অৱশেষত ইতিহাস হ’ল নগাঁৱৰ আৰু এটি চিনেমা হল। নগাঁও চহৰৰ মাজমজিয়াত ʼ৪০ৰ দশকতে স্থাপিত “কৃষ্ণা চিনেমা হল”ত অৱশেষত পৰিল হাতোৰাৰ কোব। চলিত বৰ্ষৰ মে’ মাহত অন্তিমবাৰৰ বাবে এখন হিন্দী চিনেমাই মুক্তি লাভ কৰাৰ পাছৰ পৰাই এক প্ৰকাৰ বন্ধ হৈ আছিল নগাঁৱৰ “কৃষ্ণা চিনেমা হল”টি । অৱশেষত বিগত প্ৰায় ছমাহেই বন্ধ হৈ থকা “কৃষ্ণা চিনেমা হল” ভাঙিবলৈ আৰম্ভ কৰিছে মালিকপক্ষই ।নগাঁওবাসীৰ বহু আৱেগ জড়িত “কৃষ্ণা চিনেমা হল”ত শুকুৰবাৰে নিশাৰ পৰাই অন্ধকাৰৰ মাজতে চলি থাকিল বুল্ড’জাৰ। কেমেৰাত দৃশ্য আৱদ্ধ কৰাতো বাধাৰ সৃষ্টি কৰি চাৰিফালে সেউজীয়া কাপোৰেৰে ঢাকি বুল্ড’জাৰ চলাই এফালৰ ভাঙি পেলোৱা হয় ছবিগৃহটি। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ “কাঞ্চনজংঘা”,”মিছন চাইনা” আদি ছবিয়েও মুক্তি লাভ কৰিছিল এই চিনেমা হলটিত ৷ “কৃষ্ণা চিনেমা হল”তেই জুবিন গাৰ্গ নিজে উপস্থিত হৈ দৰ্শকৰ সৈতে ছবি উপভোগ কৰাৰ স্মৃতি আজিও নগাঁওবাসীৰ মনত সজীৱ হৈ আছে। “কৃষ্ণা চিনেমা হল” থকাৰ বাবেই নগাঁও চহৰৰ মাজমজিয়াৰ এটা অতি গুৰুত্বপূৰ্ণ এটা স্থানেও লাভ কৰিছিল “কৃষ্ণা হল চাৰিআলি”ৰ নাম। নগাঁৱৰ ঐতিহ্যবহন কৰা “কৃষ্ণা চিনেমা হল”ত বুল্ড’জাৰ চলোৱা কাৰ্যৰ বিৰুদ্ধে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁৱৰ চলচিত্ৰপ্ৰেমীৰ মাজত। “কৃষ্ণা চিনেমা হল” বন্ধ কৰি অৱশেষত বুল্ড’জাৰ চলোৱা কাৰ্যক বিশিষ্ট চলচিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,“১৯৪০ দশকতে কৃষ্ণা টকীজ নিৰ্মাণ হৈছিল৷”বিপ্লৱী”,”মানৱ আৰু দানৱ”ৰ দৰে অসমীয়া ছবিৰ ইতিহাস জড়িত হৈ আছে “কৃষ্ণা চিনেমা হল”ৰ লগত৷ অসমীয়া চিনেমা ইতিহাসৰ এক ঐতিহ্যপূৰ্ণ চিনেমা হল এই “কৃষ্ণা চিনেমা হল”। প্ৰায় ৮০ বছৰীয়া এই কৃষ্ণা টকীজত হাতুৰাৰ কোবৰ কথা শুনি মই সঁচাকৈ মৰ্মাহত হৈছোঁ ।” বৰুৱাই আৰু কয়,”আমাৰ অসম চৰকাৰে ইতিমধ্যে বহু যুগান্তকাৰী পদক্ষেপ লৈছে। মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ,যদি সম্ভৱ হয় কৃষ্ণা টকীজৰ সেই স্থানত কৃষ্ণা টকীজৰ অথবা অসমীয়া চিনেমাৰ লগত জড়িত কিছু ঐতিহ্যপূৰ্ণ মিউজিয়াম নিৰ্মাণ কৰিলে অত্যন্ত সুখী হ’ম।” ব্লকবাষ্টাৰ “লাভ ষ্টৰী” ৰ টিকটৰ বাবে কেইবাদিনো অহোপুৰুষাৰ্থ কৰিব লগীয়া হৈছিল। তেনেদৰে অসমীয়া চুপাৰ হিট “বোৱাৰী” কেইবামাহ ধৰি চলিছিল। নিশা চেকেণ্ড শ্ব’ চাবলৈ গাঁৱৰ পৰা বাছ ভৰি ভৰি মানুহ আহিছিল। স্কুল-কলেজ ফাঁকি দি ১১ বজাত নুন শ্ব’ উপভোগ কৰিছিল। জনপ্ৰিয় অভিনেতা যতীন বৰাই কয়,“মোৰ বহুতো চিনেমাই মুক্তি লাভ কৰা নগাঁও চহৰৰ কৃষ্ণা চিনেমা হলত ভাঙি দিয়া শুনি দুখ পাইছোঁ। সৰুৰে পৰা দেখি অহা কৃষ্ণা চিনেমা হল এতিয়া নাইকিয়া হৈ গ’ল। নগাঁৱৰ স্বাভিমানক সন্মান জনাই ছবিগৃহটি জীয়াই ৰাখিব লাগিছিল।” উল্লেখ্য যে “অদিতি চিনেমা হল”ৰ লগতে জ্যোতি প্ৰসাদ আগৰৱালাৰ জীয়ৰীৰ নামত নিৰ্মাণ হোৱা “জয়শ্ৰী চিনেমা হল” বন্ধ হোৱাৰ পাছত তৃতীয়টো বন্ধ কৰিব বিচৰা হল হʼল “কৃষ্ণা চিনেমা হল”। স্থানীয় লোকেও এই পদক্ষেপত ক্ষোভ প্ৰকাশ কৰিছে ৷ মুঠৰ উপৰত এতিয়াৰ পৰা ইতিহাস হল ঐতিহ্য বহনকাৰী কৃষ্ণা চিনেমা হল ।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.