...

পুনৰ আলফাত মোক্ষম আঘাত !

পুনৰ আলফাত মোক্ষম আঘাত !

অৰুণাচলৰ পাংচু পাছত আলফা-(আই)ৰ দুই কেডাৰৰ আত্মসমৰ্পণ

চাইন অন ডেস্ক,৭মে’:

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পাংচু পাছত ৫ মে’ৰ নিশা নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী অসম-স্বাধীন (আলফা-আই)ৰ দুজন সক্ৰিয় কেডাৰে নিৰাপত্তা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে। উত্তৰ-পূবৰ অন্যতম বিদ্ৰোহ-বিৰোধী অভিযানৰ ক্ষেত্ৰত সেনা বিষয়াসকলে ইয়াক এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে অভিহিত কৰিছে।
অস্ত্ৰ সম্বৰণ কৰা ব্যক্তি দুজনক ক্ৰমে অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰৰ নিবাসী ৩১ বছৰীয়া অশোক সোণোৱাল ওৰফে লেকাং অসম (কৰ্পোৰেল) আৰু অসমৰ ধেমাজি জিলাৰ গোহাঁই গাঁৱৰ ৩১ বছৰীয়া বিপ্লৱ বুঢ়াগোহাঁই ওৰফে নিপেন অসম (লেন্স কৰ্পোৰেল) বুলি চিনাক্ত কৰা হৈছে।
চৰকাৰী সূত্ৰৰ মতে, আত্মসমৰ্পণৰ দুদিন পূৰ্বে অৰ্থাৎ ৩ মে’ত কেডাৰ দুজনে ম্যানমাৰৰ সাগাইং অঞ্চলৰ ৰানুস্থিত আলফা-(আই)ৰ যুটীয়া জেনেৰেল হেডকুৱাৰ্টাৰৰ পৰা পলায়ন কৰিছিল। ভাৰত-ম্যানমাৰ সীমান্তৰ দুৰ্গম আৰু ভিতৰুৱা পথেৰে দুদিন ধৰি খোজকাঢ়ি আহি তেওঁলোকে পাংচু নিৰাপত্তা চকীত উপস্থিত হয় আৰু আনুষ্ঠানিকভাৱে তাতেই আত্মসমৰ্পণ কৰে।
এগৰাকী নিৰাপত্তা বিষয়াই কয়, “এই দুই কেডাৰৰ আত্মসমৰ্পণ বহু ইতিবাচক আৰু উৎসাহজনক খবৰ।এনে কাৰ্যই আলফা-(আই)ৰ নেটৱৰ্কৰ ওপৰত নিৰাপত্তা বাহিনীৰ ধাৰাবাহিক চাপক প্ৰতিফলিত কৰিছে আৰু ইয়াৰ পৰা বুজা যায় যে সংগঠনটোৰ সদস্যসকলে সশস্ত্ৰ সংগ্ৰামৰ পৰিৱৰ্তে শান্তিৰ পথ বাছি লৈছে আৰু আমি আশা কৰো যে এনে কৰ্মই মূলসূঁতিলৈ ঘূৰি আহিব বিচৰা আন সদস্যসকলকো উৎসাহিত কৰিব। তেওঁলোকৰ বাবেও দুৱাৰ আজিও খোলা আছে।”
উল্লেখ্য যে চাংলাং জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থিত পাংচু পাছ ঐতিহাসিকভাৱে উগ্ৰপন্থীৰ চলাচলৰ বাবে এক স্পৰ্শকাতৰ অঞ্চল হিচাপে পৰিগনিত।
নিৰাপত্তা সংস্থাসমূহে ইতিমধ্যে আত্মসমৰ্পণ কৰা কেডাৰ দুজনক জেৰা আৰম্ভ কৰিছে।ইয়াৰ জৰিয়তে আলফা-আইৰ বৰ্তমানৰ সাংগঠনিক শক্তি, সদস্যৰ সংখ্যা আৰু সীমান্তত সংগঠনটোৰ শেহতীয়া কাৰ্যকলাপৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হ’ব। পূৰ্বতেও এনে জেৰাৰ পৰা পোৱা তথ্যই নিৰাপত্তা বাহিনীক পৰৱৰ্তী অভিযানত বিশেষভাবে সহায় কৰি আহিছে।
যি সময়ত নিৰাপত্তা বাহিনীয়ে সীমান্তৰ দুয়োপাৰত আলফা-আইৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে, তেনে সময়তে এই আত্মসমৰ্পণে বিশেষ তাৎপৰ্য বহন কৰিছে বুলিও ব্যাপক চৰ্চা লভিছে। সামৰিক চাপ, আত্মসমৰ্পণ আৰু গ্ৰেপ্তাৰৰ ফলত শেহতীয়া বছৰবোৰত ম্যানমাৰত থকা আলফাৰ মুখ্য কাৰ্যালয় থকা সংগঠনটোৰ সাংগঠনিক ভেটি ক্ৰমান্বয়ে দুৰ্বল হৈ পৰা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *