...

অসম চিকিৎসা মহাবিদ্যালয়ত বিৰল ৰোগৰ উৎকৃষ্টতাৰ কেন্দ্ৰ

Spread the love

 

 

অসম চিকিৎসা মহাবিদ্যালয়ত বিৰল ৰোগৰ উৎকৃষ্টতাৰ কেন্দ্ৰ

 

 

ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্রাপ্ত

 

চাইন অন ডেস্ক:

উল্লেখযোগ্য স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে বিৰল ৰোগৰ বাবে ৰাষ্ট্ৰীয় নীতি (এনপিআৰডি), ২০২১ৰ অধীনত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (এএমচিএইচ), ডিব্ৰুগড়ক বিৰল ৰোগৰ বাবে উৎকৃষ্টতা কেন্দ্ৰ (চিঅ’ই) হিচাপে নিৰ্ধাৰণ কৰিছে।

মঙলবাৰে জাৰি কৰা আনুষ্ঠানিক স্মাৰকপত্ৰৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে (বিৰল ৰোগ কোষে) বিৰল ৰোগ নিৰ্ণয়, প্ৰতিৰোধ আৰু চিকিৎসাৰ সুবিধাৰে সজ্জিত চৰকাৰী তৃতীয় পৰ্যায়ৰ চিকিৎসালয়সমূহৰ ভিতৰত অন্যতম হিচাপে এ এম চি এইচক অন্তৰ্ভুক্ত কৰাৰ অনুমোদন প্ৰদান কৰে।

ইয়াৰ লগে লগে এই সন্মানীয় স্বীকৃতি লাভ কৰা অসম তথা উত্তৰ-পূর্বাঞ্চলৰ প্রথম চিকিৎসা প্রতিষ্ঠান হিচাপে পৰিগণিত হৈছে এ এম চি এইচ, আৰু দেশজুৰি এনেধৰণৰ মাত্র ১৫টা চেণ্টাৰ অৱ এক্সেলেন্সৰ ভিতৰত৷

স্মাৰক পত্ৰ অনুসৰি এই পদবীৰ অধীনত এ এম চি এইচৰ দায়িত্ব আৰু কাম-কাজ এন পি আৰ ডি, ২০২১ৰ বিধান, আৰু মন্ত্ৰালয়ে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি সম্পন্ন কৰা হ’ব।

এই স্বীকৃতিয়ে বিৰল আৰু জটিল ৰোগৰ ক্ষেত্ৰত বিশেষ স্বাস্থ্যসেৱা আৰু চিকিৎসা গৱেষণাক উন্নীত কৰিব, যাৰ ফলত কেৱল অসমৰেই নহয়, সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ ৰোগীসকলো উপকৃত হ’ব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *