ডিব্ৰুগড়ত কেন্দ্ৰীয় ভাৱে “শ্ৰমিক কল্যাণ দিৱস” উদযাপন
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলা চাবুৱাৰ দিনজয় খেলপথাৰত বন্দৰ, জাহাজ আৰু জলপথ’ ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু শ্ৰম কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাৰ অংশ গ্ৰহণেৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক, সাধাৰণ সম্পাদক সন্তোষ কুমাৰ তপ্নদেৱৰ জন্মৰ দিনটো শ্ৰমিক কল্যাণ দিৱস হিচাপে পালন কৰা হয়। শ্ৰম কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা জন্ম জয়ন্তীৰ কাৰ্যসূচীৰ পোন প্ৰথমে সন্তোষ কুমাৰ তপ্নদেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে কেন্দ্ৰীয় মন্ত্ৰী, শ্ৰম মন্ত্ৰী, শক্তি মন্ত্ৰী, লগতে কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়কৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি আগবঢ়াই। শ্ৰম কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই সন্তোষ কুমাৰ তপ্নৰ জন্ম জয়ন্তীৰ উপলক্ষে নিজৰ বক্তৱ্য দাঙি ধৰা লগতে তেওঁৰ কৰ্মাৱলী বিষয়ে সোৱৰণ কৰাৰ উদ্দেশ্যেই ভাষ্য প্ৰদান কৰে। মন্ত্ৰী জনে কল্যাণ মূলক আঁচনি সম্পৰ্কে ৰাইজৰ মাজত অবগত কৰে। এগৰাকী মহান নেতা প্ৰতি গভীৰ শ্ৰদ্ধাশীল জনাই কেন্দ্ৰই মন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসম চৰকাৰৰ শ্ৰম মন্ত্ৰালয়েক ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যে তেওঁৰ চিন্তা ধাৰণা শ্ৰমিক সমাজক আগবঢ়াই নিব লাগিব । সেই একেই অনুষ্ঠানতে “নিৰ্মাণ সাক্ষী” শীৰ্ষক পৰ্টেল কেন্দ্ৰীয় মন্ত্ৰী মহোদয় আনুষ্ঠানিক ভাৱে মুকলি কৰে। উক্ত অনুষ্ঠানতে কেবাগৰাকীও ব্যক্তি তথা প্ৰতিস্থানক বঁটা, মানপত্ৰ, চেক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা প্ৰদান কৰে। লখিমপুৰৰ সাংসাদ প্ৰদান বৰুৱা, মন্ত্ৰী প্ৰশান্ত ফুকন, মন্ত্ৰী বিমল বড়াই শ্ৰমিক কল্যাণ দিৱসৰ প্ৰতি লক্ষ্য ৰাখি বক্তৱ্য আগবঢ়াই। এই কাৰ্যসূচী উপস্থিত থাকে সন্তোষ কুমাৰ তপ্নৰ পুত্ৰ দয়াল তপ্ন লগতে পৰিয়ালৰ বৰ্গ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, খোৱাং বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, চাবুৱা – লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা আৰু বিনোদ হাজৰিকা, দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালা, ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, শ্ৰম কল্যাণ বিভাগৰ প্ৰধান সচিব জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী, শ্ৰম আয়ুক্ত অনন্ত লাল জ্ঞানী, ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী লগতে কেইবাগৰাকী গণ্য মান্য ব্যক্তি আজি এই মহান দিনজোৰা কাৰ্যসূচীত উপস্থিত থাকে। জন্ম জয়ন্তী উপলক্ষে কেবা গৰাকীও বিশিষ্ট গায়ক আৰু নিৃত্য শিল্প দ্বাৰা গীত আৰু নিৃত্য পৰিবেশন অনুষ্ঠিত কৰা হয়