বিজেপিৰ ভাৰ্চুৱেল বৈঠকক লৈ বিস্ফোৰক অভিযোগ অখিল গগৈৰ
বিজেপিক ভোট নিদিয়া লাখ লাখ ভোটাৰৰ নাম কৰ্তনৰ ষড়যন্ত্ৰ
৬০ টা সমষ্টিত যোগ্য ভোটাৰ কৰ্তনৰ দায়িত্ব মন্ত্ৰী অশোক সিংহালৰ
বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত ষড়যন্ত্ৰৰ অভিযোগ
*চাইন অন ডেস্ক:*
বিজেপিক ভোট নিদিয়া লাখ লাখ ভোটাৰৰ নাম কৰ্তন কৰিবলৈ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নিৰ্দেশত ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ পৰা ১০ হাজাৰকৈ বিজেপি বিৰোধী ভোটাৰৰ নাম কৰ্তনৰ বাবে কাম-কাজ চলাই থকাৰ গুৰুতৰ অভিযোগ আনিছে বিধায়ক অখিল গগৈয়ে।কালি ডিব্ৰুগড়ত এক সংবাদমেল অনুষ্ঠিত কৰি বিধায়ক অখিল গগৈয়ে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে। সংবাদমেলত বিধায়ক অখিল গগৈয়ে অভিযোগ উত্থাপন কৰি কয় যে, 

