৭৫ দিনৰ উত্তাল প্রতিবাদৰ পিছত শান্ত তেজপুৰ বিশ্ববিদ্যালয়
প্র’ উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যৰ
দাবী পূৰণ নহ’লে পুনৰ হ’ব আন্দোলন
তেজপুৰ:
বিতর্কিত উপাচার্য শম্ভুনাথ সিঙৰ অপসাৰণ আৰু তেওঁৰ পৃষ্ঠপোষকতাত সংঘটিত দুর্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ
দাবীৰে তেজপুৰ বিশ্ববিদ্যালয়ত হোৱা
৭৫ দিনীয়া ধাৰাবাহিক
আন্দোলনৰ যোৱা নিশা সাময়িকভাবে অন্ত পৰিছে। যোৱানিশা প্রতিবাদী ছাত্র সমাজ, শিক্ষক সমাজ আৰু কর্মচাৰী সমাজে সর্বসম্মতিক্রমে তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে কম্পিউটাৰ ছায়েন্স এন্ড ইঞ্জিনীয়াৰিং বিভাগৰ অধ্যাপক ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক মনোনীত কৰাৰ পিছত ভট্টাচার্যই নিশাই তেজপুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব গ্রহণ কৰে। উল্লেখযোগ্য যে ইয়াৰ পূর্বে দিল্লীৰ পৰা এক গুগল মীটৰ জৰিয়তে বিতর্কিত শম্ভুনাথ সিঙে প্রতিবাদকাৰীৰ দাবীক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি ব’ৰ্ড অব মেনেজমেন্টব এখন সভা অনুষ্ঠিত কৰিছিল আৰু গণসংযোগ বিভাগৰ অধ্যাপিকা জয়া চক্রবর্তীক প্র’-উপাচার্য নিয়োগ কৰিছিল। ইয়াৰ লগে লগে উত্তাল পৰিস্থিতিৰ উদ্ভৱ হয় তেজপুৰ বিশ্ববিদ্যালয়ত। ছাত্র-ছাত্রী আৰু শিক্ষক-কর্মচাৰীসকলে এই সিদ্ধান্তৰ প্রতিবাদ জনাই কোনো কাৰণতে এই সিদ্ধান্ত মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে। নিশা প্রতিবাদকাৰীসকলে আনকি অধ্যাপিকাগৰাকীৰ নাম লৈ ‘জয়া আমাক নালাগে’ বুলি ধ্বনি দিয়াৰ লগতে বিশ্ববিদ্যালয়খনৰ একাংশ অধ্যাপিকা আৰু ছাত্র-ছাত্রীয়ে চক্রৱতীৰ বিশ্ববিদ্যালয় চৌহদৰ আৱাসৰ সম্মুখলৈ গৈ প্রতিবাদ সাব্যস্ত কৰে। এই কার্যত ক্ষুব্ধ হৈ পৰা অধ্যাপিকা চক্রবর্তীয়ে স্পষ্ট কৰি দিয়ে উপাচার্য সিঙে তেওঁৰ মতামত নোলোৱাকৈ তেওঁৰ নাম প্র’-উপাচার্য হিচাপে প্ৰস্তাৱ কৰিছিল। তেওঁ প্র’-উপাচার্যৰ দায়িত্ব গ্রহণ কৰাৰ পৰা বিৰত থাকে। এনে পৰিৱেশৰ মাজতে ১৯৯৫ৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়ত কৰ্মৰত তথা বিশ্ববিদ্যালয়খনৰ সবাতোকৈ জ্যেষ্ঠ অধ্যাপক হিচাপে ধ্রুব কুমাৰ ভট্টাচাৰ্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰ’-উপাচার্যৰ দায়িত্ব গ্রহণ কৰে। প্রণিধানযোগ্য যে নিশাই ভট্টাচার্যক প্রতিবাদকাৰীসকলে আদৰণি জনায়। আনহাতে ভট্টাচার্যই তেজপুৰ বিশ্ববিদ্যালয়ৰ প্র’-উপাচার্যৰ দায়িত্ব গ্রহণ কৰি এয়া এক প্রত্যাহ্বানপূর্ণ দায়িত্ব বুলি উল্লেখ কৰি বিশ্ববিদ্যালয়খনত উদ্ভৱ হোৱা এনে পৰিস্থিতিৰ পিছতো চৰকাৰে এইক্ষেত্ৰত উচিত পদক্ষেপ গ্রহণ নকৰাত আশ্চর্য প্রকাশ কৰে। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়লৈ পুনৰ স্বাভাৱিক পৰিৱেশ ঘুৰি অহাৰ আশা ব্যক্ত কৰি এতিয়াৰে পৰা তেজপুৰ বিশ্ববিদ্যালয় পুনৰ স্বাভাৱিকভাৱেই আগবাঢ়িব বুলিও কোৱাৰ লগতে ইমান দিনৰ প্ৰতিবাদ অন্ত পৰা বুলিও কয়। তেওঁ লগতে তেজপুৰ বিশ্ববিদ্যালয়ত এই সময়ত সংঘটিত কেলেংকাৰিৰ উচিত তদন্ত আৰু ইয়াৰে জড়িত সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব লাগে বুলিও মন্তব্য কৰে। উল্লেখযোগ্য যে যোৱা নিশা প্রায় এক বজাত তেজপুৰ বিশ্ববিদ্যালয়ৰ
