সুধাকণ্ঠৰ জন্ম শতবর্ষ উদযাপনেৰে তেজপুৰ পালেহি ‘বিস্তীর্ণ পাৰৰে’ শীর্ষক জাহাজ যাত্রা
ভাৰতীয় অন্তর্দেশীয় জলপথ প্ৰাধিকৰণৰ সৌজন্যত “বিস্তীর্ণ পাৰৰে: শদিয়াৰপৰা ধুবুৰীলৈ এটি সংগীতময় যাত্ৰা”ৰ সফল গমন
তেজপুৰৰ দেৱীসিং জাহাজ ঘাটত বর্ণাঢ্য কলা-সংস্কৃতিৰে ভূপেন হাজৰিকাক স্মৰণ
চাইন অন ডেস্ক:
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপনৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অন্তর্দেশীয় জলপথ প্ৰাধিকৰণৰ সৌজন্যত “বিস্তীর্ণ পাৰৰে: শদিয়াৰপৰা ধুবুৰীলৈ এটি সংগীতময় যাত্রা” শীর্ষক এক অভিনৱ কাৰ্যসূচী ৰূপায়ণ হৈ আছে। শদিয়াৰ পৰা ধুবুৰীলৈ ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ স্মৃতিত চলিত “বিস্তীর্ণ পাৰৰে” শীর্ষক এই জাহাজ যাত্রাত অন্তর্ভুক্ত আছে এটা মিউজিকেল বেণ্ড। ডিব্রুগড়ৰ পৰা তেজপুৰত ‘বিস্তীর্ণ পাৰৰে’ জাহাজখনে বৃহস্পতিবাৰে
দেৱীসিং ঘাটত প্ৰৱেশ কৰাৰ পাছত বর্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপন কৰা হয়।
তেজপুৰত বিশাল আয়োজনেৰে উদযাপন কৰা হ’ল জাহাজখনৰ তৃতীয়টো গন্তব্য স্থানৰ বিশেষ কাৰ্যসূচী। সন্ধিয়া লুইতৰ পাৰৰ মনোৰম পৰিৱেশত বিশেষ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয়। শাস্ত্রীয় নৃত্য, ভূপেন্দ্ৰ সংগীতেৰে মুখৰিত হৈ পৰে লুইতৰ পাৰ। অনুষ্ঠানৰ সামৰণি পৰে ‘তেজপুৰীয়া থেছপিয়ান’ৰ লোকবাদ্য আৰু লোকনৃত্যৰ অপূর্ব সমাহাৰেৰে।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভিডিঅ’ বার্তাত কয়, “ভাৰত ৰত্ন, সুধাকণ্ঠ ড
ভূপেন হাজৰিকা ভাৰতী আইৰ এক সুযোগ্য সন্তান, যাৰ হৃদয়স্পর্শী কণ্ঠ আৰু অমূল্য সৃষ্টিসম্ভাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ব মঞ্চলৈ লৈ গৈছিল। সুধাকণ্ঠৰ সমন্বয়ৰ সাংগীতিক পৰিক্ৰমা দেশবাসীৰ বুকুত প্রতিধ্বনিত হৈ ৰ’ব চিৰকাল। ভূপেনদাৰ মোহনীয় ব্যক্তিত্ব, সুৰীয়া কণ্ঠত তিৰবিৰাই উঠিছিল দেশপ্ৰেমৰ অম্লান চেতনা, ভাৰতীয়ই বিশ্ব জয় কৰাৰ সপোন গাথা। ভাৰতৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্র, বিশ্ববিশ্রুত শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ কালজয়ী সৃষ্টিৰাজিৰ যোগেদি প্রতিধ্বনিত হৈ আহিছে একতা, মানৱতা আৰু ভাতৃত্ববোধৰ বাৰ্তা। অসমৰ বাৰেবৰণীয়া কৃষ্টি-সংস্কৃতিক সংগীতৰ লহৰেৰে বিশ্ব মঞ্চত চিনাকি কৰাই দিয়া ভূপেনদা প্রতিজন অসমীয়াৰ হিয়াৰ আমঠু। সংগীত সূৰ্যৰ জন্ম শতবর্ষ উদযাপনৰ এই গৌৰৱময় ক্ষণত তেখেতক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু সশ্রদ্ধ প্রণিপাত জনালোঁ। গংগা-ব্ৰহ্মপুত্ৰৰ বিস্তীর্ণ পাৰৰ অগণন জনতাৰ বলিষ্ঠ কণ্ঠ ভূপেনদাৰ অমৰ সৃষ্টিৰাজি, জীৱন দৰ্শন আৰু সুৰৰ মূর্ছনা দেশবাসীৰ বাবে অফুৰন্ত প্ৰেৰণাৰ উৎস হৈ থাকিব। মহাবাহু ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি ভূপেনদাই বহু অমৰ সৃষ্টি কৰি থৈ গৈছে। বিস্তীর্ণ পাৰৰে শীৰ্ষক শদিয়াৰ পৰা ধুবুৰীলৈ এই জাহাজ যাত্ৰাই সমন্বয়ৰ জয়গানেৰে ভূপেনদাৰ কালজয়ী সৃষ্টিৰাজিক উদযাপন কৰিছে আৰু নতুন প্ৰজন্মৰ মাজত ভূপেনদাৰ চৰ্চা, প্ৰসাৰ ত্বৰান্বিত কৰিব বুলি আমি আশাবাদী।”

এই অনুষ্ঠানত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, ভাৰতীয় জনতা পাটিৰ শোণিতপুৰ জিলাৰ সভানেত্রী মধুস্মিতা ডেকা, অসম গণ পৰিষদৰ শোণিতপুৰ জিলাৰ সভাপতি ৰাতুল নাথ, বিজেপি অসম প্রদেশ মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্রী স্বপ্না বণিয়া তেজপৰ পৌৰসভাৰ পৌৰপতি ৰমেন তামলী জিলা পৰিষদৰ সভানেত্রী বণিয়া, তেজপুৰ পৌৰসভাৰ পৌৰপতি ৰমেন তামূলী, জিলা পৰিষদৰ সভানেত্ৰী মনীষা উপাধ্যায় প্রমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানটিৰ আৰম্ভণিতে ৰঞ্জিত দত্ত, পৃথ্বীৰাজ ৰাভাই সমবেত ৰাইজক সম্বোধন কৰে আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বিস্তৃত অৱদান, জাতীয় জীৱনৰ উৎকর্ষ সাধনৰ দিশত সমন্বয়ৰ জয়গান আৰু বিশ্ব ভাতৃত্ববোধৰ বাৰ্তাৰে তেখেতৰ অৰিহণাৰ কথা উল্লেখ কৰে।
বর্ণাঢ্য কাৰ্যসূচীৰে মুখৰিত অনুষ্ঠানটিত যশস্বী কণ্ঠশিল্পী লোহিত গগৈ, অঞ্জু দেৱীয়ে গীতৰ শৰাই আগবঢ়ায়। আনহাতে ভূপেন হাজৰিকাৰ চলচ্চিত্র প্রতিধ্বনি, শকুন্তলা, চিকমিক বিজুলীত অভিনয় কৰা যশস্বী অভিনেত্রী, নৃত্য পৰিচালিকা কৃষ্ণা দাস নাথে ভূপেনদাৰ সান্নিধ্যৰ সোঁৱৰণী স্মৃতিবোৰ ৰোমন্থন কৰি ৰাইজক উদ্দেশ্যে সম্বোধন কৰে। অন্যান্য বিভিন্ন নৃত্য-গীতৰ অনুষ্ঠান আৰু সদৌশেষত তেজপুৰৰ লোকসংস্কৃতিৰ অর্কেস্ট্রা দল থেচপিয়ানে ভূপেনদাৰ প্রতি সম্মান জনাই অনুষ্ঠান প্রদর্শন কৰে।

