জুববিনৰ ন্যায় বিচাৰি ডিব্ৰুগড়ত প্ৰতিবাদ
২৫০ টা আকাশবন্তী প্ৰজ্বলন আছুৰ
চাইন অন ডেস্ক:
হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ এমহীয়া দিনটোত দেওবাৰে ডিব্ৰুগড়তো ছাত্ৰ সন্থাই স্মাৰণ কৰে। সদৌ ডিব্ৰুগড় ছাত্র সন্থাই চৌকিডিঙ্গী খেলপথাৰত জুবিনৰ প্ৰতিছৱিত বন্তি প্ৰজ্বলন কৰাৰ লগতে ২৫০ টা আকাশবন্তী প্ৰজ্বলন কৰে। তদুপৰি মাটিৰ চাকিৰে অংকন কৰিলে হেচটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ। প্ৰায় সহস্ৰাধিক জুবিন অনুৰাগীৰ উপস্থিতিত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি
অনুষ্ঠানত সমস্বৰে গালে ‘মায়াবিনী ৰাতিৰ বুকুত’। ইফালে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই কয়, জুবিন গাৰ্গ অসমীয়া জাতিৰ সত্ত্বা। অসমীয়া জাতিৰ আৱেগ। জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহ সম্পূৰ্ণ হৈছে। কিন্তু আজিকোপতি জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ’ল, কিয় হ’ল সেই কথা অসমৰ ৰাইজে গম নাপালে। শেহতীয়াকৈ বিজেপিয়ে নিজৰ চৰকাৰৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে জুবিনৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিব বিচাৰিছে। এইয়া অতি লজ্জাজনক। জুবিন গাৰ্গে ন্যায় নাপালে ছাত্র সন্থাই আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে। ইফালে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ চলি থকাৰ পাছতো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে অসমৰ ৰাইজে এমাহ ধৰি প্ৰতিবাদ কৰিবলগীয়া হোৱাৰ কথা উল্লেখ কৰি ছাত্ৰ নেতাজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে। এই কাৰ্যসূচীত ডিব্ৰুগড় ছাত্র সন্থাৰ লগতে জুবিন ফেন ক্লাৱ, বিশিষ্ট নাগৰিক তথা জুবিন অনুৰাগীসকল উপস্থিত থাকে।