পৰিৱেশ স্বাভাৱিক হৈ পৰাৰ পিছত আজি বিশ্ববিদ্যালয়খন নতুনকৈ আৰম্ভ হোৱাৰ দবে এক পৰিৱেশৰ সৃষ্টি হয়। বিগত প্রায় এসপ্তাহে সম্পূৰ্ণৰূপে বন্ধ হৈ থকা প্রশাসনিক সকলো বিভাগ আৰু শ্রেণীসমূহ আৰম্ভহয়। প্র’-উপাচার্য ভট্টাচার্যই সকলোৰে সৈতে আলোচনা কবি বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক তথা প্রশাসনিক সকলো দিশ আলোচনা কৰে। উল্লেখ্য যে ৮ ডিচেম্বৰৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ষাণ্মাসিকৰ পৰীক্ষাসমূহক লৈ যোৱা সময়ছোৱাত যি অনিশ্চয়তাৰ সৃষ্টি হৈছিল সেয়া আজি দূৰ হয় আৰু এই পৰীক্ষাসমূহো নির্ধাৰিত সূচী অনুসৰিয়েই অনুষ্ঠিত হোৱাটো নিশ্চিত হয়। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি উপাচার্য যদিহে ৬০ দিনৰ অধিক সময় বিশ্ববিদ্যালয়ত উপস্থিত নাথাকে, তেনেহ’লে এজন প্র’-উপাচার্য নিয়োগ কৰাটো বাঞ্ছনীয় আৰু সেই অনুসৰিয়েই প্রতিবাদকাৰী মঞ্চৰ ঐকমত্যত ভট্টাচার্যক তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰ’-উপাচার্য হিচাপে দায়িত্ব অর্পণ কৰা হৈছে। এতিয়া উচ্চ শিক্ষা বিভাগে ভট্টাচাৰ্যক এই নিয়োগক মঞ্জুৰি দিয়াৰ ওপৰতে নির্ভৰ কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ ভৱিষ্যতৰ পৰিৱেশ। অবশ্যে তেজপুৰ বিশ্ববিদ্যালয়ত প্রতিবাদী কার্যসূচী সাময়িকভাৱেহে বন্ধ থকাৰ বিষয়ে উল্লেখ কৰি ছাত্র সমাজে উপাচার্য সিঙৰ বিৰুদ্ধে তদন্তৰব দাবীত অটল আছে। তদুপৰি ছাত্র সমাজে সিঙৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয় পর্যায়ৰ তদন্ত আৰু এই তদন্তৰব সময়ছোৱাত সিপ্তক নিলম্বনৰ দাবী জনাই কয় যে এই আন্দোলনৰ এতিয়াও অন্ত পৰা নাই। তদুপৰি উপাচার্য সিঙে কালি বিয়লি অনুষ্ঠিত কৰা ব’ৰ্ড অব মেনেজমেন্টৰ সভাখনো অবৈধ আছিল বুলি উল্লেখ কৰে। তেজপুৰ বিশ্ববিদ্যালয়ত এনে পৰিস্থিতিৰ মাজতে ২২ ছেপ্টেম্বৰৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত
নথকা বিত্ত বিষয়া ব্রজবন্ধু মিশ্রই ছিক্কিম বিশ্ববিদ্যালয়ৰ উপাচার্যৰ বিশেষ সেৱা বিষয়া হিচাপে যোগদান কৰিছে। উল্লেখযোগ্য যে মিশ্রৰ বিৰুদ্ধে তেজপুৰ বিশ্ববিদ্যালয়ত উপাচার্য সিঙৰ পৃষ্ঠপোষকতাত অনিয়ম সংঘটিত কৰাৰ অলেখ অভিযোগ আছে। ইতিমধ্যেই উপাচার্য সিঙৰ লগতে মিশ্রৰো পুত্তলিকা দাহ হোৱাৰ পিছত যোৱা পহিলা ডিচেম্বৰত মিশ্রই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা অব্যাহতি বিচাৰি এক মেইল প্রেৰণ কৰে যদিও এইপর্যন্ত মিশ্রক তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা নিয়ম অনুসৰি অব্যাহতি দিয়া হোৱা নাই। তৎসত্ত্বেও অনিয়মৰ অভিযোগ থকা মিশ্রই আন এখন কেন্দ্রীয় বিশ্ববিদ্যালয়ত যোগদান কৰাত গভীৰ ৰহস্যৰ সৃষ্টি হৈছে। ইপিনে উপাচার্য সিঙৰ স্বেচ্ছাচাবিতাৰ বিৰুদ্ধে সৰৱ হৈ পদত্যাগ কৰা তেজপুৰ বিশ্ববিদ্যালয়ৰ জনসম্পর্কৰক্ষী বিষয়া সমবেশ বর্মনে তেওঁৰ পদত্যাগ-পত্র প্রত্যাহাৰ কৰে। উল্লেখযোগ্য যে প্রতিবাদকাৰীসকলেও ইতিমধ্যেই বর্মনক পদত্যাগ প্রত্যাহাৰ কৰাৰ আহ্বান জনাই অহাৰ উপৰি তেওঁৰ পদত্যাগ গ্রহণ নকৰিবলৈও দাবী জনাইছিল।