...

মাৰ্ঘেৰিটা ইনথেম বৌদ্ধ বিহাৰাধ্যক্ষ হত্যাকাণ্ড

Spread the love

মাৰ্ঘেৰিটা ইনথেম বৌদ্ধ বিহাৰাধ্যক্ষ হত্যাকাণ্ড

তদন্তৰ দাবীত মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান দল সংগঠনৰ 

মাৰ্ঘেৰিটা:

মাৰ্ঘেৰিটাৰ ইনথেম বৌদ্ধ বিহাৰাধ্যক্ষ শ্ৰীমৎ ইন্দ্ৰবংশৰ হত্যাকাণ্ডৰ তদন্ত দাবীত স্মাৰক পত্ৰ প্ৰদান। ভিক্ষু গৰাকীৰ ন্যায়ৰ দাবীত উত্তৰ পূৱাঞ্চলৰ কেইবাটাও বৌদ্ধ ধৰ্মীয় সংগঠনৰ আজি স্মাৰক পত্ৰ প্ৰদান। মাৰ্ঘেৰিটাৰ ইনথেম মুংগং বৌদ্ধ বিহাৰাধ্যক্ষ শ্ৰীমৎ ইন্দ্ৰবংশ ভিক্ষুৰ হত্যাকাণ্ড সৈতে জড়িত দোষীক ৫ দিনে কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱাত তীব্ৰ ক্ষোভ উত্তৰ পূবৰ বৌদ্ধ ধৰ্মাৱলম্বী বিভিন্ন দল সংগঠনৰ। তদন্ত গতি খৰতকীয়া কৰা আৰু দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত আজি মাৰ্ঘেৰিটা সম-জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰে উত্তৰ পূৰ্বাঞ্চলৰ  তিনিটাকৈ বৌদ্ধ ধৰ্মীয় সংগঠনে। পূৰ্বাঞ্চলৰ বৌদ্ধ সমিতি, পূর্বাঞ্চল বৌদ্ধ ভিক্ষু সংঘ আৰু বৰুৱা বুদ্ধিশ ফেডাৰেচনে পৃথকে পৃথকে তিনিখন স্মাৰক পত্ৰ প্ৰদান কৰে। কেওটা সংগঠনৰ নেতৃত্বই শান্তি সম্প্ৰীতি তথা বাণী প্ৰচাৰ কৰি ধৰ্মীয় গুৰু গৰাকীক অনতিপলমে ন্যায় প্ৰদান তথা ভিক্ষু গৰাকীৰ হত্যাকাণ্ড লগত জড়িত দোষীক কঠোৰতকৈ কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়। অন্যহাতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি পাপু দত্তই সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তা যোগে সমগ্ৰ বিষয়টোৰ ওপৰত উদ্ৰেক প্ৰকাশ কৰি কয় যে

“আজিৰ যুগত কোন মানৱ আৰু কোন দানৱ দেখোন ধৰিবই নোৱাৰি। যিখন সমাজত এজন আধ্যাত্মিকতাৰ সতে জড়িত ব্যক্তিৰেই যদি অধৰ্মীয়ে প্ৰাণ লবলৈ ভয় নকৰে তেন্তে সমাজত বাস কৰা সাধাৰণ মানৱ সমাজ কিমান শতাংশ সুৰক্ষিত ? মাৰ্ঘেৰিটা সমষ্টিৰ ইনথেম বৌদ্ধ বিহাৰৰ অধ্যক্ষ ইন্দ্ৰবংশ ভিক্ষুক কোনো দুৰ্বিত্তই কোঠাৰেৰে অতি নিৰ্মমভাৱে হত্যা কৰি থৈ যোৱা ঘটনাৰ প্ৰকৃত তথ্য বিগত ৫ দিনে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। মানৱতাক লজ্জিত কৰা এই বৰ্বৰ কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সভাপতি দত্তই। এই জঘন্য হত্যাকাণ্ডত জড়িত দুৰ্বিত্তক অতি শীঘ্ৰেই আৰক্ষীয়ে বিহীত ব্যৱস্থা গ্ৰহণ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান দাবী জনায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *