...

নগাঁও জিলা আৰক্ষী বিভাগলৈ “এম্বুলেঞ্চ” হস্তান্তৰ জিলা ঔষধ ব্যৱসায়ী সন্থাৰ

নগাঁওঃ নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাৰ তৰফৰ পৰা জনসাধাৰণৰ সুবিধাৰ্থে শুকুৰবাৰে এক উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে । নগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ৰ প্ৰাংগণত আয়োজিত এক বিশেষ অনুষ্ঠানত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা,জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জিলা জেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু অতিৰিক্ত জিলা আয়ুক্ত সুদীপ নাথৰ উপস্থিতিত নগাঁও জিলা আৰক্ষী বিভাগলৈ এখন “এম্বুলেঞ্চ” আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়। অনুষ্ঠানত নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাৰ সভাপতি জীৱন বনিক,সাধাৰণ সম্পাদক মনোৰঞ্জন বৰাৰ লগতে লামডিং,যমুনামুখ,ৰহা, হোজাই,কামপুৰ শাখাৰ প্ৰতিনিধি লগতে সন্থাৰ কেইবাগৰাকীও কৰ্মচাৰী আৰু সদস্যৰ উপস্থিতিত সম্পন্ন হোৱা এই মহৎ কাৰ্যসূচীয়ে অনাগত দিনত জৰুৰীকালীন সেৱাত নগাঁওবাসীক বিশেষভাৱে সহায় কৰিব বুলি আশা প্ৰকাশ কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে ।

Leave a Reply

Your email address will not be published. Required fields are marked *