আমিৰা বিল মিচিমিআটীৰ জল উত্তোলন আঁচনি বিকল
হাহাকাৰ সহস্ৰাধিক কৃষক
কৃষি মন্ত্ৰী অতুল বৰাক স্মাৰক প্ৰদান
মহুৰামুখ:
বোকাখাত বিধানসভা সমষ্টিৰ ৰঙামাটি মৌজা দুর্গতিমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত নামটেমেৰাত এটা পানী যোগান আঁচনি বিভাগীয় কৰ্তৃপক্ষই বিকল ঘোষণা কৰাৰ পাছত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে। উল্লেখযোগ্য যে বানে গৰকা নামটেমেৰা গাঁৱৰ উত্তৰাংশত অৱস্থিত বোকাখাত জলসিঞ্চন
সংমণ্ডলৰ অধীনৰ আৰিমৰা বিল মিচিমিআটীৰ এলেকা জলসিঞ্চন আঁচনিখন ১৯৯১ চনতে প্রতিষ্ঠা হোৱা। আঁচনিখনৰপৰা প্ৰায় হেজাৰৰো অধিক কৃষক পৰিয়াল উপকৃত হৈ আছিল। আঁচনিখন ২০১৩ চনলৈকে কার্যক্ষম হৈ আছিল যদিও ২০২৪ চনৰপৰা আঁচনিখনপৰা পর্যাপ্ত সুবিধা পোৱা নাই ৰাইজে। আঁচনিখনৰ ট্রেঞ্চফৰ্মাৰপৰা কৃষকসকলে বিদ্যুৎ সংযোগ কৰি নিজৰ পানী মটৰ ব্যৱহাৰ কৰি অতি কম খৰচত বৰোধানৰ খেতি কৰি আহিছিল। অতি দুখৰ বিষয় যে আঁচনিখন দুমাহৰ আগত সংমণ্ডলৰ বিষয়াই বিকল ঘোষণা কৰাৰ পাছৰেপৰা কৃষকসকলে বিদ্যুৎ সংযোগ কৰিব নোৱৰাত দুখত ভাগি পৰিছে। কৃষক ৰাইজে বিভাগীয় কর্তৃপক্ষক কি কাৰণত উক্ত আঁচনিখন বিকল হৈ পৰিল তাৰ কাৰণ 
ইপিনে আজি ৰঙাগড়াত দুসুঁতিমুখ গাঁও পঞ্চায়তৰ সভানেত্ৰী সুকন্যা লইঙৰ নেতৃত্ব নামটেমেৰা গাঁৱৰ এটা সজাতি দলে স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাক পানীযোগান আঁচনিটো পুনৰ কার্যক্ষম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।