কামপুৰৰ শ্বহীদ মহেন্দ্ৰ লস্কৰৰ বাসগৃহত CRPFৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং
নগাঁও:-
দেশমাতৃৰ সেৱাত সদা নিয়োজিত জোৱানসকল হ’ল আমাৰ ৰাষ্ট্ৰীয় গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক। তেওঁলোকে দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব,অখণ্ডতা আৰু দেশৰ সৰ্বসাধাৰণ নাগৰিকসকলৰ সুৰক্ষাৰ বাবে নিষ্ঠাৰে সদা জাগ্ৰত প্ৰহৰী
হিচাপে নিজৰ কৰ্ম সম্পাদন কৰে। শীত-গ্ৰীষ্ম,দিন-ৰাতি,পাহাৰ-মৰুভূমি আদি সকলো প্ৰতিকূল পৰিস্থিতিক নেওচি তেওঁলোকে দেশপ্ৰেমৰ ভাৱনাৰে নিজৰ কৰ্তব্য পালন কৰে। নিজৰ
ব্যক্তিগত সুখ-শান্তি ত্যাগ কৰি, আনকি প্ৰয়োজনত আত্মবলিদান দিও তেওঁলোকে দেশমাতৃক সুৰক্ষা প্ৰদান কৰে। দেশমাতৃক সুৰক্ষাৰ হেতু তেনে এক আত্ম বলিদানেৰে চানেকি ৰাখিছিল নগাঁও জিলাৰ কামপুৰৰ এজন CRPFৰ জোৱানে। কামপুৰৰ কুঁৱৰীআটি গাঁৱৰ CRPFৰ জোৱানজন আছিল মহেন্দ্ৰ লস্কৰ। উল্লেখ্য যে যোৱা ১০ অক্টোবৰৰ নিশা প্ৰায় ১১জনীয়া ৬০নং বেটেলিয়নৰ দল এটাৰ সৈতে তহল দি আগবাঢ়ি গৈ থকা অৱস্থাত ঝাৰখণ্ডৰ জৰাইকেলা (পশ্চিম সিংহভোম) আৰক্ষী চকীৰ অন্তৰ্গত এডালবেৰা এলেকাত উগ্ৰপন্থীৰ দ্বাৰা সংঘটিত হোৱা আই ই ডি বিস্ফোৰণত মহেন্দ্ৰ লস্কৰ নিহত হোৱাৰ লগতে আন বহুকেইগৰাকী জোৱান আহত হয়। আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)ৰ সঞ্চালক প্রধান জ্ঞানেন্দ্র প্রতাপ সিং শ্বহীদ মহেন্দ্ৰ লস্কৰৰ স্বগৃহত উপস্থিত হৈ স্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পৰিয়ালবৰ্গক সাক্ষাৎ কