...

গৰাখহনীয়া জৰ্জৰ ৰহমৰীয়াৰ পটভূমিত ৰুৱীয়া সন্দিকৈ দত্তৰ ৰচিত উপন্যাস ‘মোৰোকনি’ উন্মোচন

Spread the love

 

গৰাখহনীয়া জৰ্জৰ ৰহমৰীয়াৰ পটভূমিত ৰুৱীয়া সন্দিকৈ দত্তৰ ৰচিত উপন্যাস ‘মোৰোকনি’ উন্মোচন

 

চাইন অন ডেস্ক:

ঐতিহাসিক ডিব্ৰুগড়ৰ বাবে এক জলন্ত সমস্যা ৰহমৰীয়াৰ পটভূমিত প্ৰকাশ হ’ল উপন্যাস। ৰহমৰীয়াক লৈ বহু আন্দোলন হ’ল, বহু ৰাজনীতি হ’ল,অসমৰ লগতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম-সংবাদ পত্ৰৰ শিৰোনামা দখল কৰিলে ৰহমৰীয়াই। কিন্তু ৰহমৰীয়াৰ ইতিমধ্যে ৩২ ৰাজহ গাঁও, কেইবাখনো চাহ বাগিচা, স্কুল, আৰক্ষী থানা আদিকে ধৰি বহু হেক্টৰ কৃষিভূমি আদি ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন কৰাৰ পাচতো বৰ্তমান এশ শতাংশ গঢ়াখহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱাগৈ নাই।এই জলন্ত সমস্যাৰ পটভূমিত ৰুৱীয়া সন্দিকৈ দত্তৰ দ্বাৰা ৰচিত উপন্যাস ‘মোৰোকনি’ উন্মোচন কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক তথা ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে। সাংবাদিক ৰাতুল বুঢ়াগোহাঁইয়ে উপন্যাস খন উন্মোচন কৰি মুল ভেটিটো তথা জুমুঠি টো যদি ভাল হয়, তেন্তে মূৰ্তিটো সুন্দৰ হ’ব। শিক্ষয়ত্ৰী ৰুবীয়া সন্দিকৈ দত্তই এটা জীৱন্ত পটভূমিক কেন্দ্ৰ কৰি উপন্যাসখন ৰচনা কৰিছে। আৰু উপন্যাস খন ৰহমৰীয়াৰেই নহয় সমগ্ৰ ডিব্ৰুগড়ৰ আৰু সৰ্বশ্ৰান্ত মানুহৰ বাবে এক জীৱন্ত দলিল হৈ পৰাৰ লগতে সকলোৱে আদৰি ল’ব বুলি কয়।ড° শৈলেন দত্তই আঁত ধৰা অনুষ্ঠানত তথা মহাবীৰ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা উপন্যাস খনৰ উন্মো‌চনী অনুষ্ঠানত ডিব্ৰু মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ৰঞ্জিত সিংহ, নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তপতী সিংহ, ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৃদয় চৌধুৰী, ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, জেষ্ঠ সাংবাদিক চন্দন ফুকন, বিশিষ্ট চিকিৎসক কুঞ্জন শইকীয়া,সাংবাদিক প্ৰশান্ত শইকীয়া,বৰ্ণম বৈভৱ দত্ত আৰু মহাবীৰ পাব্লিকেচনৰ স্বতাধিকাৰী অমিত কুমাৰ জৈন।একে অনুষ্ঠানতে ডিব্ৰু মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° মহেশ কুমাৰ জৈনৰ ‘সময়ৰ সঁফুৰা এটি নতুন পুৱাৰ সন্ধানত’ নামৰ গ্ৰন্থ খন উন্মোচন কৰে ড০ ৰণজিৎ সিংহই।
এসময়ত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ বাবে অসমৰ সংবাদ জগতৰ শিৰোনাম দখল কৰা ৰহমৰীয়াৰ পটভূমিত ৰচিত উপন্যাস ‘মোৰোকনি’ উন্মোচিত অনুষ্ঠানত
ড° ৰঞ্জিত সিংহই ‘মোৰোকনি’ত পঢ়ুৱৈয়ে ৰহমৰীয়াৰ মৰ্ম বেদনা উপলব্ধি কৰিব বুলি উল্লেখ কৰে। উপস্থিত থকা তপতী সিংহই গ্ৰন্থখন ইংৰাজীলৈ অনুবাদ কৰাৰ কথা প্ৰকাশকক অৱগত কৰে। ‌আন এজন উন্মোচক হৃদয় চৌধুৰীয়ে ‘সময়ৰ সঁফুৰা এটি নতুন পুৱাৰ সন্ধানত’ গ্ৰন্থখনৰ বিষয়ে উল্লেখ কৰি কয় যে গ্ৰন্থখন পঢ়িলে পঢ়ুৱৈয়ে সময়ৰ সদ্ব্যৱহাৰৰ প্ৰায়োগিক দিশৰ সন্ধান লাভ কৰিবলৈ সক্ষম হ’ব। ডিব্ৰুগড় মিলনজ্যোতি সংঘৰ উদ্যোগত ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত হোৱা চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাত উন্মোচন কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ডিব্ৰুগড়ৰ আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *