মাত্র ১০০ টকাত চাব পাৰিব টি-২০ বিশ্বকাপৰ মেচ?
পলকতে শেষ ভাৰত-পাকিস্তানৰ মেচৰ টিকট!
নিউ চণ্ডীগড়ঃ পানীৰ দৰত টি-২০ বিশ্বকাপৰ টিকট। দর্শকে আগন্তুক টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া হাই ভল্টেজ খেলখন কার্যতঃ নামমাত্র মূল্যত চোৱাৰ সুযোগ লাভ কৰিছে। অহা ফেব্ৰুৱাৰী মাহত ভাৰত আৰু শ্রীলংকাত আৰম্ভ হ’ব টি-২০’ বিশ্বকাপ। উক্ত প্রতিযোগিতাখনৰ টিকটৰ দাম মাত্র এশ টকাৰ পৰা আৰম্ভ হৈছে। অর্থাৎ অনুৰাগীয়ে নামমাত্ৰ খৰচত বিশ্ব ক্রিকেটৰ তাৰকাসকলক চাব পাৰিব। কলকাতা আৰু আহমেদাবাদত একাধিক খৈলৰ টিকটৰ মূল্য এশ টকাৰ পৰা আৰম্ভ হৈছে।
দিল্লীত সর্বনিম্ন টিকটৰ মূল্য ডেৰশ টকাত উপলব্ধ হ’ব। ইয়াৰ উপৰি চেন্নাইত অন্যতম মূল্য ডেৰশ টকা আৰু মুম্বাইত তিনিশ টকা নিৰ্ধাৰণ কৰা হৈছে। অর্থাৎ ক্রিকেটপ্রেমীসকলে ভাৰতৰ পাঁচোটা কেন্দ্ৰতে অতি কম মূল্যত বিশ্বকাপ চাব পাৰিব। আনহাতে, শ্রীলংকাত টিকটৰ অন্যতম মূল্য স্থানীয় মুদ্রাত এক হাজাৰ এল কে আৰ, যিটো ভাৰতীয় মুদ্রাত কেইশমান টকা। ১৫ ডিচেম্বৰত ভাৰত-পাকিস্তান বিশ্বকাপ। সেই খেলখনৰ টিকটৰ মূল্য মাত্র ১৫০০ শ্রীলংকা টকা। যাৰ মূল্য ভাৰতীয় মুদ্রাত মাত্র ৪৩৯ টকা। বিশ্বকাপৰ ইতিহাসত ইমান কম মূল্য কেতিয়াও নির্ধাৰণ কৰা হোৱা নাই। এতিয়া এনে পদক্ষেপ কিয় ?
আইচিচিৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় গুপ্তাই কয় যে আমি সকলোৱে যাতে টিকট কিনি খেলখন চাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব বিচাৰিছিলোঁ। আমি ক্রিকেটৰ এই উৎসৱত যিমান পাৰি সিমান লোকক জড়িত কৰিবলৈ আগ্রহী। আমি বিচাৰোঁ যে সকলোবে দূৰৰ পৰা চোৱাৰ পৰিবৰ্তে খেলপথাৰলৈ অহাৰ সুযোগ পাওক।
মূলানপুৰত অনুষ্ঠিত হ’বলগীয়া ভাৰত বনাম দক্ষিণ আফ্রিকাৰ টি-২০ খেলৰ পূর্বে বৃহস্পতিবাবে আইচিচিয়ে আগন্তুক বিশ্বকাপৰ টিকট মুকলি কৰে। এই টিকট মুকলি কৰে দল দুটাৰ অধিনায়ক সূর্যকুমাৰ যাদৱ আৰু এইডেন মার্কৰামে। ইয়াৰ পিছত অনলাইন টিকট বিক্ৰী আৰম্ভ হ’ল। প্রথম অৱস্থাত গ্রুপ পর্যায় আৰু ছুপাৰ আঠৰ খেলৰ টিকট মুকলি কৰা হৈছিল। ইতিমধ্যে ভাৰত-পাক বিশ্বকাপৰ টিকটৰ চাহিদা অধিক। ভাৰত-পাক খেলৰ প্ৰথম ৰাউণ্ডৰ টিকট পলকতে বিক্রী হৈ গ’ল।