...

ইফকোৰ উদ্যোগত নগাঁৱৰ ৰাঙলুত ক্ষেত্ৰ দিৱস উদযাপন

Spread the love

ইফকোৰ উদ্যোগত নগাঁৱৰ ৰাঙলুত ক্ষেত্ৰ দিৱস উদযাপন

নগাঁও

ইণ্ডিয়ান ফাৰ্মাচ ফাৰ্টিলাইজাৰ ক’ৰ্পৰেটিভ লিমিটেড চমুকৈ ইফকো ( IFFCO-Indian Farmers Fertiliser Co-operative Limited)ৰ উদ্যোগত নগাঁও জিলাৰ ৰাঙলুত সোমবাৰে ক্ষেত্ৰ দিৱস উদযাপন কৰা হয়। ক্ষেত্ৰ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথে কৃষকসকলৰ মাজত পিএম কিষাণ,শস্যৰ বীমা,মাটি,স্বাস্থ্য কাৰ্ড আদিকে ধৰি চৰকাৰে প্ৰদান কৰা বিভিন্ন আঁচনি আৰু সুবিধাসমূহৰ বিষয়ে বিশ্লেষণ আগবঢ়ায়।
অনুষ্ঠানটিত ইফকোৰ ক্ষেত্ৰ বিষয়া পাৰ্থ শইকীয়াই নেন’ সাৰ(Nano fertiliser)ব্যৱহাৰ কৰিলে কেনেদৰে কৃষি ক্ষেত্ৰত উৎপাদনৰ খৰচ হ্ৰাস পায় আৰু অধিক উৎপাদন বৃদ্ধি হয় সেই বিষয়ে আলোচনা কৰে। লগতে নেন'(Nano fertiliser) ব্যৱহাৰৰ ফলত মাটি,বায়ু আৰু পানী প্ৰদূষণ ৰোধ হোৱা তথ্য অৱগত কৰে। ইফকোৰ কৰ্মকৰ্তা আছাদ হুছেইনকে আদি কৰি ৬৫গৰাকী প্ৰগতিশীল কৃষকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত কৃষক ইউছুফ আলীয়ে নেন’ ডি এ পি ব্যৱহাৰ আৰু পুৰণি প্ৰচলিত সাৰ ব্যৱহাৰৰ তুলনামূলক বিশ্লেষণ কৰি,নেনʼ সাৰ ব্যৱহাৰ কৰা ধানখেতিৰ প্ৰতি বিঘাত ১৫০-২০০ কিলʼগ্ৰাম অধিক উৎপাদন লাভ কৰিছে বুলি প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *