...

নগাঁৱত পাঁচদিনীয়াকৈ “জিলা উদ্যম সমাগম” আৰম্ভ

Spread the love

নগাঁৱত পাঁচদিনীয়াকৈ “জিলা উদ্যম সমাগম” আৰম্ভ

নগাঁও

সমগ্র দেশৰ এম.এচ.এম.ই খণ্ডৰ কাৰ্যকুশলতা আৰু গতিশীলতা বৃদ্ধি আৰু স্থানীয় উদ্যোগী সকলৰ উদ্যমীয়তাক শক্তিশালী আৰু উৎসাহ প্ৰদানৰ লক্ষ্যৰে অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম লিমিটেড আৰু জিলা উদ্যোগ ও বাণিজ্য কেন্দ্ৰ,নগাঁৱৰ যৌথ সহযোগত ভাৰত চৰকাৰৰ এম.এচ.এম.ই মন্ত্ৰালয়ৰ (Raising and Accelerating MSME Performance (RAMP) আঁচনিৰ অধীনত যুৱ আৰু মহিলা উদ্যোগীসকলৰ বাবে এটি উজ্জীৱিত মঞ্চ প্ৰদান কৰাৰ বাবে নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুৱালি খেলপথাৰত আজিৰে পৰা ২০ ডিচেম্বৰলৈ পাঁচদিনীয়াকৈ “জিলা উদ্যম সমাগম” আয়োজন কৰা হৈছে। অসমৰ জাতীয় সংগীতেৰে আৰম্ভ হোৱা “জিলা উদ্যম সমাগম”ৰ আজিৰ উদ্বোধনী অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শর্মাই বন্তি প্ৰজ্বলনেৰে জিলা উদ্যম সমাগম মেলাৰ শুভ উদ্বোধন কৰে আৰু সমাগম স্থলিত বিভিন্ন উদ্যোগীসকলে স্থাপন কৰা বিপনীসমূহ পৰিদৰ্শন কৰে।

জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্র,নগাঁৱৰ যোগমন ডেকাৰজাই সুন্দৰ উপস্থাপনেৰে আঁত ধৰা আজিৰ অনুষ্ঠানটিৰ আদৰণি ভাষণ আগবঢ়ায় ডি.আই.চি.চি নগাঁৱৰ প্রধান পৰিচালক প্ৰাঞ্জন ৰাজমেধিয়ে। আজিৰ উদ্ধোধনী অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প পৰিচালক শংখপ্ৰবাল শ্যাণ্ডিল্য,মণিৰাম বসুমতাৰী,জিলা অগ্ৰণী বেংক বিষয়া দিলীপ হাজৰিকা,অৱসৰপ্ৰাপ্ত প্ৰকল্প পৰিচালক,জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ,শোণিতপুৰ ৰাতুল মহন্ত,উপ-পৰিচালক,অসম ক্ষুদ্ৰ উদোগ উন্নয়ন লিমিটেডকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ মুৰব্বী তথা জ্যেষ্ঠ বিষয়া–কৰ্মচাৰীসকলৰ লগতে জিলাখনৰ বহুতো গণ্যমান্য ব্যক্তি,উদীয়মান আৰু প্ৰতিষ্ঠিত ব্যৱসায়ী উপস্থিত থাকে। উল্লেখ্য যে,নেহৰুবালিৰ এই উদ্যম সমাগমস্থলীত স্থানীয় এমএছএমই, ষ্টাৰ্ট-আপ আৰু আত্ম সহায়ক গোটসমূহৰ দ্বাৰা উৎপাদিত বিভিন্ন ধৰণৰ সামগ্ৰী,নতুন উদ্ভাৱন আৰু সেৱাসমূহ প্ৰদৰ্শনৰ কাৰণে ৫০খনৰো অধিক বিপনী স্থাপন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *