বিশ্বাস আৰু আনুগত্যৰ আন এক নাম…’কুকুৰ’ বা ‘শৃগাল’
৪ দিন, ৪ ৰাতি হাড় কঁপোৱা বৰফৰ তীব্ৰ ঠাণ্ডাক নেওচি কুকুৰটোৱে নিজৰ গৰাকীৰ মৃতদেহ পহৰা দি আছিল
চাইন অন ডেস্ক:
বিশ্বাস আৰু আনুগত্যৰ আন এক নাম…’কুকুৰ’ বা ‘শৃগাল’।ভগৱান ভৈৰৱৰ এক বাহন বুলিও প্ৰবাদ আছে।কুকুৰ বা শৃগাল নামেৰে আমি সচৰাচৰ মানুহক গালি-গালাজ কৰো।আজিও আমাৰ মাজত বহুতৰ বাবেই শৃগাল বা কুকুৰ এক অস্পৃশ্য জীৱ!লেই-লেই, চেই-চেই কৰা এক জীৱ।কিন্তু ইতিহাসৰ পাতত এই শৃগালে, যেনেকুৱা অৱদান আগবঢ়াই গৈছে; সেয়া সভ্য মানুহৰ সপোনৰো অগোচৰ।

হিমাচলৰ হাড় কঁপোৱা শীত আৰু বৰফৰ মাজত দুগৰাকী কিশোৰে প্ৰাণ হেৰুৱাইছিল। কিন্তু তেওঁলোকৰ পোহনীয়া কুকুৰটোৱে তেওঁলোকক অকলে এৰি থৈ নগ’ল।চাৰি দিন, চাৰি ৰাতি অনাহাৰে-অনিদ্ৰাৰে কটালে বৰফৰ মাজত।
কি ঘটিছিল আচলতে ?
৪ দিন আৰু ৪ ৰাতি: হাড় কঁপোৱা বৰফৰ মাজত তীব্ৰ ঠাণ্ডাক নেওচি কুকুৰটোৱে নিজৰ গৰাকীৰ মৃতদেহটো পহৰা দি আছিল।
বন্য জন্তুৰ পৰা সুৰক্ষা: আৰক্ষী আৰু স্থানীয় বিষয়াসকলৰ মতে, ভোক-পিয়াহ আৰু ঠাণ্ডাক নেওচি কুকুৰটোৱে বন্য জন্তুৰ পৰা মৃতদেহটো সুৰক্ষিত কৰি ৰাখিছিল।
নিঃস্বাৰ্থ প্ৰেম: মানুহে হয়তো এনে পৰিস্থিতিত নিজৰ প্ৰাণ বচাবলৈ পলাই আহিলহেঁতেন, কিন্তু এই অবোধ জন্তুটোৱে মৃত্যুৰ পিছতো গৰাকীৰ সংগ ত্যাগ নকৰিলে।
প্ৰকৃতিৰ বুকুত বিয়পি পৰা এই বিৰল আনুগত্যই প্ৰমাণ কৰিলে যে কুকুৰ কেৱল এজন পোহনীয়া জন্তুৱেই নহয়, তেওঁলোক পৰিয়ালৰ আটাইতকৈ বিশ্বাসী সদস্য।
এই নিঃস্বাৰ্থ মৰমৰ বাবে কোনো শব্দই পৰ্যাপ্ত নহয়। ধন্য এই অবোধ প্ৰাণীটোৰ প্ৰেম!

আপোনাৰ মতামত জনাওঁক।
