...

দিল্লী বিস্ফোৰণৰ মূল অভিযুক্ত ডাঃ মোজাম্মিলৰ বিস্ফোৰক তথ্য

Spread the love

 

 

দিল্লী বিস্ফোৰণৰ মূল অভিযুক্ত ডাঃ মোজাম্মিলৰ বিস্ফোৰক তথ্য

দীপাৱলী আৰু ২৬ জানুৱাৰী ৰক্তাক্ত কৰাৰ পৰিকল্পনা আছিল মুছলিম চিকিৎসক গেঙৰ
‘কাৰবোম’ হিচাপে ব্যৱহাৰ কৰিবলৈ মাষ্টাৰমাইণ্ড ডাঃ ওমৰ নবীয়ে সাজু কৰিছিল আন এখন ৰঙা ৰঙৰ ফ’ৰ্ড ইক’ স্প’র্ট
বুধবাৰে আৰডিএক্স-বন্দুকসহ দিল্লীত দুই সন্ত্রাসবাদীক গ্ৰেপ্তাৰ

নতুন দিল্লী:

সমগ্র দেশ জোকাৰি যোৱা দিল্লী বিস্ফোৰণ কাণ্ডৰ অন্যতম মূল অভিযুক্ত ডাঃ মোজাম্মিল গনিক জেৰাকালত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। দিল্লী আৰক্ষীৰ শীর্ষ সূত্রই ডাঃ গনিয়ে দিয়া স্বীকাৰোক্তিৰ আঁত ধৰি সদৰী কৰা অনুসৰি বিগত দীপাৱলী আৰু গণৰাজ্য দিৱসত দিল্লী ৰক্তাক্ত কৰাৰ ভয়ংকৰ পৰিকল্পনা ৰচনা কৰিছিল ‘হোৱাইট কলাৰ টেব’ৰ ইক’ছিষ্টেম’-এ। এই পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ ধৃত ডাঃ গনি আৰু ডাঃ ওমৰ নবীয়ে আনকি লালকিল্লা চৌহদত পর্যবেক্ষণ (ৰেকি) কৰিছিল। বিশেষকৈ গণৰাজ্য দিৱসত ঐতিহাসিক লালকিল্লা আছিল সন্ত্রাসবাদীৰ মূল লক্ষ্য। পিছে গণৰাজ্য দিৱসত নিৰাপত্তা বাহিনীৰ কটকটীয়া ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত সেই পৰিকল্পনা ব্যর্থ হয়। অকল দীপাবলী-গণৰাজ্য দিৱসেই নহয়, দিল্লীৰ উপৰি দেশৰ বহু ষ্টাৰকো সন্ত্রাসবাদীয়ে টার্গেট কৰি লৈছিল। দিল্লী আৰক্ষীৰ সূত্ৰটোৱে দাবী কৰা অনুসৰি মূলতঃ ফৰিদাবাদৰ আল-ফলা বিশ্ববিদ্যালয়ৰ কেইবাজনো চিকিৎসক আছিল এই সন্ত্রাসবাদী কাৰ্যকলাপৰ আঁৰত। জম্মু-কাশ্মীৰ আৰক্ষীয়ে যাক আখ্যা দিছে- ‘হোৱাইট কলাৰ টেৰ’ৰ ইক’ছিষ্টেম’ ৰূপে। ধৃত ডাঃ গনিক জেবা কৰি আৰু অধিক তথ্য পোহৰলৈ আনিবলৈ অনুসন্ধানকাৰী সংস্থাই চেষ্টা অব্যাহত ৰাখিছে। সামাজিক তথা দাতব্য কাম-কাজৰ দোহাই দি সন্ত্রাসবাদীসকলে পুঁজিৰ লগতে আইইডি প্রস্তুতৰ উপকৰণ সংগ্রহ সম্পূর্ণ সুপৰিকল্পিতভাবে, সংগ্রহ কৰিছিল বুলি সূত্ৰটোৰ দাবী। সন্ত্রাসবাদীয়ে দুবছৰ ধৰি বিস্ফোৰক সংগ্ৰহ কৰাৰ কথা ইতিমধ্যে অনুসন্ধানকাৰী সংস্থাই ধাৰণা কৰিছে। কিয়নো ইতিমধ্যে অনুসন্ধানকাৰী সংস্থাৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ বিস্ফোৰক। বিশেষকৈ সন্ত্রাসবাদীসকলে বিগত দুটা বছৰত এম’নিয়াম নাইট্রেটৰ দৰে মাৰাত্মক বিস্ফোৰক সংগ্ৰহ কৰাৰ বিষয়ে ইতিমধ্যে তথ্য পোৱা গৈছে। এই দিশৰ পৰাই সমগ্ৰ ষড়যন্ত্ৰৰ আঁৰত জইছ-ই-মহম্মদৰ দৰে কুখ্যাত সন্ত্রাসবাদী সংগঠনৰ পৃষ্ঠপোষকতা থকা বুলি সূত্রটোৱে ক’ব খোজে। কিয়নো এই সন্ত্রাসবাদী সংগঠনটোৱে বোমা বিস্ফোৰণৰ ক্ষেত্রত এম’নিয়াম নাইট্রেট ইতিপূর্বে ব্যৱহাৰ কৰাৰ প্ৰমাণ আছে। অৱশ্যে বর্তমান পর্যন্ত জইছ-ই-মহম্মদ বা আন কোনো সন্ত্রাসবাদী সংঠনে দিল্লী বিস্ফোৰণত জড়িত থকাৰ আনুষ্ঠানিক দাবী কৰা নাই। ইফালে বিস্ফোৰণ সংঘটিত কৰিবলৈ মাষ্টাৰমাইন্ড ডাঃ নবীয়ে আন এখন বাহন সাজু কৰি ৰাখিছিল। ৰঙা ৰঙৰ ফ’র্ড ইক’স্প’র্ট বাহনখনৰ নম্বৰ হৈছে ডিএল-১০ চি কে ০৪৫৮। দিল্লী বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড ডাঃ নবীৰ নামতেই এই বাহনখন পঞ্জীভুক্ত হৈ আছে। কিন্তু দিল্লী বিস্ফোৰণৰ পাছৰে পৰা কোনোধৰণৰ সন্ধান নাই বাহনখনৰ। আপাততঃ এই ৰঙা ইক’স্প’র্ট গাড়ীখনৰ সন্ধানত ইতিমধ্যে ব্যাপক তালাচী অভিযান অব্যাহত ৰখা হৈছে। লক্ষণীয়ভাৱে সোমবাৰে লালকিল্লাৰ সমীপত সংঘটিত আত্মঘাতী বিস্ফোৰণৰ বাবে ব্যৱহৃত বগা ৰঙৰ হুণ্ডাই আই-২০ বাহনখনৰো গৰাকী ডাঃ নবী। তথ্য অনুসৰি ২০১৭ চনত ডাঃ নবীৰ নামত দিল্লীৰ ৰাজ’ৰী গার্ডেনত বাহনখন পঞ্জীয়ন কৰা হৈছিল। ভুৱা ঠিকনা ব্যৱহাৰ কৰি ডাঃ নবীয়ে ক্ৰয় কৰিছিল বাহনখন। এইচআৰ-২৬ চিই ৭৬৭৪ নম্বৰৰ এই গাড়ীখন ২০১৪ চনৰ ১৮ মাৰ্চত প্ৰথমবাৰ বিক্ৰী হয়। ক্ৰয় কৰিছিল জনৈক চলমনে। পৰৱৰ্তী সময়ত বাহনখন কোনোধৰণৰ আনুষ্ঠানিক প্রক্রিয়া অবিহনেই দেৱেন্দ্ৰ নামৰ এজন ব্যক্তিয়ে ব্যৱহাৰ কৰে। ইয়াৰ পাছত বাহনখনৰ মালিকানা যায়গৈ চনুৰ হাতলৈ। পৰৱৰ্তী সময়ত বাহনখন তাৰিক নামৰ এজন ব্যক্তিয়ে ক্রয় কৰে। এনেদৰে গৰাকী সলনি হ’লেও কিন্তু পঞ্জীয়ন প্রমাণ-পত্ৰৰ কোনোধৰণৰ পৰিৱৰ্তন হোৱা নাছিল। অৱশ্যে ২০১৭ চনত ভুৱা পৰিচয়েৰে ডাঃ ওমৰ মহম্মদৰ নামত বাহনখন ডাঃ নবীয়ে ক্ৰয় কৰে। এনেধৰণৰ তথ্যৰ মাজতে দ্বিতীয় এখন গাড়ী বিস্ফোৰণত ব্যৱহাৰৰ পৰিকল্পনা কৰাৰ বিষয়টো পোহৰলৈ অহাটো স্বাভাৱিকতে গুৰুত্বপূৰ্ণ ৰূপে বিবেচিত হৈছে। ইতিমধ্যে এই দ্বিতীয়খন বাহনৰ সন্ধানত দিল্লী, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে সীমান্তবর্তী এলেকাত কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা। সমান্তৰালভাৱে দেশজুৰি হাই এলার্ট জাৰি কৰা হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে সোমবাৰৰ আত্মঘাতী বিস্ফোৰণৰ পাছতো পুনৰ অনুৰূপ ঘটনা সংঘটিত কৰিবলৈ সন্ত্রাসবাদীয়ে অব্যাহত ৰাখিছে প্রচেষ্টা। অৱশ্যে নিৰাপত্তা বাহিনীৰ তৎপৰতাত এনে ষড়যন্ত্র ব্যর্থ হয়। দিল্লী আৰক্ষীৰ সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি আজি দিনৰ ১১ বজাত গোবিন্দপুৰী মেট্ৰ’ ষ্টেচনৰ সমীপৰ বাছ ষ্টেণ্ডত এখন বগা ৰঙৰ থাৰ বাহনত বৃহৎ পৰিমাণৰ আৰডিএক্স উদ্ধাৰ হয়। লগতে দিল্লী আৰক্ষীয়ে জব্দ কৰে নগদ এক কোটি টকাসহ এটা বন্দুক আৰু চাৰিটা ম’বাইল ফোন। এই ঘটনাত জড়িত থকাৰ অভিযোগত দুজন সন্দেহযুক্ত সন্ত্রাসবাদীকো গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে এই বৃহৎ পৰিমাণৰ আৰডিএক্সখিনি কি কাৰণে অনা হৈছিল সেই কথা বর্তমান পর্যন্ত স্পষ্ট হোৱা নাই। সন্দেহ কৰা মতে, লালকিল্লাৰ সমীপত সোমবাৰে যিদৰে কাৰবোমাৰ বিস্ফোৰণ ঘটোৱা হৈছিল, তাবেই পুনৰাবৃত্তি ঘটাব বিচাৰিছিল সন্ত্রাসবাদীয়ে। ধৃত দুই সন্দেহযুক্ত সন্ত্রাসবাদীক এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে সোমবাৰৰ ঘটনাৰ পাছত অধিক কটকটীয়া কৰি তোলা হৈছে সমগ্র দিল্লীৰেই নিৰাপত্তা ব্যৱস্থা। জনবহুল এলেকা বিশেষকৈ পর্যটনথলী, মল, ধর্মীয় স্থান আদিত বৃহৎসংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে। সংবেদনশীল স্থানসমূহত স্নিফার ডগ, মেটেল ডিটেক্টৰ আৰু এন্টি ছাবটেজ টীম নিয়োজিত কৰা হৈছে। দিল্লী আৰক্ষীৰ তৰফৰ পৰা কোৱা হৈছে যে আমি কোনো সুৰুঙা এৰিব বিচৰা নাই। জনসাধাৰণৰ মনত আত্মত্মবিশ্বাস ঘূৰাই আনিবলৈ তথা দেশৰ ৰাজধানী সুৰক্ষিত কৰিব বিচৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *