তিনিদিনীয়াকৈ আয়োজিত সজাগতামূলক অনুশীলনৰ সামৰণি
নগাঁওঃ নগাঁও জিলাৰ কামপুৰ আহোম গাঁৱত হঠাৎ লাগিল হুৱা-দুৱা। গাঁৱখনত কেৱল মাত্ৰ দৌৰা দৌৰি,চিঞৰ-বাখৰ আৰু কান্দোনৰ দৃশ্য। কোনোয়ে যদি কান্দোনত ঢলি পৰিছে,কোনোয়ে গৰ্ভৱতী মহিলাক উদ্ধাৰ কৰাত ব্যস্ত,কোনোয়ে আপোন ঘৰখন হেৰুৱাৰ বেদনাত শোকত ভাঙি পৰিছে,কোনোয়ে আকৌ নিজৰ প্ৰাণ বচাবলৈ হাবাথুৰি খাইছে। হঠাৎ গাঁৱখনত উপস্থিত হ’ল কামপুৰ প্ৰশাসন,অগ্নি নিৰ্বাপক বাহিনী আৰু স্বাস্থ্য বিভাগৰ লোক। পিছে এয়া মাথোঁ এক সজাগতামূলক অনুশীলনহে। বানপানীৰ সময়ত এনেধৰণৰ সমস্যাৰ সন্মুখীন হ’লে তাৰ পৰা কেনেকৈনো উদ্ধাৰ কৰিব পৰা যায় তাৰ ওপৰতে এই সজাগতা দেখোৱা হৈছে।
উল্লেখ্য যে নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু কামপুৰ ৰাজহ চক্ৰৰ উদ্যোগত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত তিনিদিনীয়াকৈ আয়োজন কৰা সজাগতামূলক অনুশীলনৰ সামৰণি পৰিছে। ৮ ডিচেম্বৰত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অন্যনা লহকৰে। এই অনুষ্ঠানত নগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ,জিলা প্ৰকল্প বিষয়া বিজয়ন্তু গোস্বামী,কামপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ অসীম বৰান উপস্থিত থাকে। এই কাৰ্যসূচীৰ অংশস্বৰূপে ৮ডিচেম্বৰত প্ৰশিক্ষণ,৯ ডিচেম্বৰত টেবুল টক এক্সাচাইজ আৰু শেষৰ ১০ ডিচেম্বৰত মকডিল অনুষ্ঠিত হয়।
মকড্ৰিলত বানপানীৰ ভয়বহতা আৰু ইয়াৰ পৰা লব লগা সাৱধনতা আৰু সজাগতাৰ ওপৰত নাটকীয়ভাৱে প্ৰদৰ্শন কৰা হয়। এই কামপুৰ আৰ-চি-ই এম-ই-এক্স২০২৫ কাৰ্যসূচীখন সফলতাৰে পৰিচালনা কৰিছিল কামপুৰ ৰাজহ চক্ৰৰ দুৰ্যোগ ব্যৱস্থাপনা ক্ষেত্ৰ বিষয়া যোগেশ চন্দ্ৰ গৌৰ,ৰূপহীৰ ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া হিমান জ্যোতি শৰ্মা,চামগুৰিৰ ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া বিকাশ শইকীয়া,ৰহা ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া পৰিশ্মিতা শইকীয়া,সদৰ ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া টিটু দাস, ৰিলায়েন্স ফাউণ্ডেচনৰ পাৰ্থ প্ৰতিম গগৈ আৰু ডি ই অʼ চি,নগাঁৱৰ তথ্য সহায়কে।