Skip to content প্ৰসঙ্গঃ বিষ্ণু প্ৰসাদ ৰাভা আৰ এচ এচ সম্পৰ্ক
বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শক বিকৃতিকৰণৰ কোনো অধিকাৰ নাই পুত্ৰ পৃথ্বীৰাজ ৰাভাৰ
ভাৰতীয় গণনাট্য সংঘৰ হুঙ্কাৰ
চাইন অন ডেস্ক:
বিষ্ণুপ্ৰসাদ ৰাভাৰ অন্যতম পুত্ৰ তথা বৰ্তমানৰ অগপৰ বিধায়ক হৈ বিজেপি চৰকাৰৰ অংশীদাৰ হোৱা পৃথ্বীৰাজ ৰাভাই বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ হোৱাৰ সুবাদতে মহান গণশিল্পীজনাক লৈ ইটোৰ পিছত সিটোকৈ মনে সজা বিভ্ৰান্তিকৰ তথ্য ৰাজহুৱা ভাবে দাঙি ধৰি কেৱল বিষ্ণুপ্ৰসাদ ৰাভাই এসময়ত নেতৃত্ব দিয়া অসমৰ অন্যতম প্ৰগতিশীল সাংস্কৃতিক সংগঠন ভাৰতীয় গণনাট্য সংঘকেই কেৱল নহয়, অসমৰ অলেখ বিষ্ণুপ্ৰসাদ ৰাভাৰ গুণমুগ্ধ সকলকো পৰোক্ষ অপমান কৰিছে। অতি সম্প্ৰতি আৰ এছ এছৰ কাৰ্যকলাপক এসময়ত বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰশংসা কৰা বুলি তেখেতে প্ৰকাশ কৰিছে । সংবাদ মাধ্যমৰ যোগে প্ৰকাশ যে,যোৱা ৫ অক্টোবৰ তাৰিখে তেজপুৰৰ আৰ এছ এছৰ এখন সভাত পৃথ্বীৰাজ ৰাভাই আৰ এছ এছৰ পোছাক পিন্ধি প্ৰকাশ কৰি কৈছিল যে, ” মোৰ দেউতা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই মোক সৰু থাকোঁতেই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ শিক্ষা লবলৈ কৈছিল।” ই সম্পূৰ্ণ পৃথ্বীৰাজ ৰাভাৰ মনে সজা আৰু উদ্দেশ্য প্ৰণোদিত। তেখেতৰ পিতৃ, যি গৰাকী বিষ্ণুপ্ৰসাদ ৰাভাই আজীৱন কমিউনিষ্ট আদৰ্শকে সৰোগত কৰি নিজৰ জীৱন নিপাত কৰি থৈ গʼল, যি গৰাকীয়ে সেই সাম্যবাদী আদৰ্শৰে গঠিত ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ সভাপতিৰ পদ গ্ৰহণ কৰি নেতৃত্ব দান কৰি থৈ গʼল আৰু যি গৰাকীয়ে কমিউনিষ্ট পাৰ্টিৰ সতে নিজে জৰিত হোৱাৰ বিষয়ে এই বাক্যশাৰী ৰাজহুৱা ভাবে লেখি থৈ গʼল যে, “ভাৰতৰ বিপ্লৱী সাম্যবাদী দলৰ লগত সংশ্লিষ্ট থাকি মাৰ্ক্সীয় দৰ্শন, মাৰ্ক্সীয় অৰ্থনীতি, দ্বন্দবাদৰ লগত পৰিচিত হৈ আৰু লেনিনবাদৰ সম্যক জ্ঞানৰ উপলব্ধিৰ আশাত, প্ৰকৃত কমিউনিষ্ট হোৱাৰ আশাত ৰাইজৰ হিয়াৰ আমঠু, ৰাইজৰ প্ৰাণৰ লগৰী আৰু ৰাইজৰ লগত একেলগে মিলি-জুলি ৰাইজক মাৰ্ক্সীয় দৰ্শনৰ প্ৰতি উদ্বুদ্ধ কৰাৰ কাৰণে নিজৰ সকলো শক্তি নিয়োগ কৰোঁ”, সেই গৰাকী আজীৱন কমিউনিষ্টক তাৰ সম্পূৰ্ণ বিপৰীত শিৱিৰৰ সংগঠন আৰ এছ এছক প্ৰশংসা কৰিছিল বুলি কবলৈ যোৱাটো চৰম নিকৃষ্টতম কাৰ্য। বিষ্ণুপ্ৰসাদ ৰাভাই জীৱিতকালত কোনোদিনে কমিউনিষ্ট বিপৰীত স্থিতিত অবস্থান কৰা নাই আৰু কোনো তেনে সংগঠনৰ পৃষ্ঠপোষকতাও কৰি থৈ যোৱা নাই। সংবাদ মাধ্যমৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰা এক বিবৃতিত এই কথা প্ৰকাশ কৰে ভাৰতীয় গণনাট্য সংঘৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি শৰৎচন্দ্ৰ নেওগ আৰু প্ৰধান সম্পাদক বিপুল তালুকদাৰে।বিবৃতিটোৰ যোগে গণনাট্য সংঘৰ নেতৃত্বদ্বয়ে প্ৰসঙ্গক্ৰমে এই কথাও প্ৰকাশ কৰে যে, এই গৰাকী বিষ্ণুপ্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বীৰাজ ৰাভাই এই বছৰৰে যোৱা ২০ জুনৰ দিনাও গহপুৰৰ শঙ্কৰদেৱ শিশু নিকেতনৰ এখন সভাত এনেকথাও কৈছিল যে, বিষ্ণুপ্ৰসাদ ৰাভাই কাশী হিন্দু বিশ্ববিদ্যালয়ত নৃত্য প্ৰদৰ্শন কৰাৰ সময়ত সৰ্বপল্লী ডঃৰাধাকৃষ্ণণে মঞ্চলৈ উঠি গৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ কান্ধত ধৰি কৈছিল -” ইউ আৰ মাষ্টাৰ অফ আৰ্ট, কলাৰ গুৰু।” সেইদিনাৰ সেই কথাষাৰো আছিল পুত্ৰ পৃথ্বীৰাজ ৰাভাৰ মনে সজা, সম্পূৰ্ণ মিছা তথ্য। সৰ্বপল্লী ডঃ ৰাধাকৃষ্ণণে তেনে কোনো কথা কোৱা নাছিল।ভাৰতীয় গণনাট্য সংঘই তেতিয়াই লগে-লগে ৰাজহুৱা ভাবে তেখেতৰ সেই মন্তব্যৰ বিৰোধিতা কৰি তথ্য প্ৰদৰ্শন কৰিবলৈ প্ৰত্যাহ্বান জনোৱা হৈছিল। কিন্তু তেতিয়া তথ্য দিব নোৱাৰি পৃথ্বীৰাজ ৰাভাই মৌন হৈ থাকিল। এতিয়া পুনৰ বিভ্ৰান্তিকৰ তথ্যৰে নিজে সন্মান কিনিবলৈ গৈ আৰ এছ এছক প্ৰশংসা কৰা বুলি কৈ বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শক বিকৃত কৰিছে।ভাৰতীয় গণনাট্য সংঘৰ উক্ত ৰাজ্যিক সমিতিৰ নেতৃত্বদ্বয়ে বিবৃতিটোৰ যোগে প্ৰকাশ কৰে যে, পৃথ্বীৰাজ ৰাভাই নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে অগপৰ বিধায়ক হিচাবে ৰাইজৰ ভোটেৰে জিকি এতিয়া সেই ভোটদাতা ৰাইজৰ পৰা পুনৰ জনাদেশ নোলোৱাকৈ ৰাইজক প্ৰবঞ্চনা কৰি বিজেপিৰ অন্যতম ভাতৃ সংগঠন আৰ এছ এছৰ সদস্য হোৱাত গণনাট্য সংঘৰ কোনো আপত্তি থাকিব নোৱাৰে, কিন্তু তেখেতৰ পিতৃ হʼল বুলিয়েই যি মন যায় তাকে কৰি যাব তেনে হʼব নোৱাৰে। ভৱিষ্যতে তেখেতৰ পিতৃ হʼলেও যাতে মহান গণশিল্পীজনাৰ আদৰ্শক এনেদৰে বিকৃতিকৰণ নকৰে, বিবৃতিটোৰ যোগে পুনৰ বিধায়ক গৰাকীক সঁকীয়াই দিয়ে।