংগটো বা সৰ্বোচ্চ স্থানডুখৰ এই বৰাইল পৰ্বতমালাতেই আছে। ডিমা হাছাও জিলাত অৱস্থিত এই শৃংগটোৰ নাম হ’ল লাইকে আৰু ইয়াৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা প্ৰায় ১৯৬০ মিটাৰ বা ৬৪৩০ ফুট। অৰ্থাৎ অসমৰ মাটিত থিয় হৈ আটাইতকৈ ওখলৈ চাবলৈ হ’লে আপুনি বৰাইললৈ যাব লাগিব।
ভৌগোলিকভাৱে বৰাইল পৰ্বতমালা কেৱল এটা পাহাৰেই নহয়, বৰঞ্চ ই প্ৰকৃতিয়ে নিৰ্মাণ কৰা এখন বিশাল প্ৰাচীৰ। এই পৰ্বতমালাটোৱেই আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাক ইটোৰ পৰা সিটোক পৃথক কৰি ৰাখিছে। ই এক প্ৰাকৃতিক জলবিভাজিকাৰ কাম কৰে। অৰ্থাৎ ইয়াৰ উত্তৰ ফালৰ পৰা বৈ অহা নদীসমূহ, যেনে কপিলী বা ধনশিৰি গৈ ব্ৰহ্মপুত্ৰত বিলীন হয় আৰু দক্ষিণ ঢালৰ পৰা ওলোৱা নদীসমূহ, যেনে জাটিংগা গৈ বৰাক নদীত মিলিত হয়। আনহাতে, বৰাইল পৰ্বতমালাক হিমালয় পৰ্বততন্ত্ৰ আৰু মেঘালয় মালভূমিৰ মাজৰ এক সংযোগ সেতু বুলিও গণ্য কৰা হয়, যিয়ে নাগালেণ্ডৰ পৰা আৰম্ভ হৈ অসমলৈকে বিয়পি আছে।
আপুনি কেতিয়াবা ভাবিছেনে বৰাক উপত্যকা বা ডিমা হাছাওত ইমান বেছি বৰষুণ কিয় হয়? ইয়াৰ মূলতে আছে এই বৰাইল পৰ্বত। দক্ষিণ-পশ্চিম মৌচুমী বতাহ যেতিয়া সাগৰৰ পৰা জলীয় ভাপ লৈ উৰি আহে, তেতিয়া এই বিশাল বৰাইল পৰ্বতত ই বাধা পায়। ফলস্বৰূপে এই অঞ্চলত প্ৰচুৰ পৰিমাণে শৈলোৎক্ষেপ বৃষ্টিপাত হয়। আনকি বিশ্ববিখ্যাত চৰাইৰ ৰহস্যময় স্থান জাটিংগাও এই বৰাইলৰ বুকুতেই লুকাই আছে, যিয়ে আজিও বিজ্ঞানীসকলক আচৰিত কৰি ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *