শ্ৰেণীকোঠাৰ পৰা ওলাই আহিল শিক্ষাৰ্থী! শ্ৰেণী বৰ্জন ? নে প্ৰতিবাদ ?
৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ত এই ব্যতিক্ৰমী দৃশ্য
ঢকুৱাখনা:

ঢকুৱাখনাত এখন বিশেষ বজাৰ।বিক্ৰেতাৰ ৰূপত এজাক কণ কণ ছাত্ৰ-ছাত্ৰী।
শ্ৰেণীকোঠাৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহি শিক্ষাৰ্থীসকলে বহুৱালে এখন বজাৰ।ঘৰতে উৎপাদন কৰা শাক-পাচলি,ফল-মূলৰ লগতে বিভিন্ন সামগ্ৰী বিক্ৰী কৰিছে ছাত্ৰ-ছাত্ৰীয়ে।
ঢকুৱাখনা শিক্ষাখণ্ডৰ অধীনস্থ জীয়ামৰীয়া গাঁৱস্থিত ৩১ নং কপহুৱা প্ৰাথমিক বিদ্যালয়ত দেখা গৈছে এই ব্যতিক্ৰমী দৃশ্য।আজি পুৱাতেই ছাত্ৰ -ছাত্ৰীসকলে ঘৰতে হোৱা থলুৱা শাক-পাচলি,ফল-মূল আৰু নানা সামগ্ৰীৰে
বিদ্যালয়খনৰ চৌহদতে বহুৱালে এই বজাৰখন।
কণ কণ ক্ৰেতা বিক্ৰেতাৰ লগতে জেষ্ঠজনো আহিল বজাৰলৈ।বিদ্যালয়খনৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন উপলক্ষে ছাত্ৰ ছাত্ৰীক বজাৰৰ ব্যবহাৰিক জ্ঞান দিবৰ বাবে আয়োজন কৰা হয় এই বিশেষ বজাৰ।

অঞ্চলটোৰ ৰাইজৰ লগতে অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে বজাৰখনৰ পৰা সামগ্ৰী ক্ৰয় কৰি উৎসাহিত কৰে ছাত্ৰ-ছাত্ৰীসকলক।
