🎯মণিকা বৰ্মনৰ হত্যাকাণ্ডৰ প্ৰতিবাদ
🎯হত্যাকাৰীক ফাঁচিৰ দাবীত সৰুপেটাত বিশাল সমদল
🎯হত্যাৰ বলি মণিকাৰ পৰিয়ালৰ গৃহত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস
🎯অসম আৰক্ষীক হত্যাকাণ্ডৰ তদন্তৰ আহ্বান মন্ত্ৰী দাস
সৰুপেটা:
সৰুপেটাত লাভ জোহাদৰ পৰিণতিত মণিকা বৰ্মণ নামৰ যুৱতী গৰাকীক সৰুপেটাৰেই আৰিফ আহমেদ নামৰ পাষণ্ড গৰাকীয়ে ধৰ্ষণ কৰি হত্যা কৰা তথা ৰাজ্য জোঁকাৰি যোৱা এক লোমহৰ্ষক হত্যাকাণ্ডৰ প্ৰতিবাদত কালি সৰৱ হৈ পৰে ৰাইজ।
উল্লেখ্য যে- মণিকা বৰ্মনৰ হত্যাকাণ্ডৰ প্ৰতিবাদত তথা হত্যাকাৰীক কঠোৰত্তম শাস্তিৰ দাবীত সৰুপেটাত বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া,স্থানীয় ৰাইজে এক বিশাল সমদল উলিয়ায়।
দিনৰ এঘাৰ বজাৰ পৰা সৰুপেটাৰ মিলন মন্দিৰ বাকৰিৰ পৰা সহস্ৰাধিক পুৰুষ-মহিলাই হত্যাকাণ্ডৰ প্ৰকৃত তদন্ত,হত্যাকাৰীক কঠোৰত্তম শাস্তিৰ দাবী,মণিকা বৰ্মনৰ পৰিয়ালটোক আইনে প্ৰকৃত ন্যায় প্ৰদানৰ দাবীত বিভিন্ন শ্লোগান দি,হাতে হাতে বিভিন্ন শ্লোগান সন্নিৱিষ্ট সন্নিৱিষ্ট কৰা বেনাৰ,প্লেকাৰ্ড প্ৰদৰ্শণ কৰি সৰুপেটা অঞ্চলত বিশাল সমদল উলিয়ায়।
তদুপৰি সৰুপেটাৰ চাৰিআলি চ’কত ভৱানীপুৰ-মানাহ পথটো কিছুসময় ধৰি অৱৰোধ কৰি ৰাখে সহস্ৰাধিক সমদলকাৰীয়ে।উল্লেখ্য যে- সমদলকাৰীয়ে মণিকা বৰ্মনৰ হত্যাকাণ্ডত জড়িত হত্যাকাৰীৰ ফাঁচিৰ দাবীও জনায়।
সমদলৰ অন্তত বজৰং দলৰ তৰফৰ পৰা সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰা হয়।স্মাৰকপত্ৰত মণিকা বৰ্মনৰ হত্যাকাৰীক কঠোৰত্তম শাস্তিৰ দাবী উত্থাপন কৰে।
আনহাতে মণিকা বৰ্মনৰ দুৰ্ভগীয়া মাতৃ,ভগ্নী তথা দুৰ্ভগীয়া পৰিয়ালৰ সৰুপেটাৰ বাসগৃহত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰয়াত মণিকা বৰ্মনৰ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে মণিকা বৰ্মনৰ আত্মাৰ সদগতিৰ কামনা কৰে।মণিকা বৰ্মনৰ হত্যাকাণ্ডৰ বিতংভাৱে তদন্ত কৰি উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে মন্ত্ৰী দাসে।
প্ৰয়াত মণিকা বৰ্মনৰ সৰুপেটাৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰতিক্ৰিয়া ব্যক্ত কৰে যে- এই নিকৃষ্ট হত্যাকাণ্ডত জড়িত ব্যক্তি প্ৰকৃততে ক’ৰ হয় বা ক’ৰ পৰা ইয়ালৈ আহিছে আৰু হত্যাকাৰীয়ে কাৰ পৰা সহায়-সহযোগিতা লাভ কৰিছে এই সকলোবোৰ তথ্য বিতংভাৱে তদন্ত কৰিবলৈ আজি অসম আৰক্ষীক আহ্বান জনায়।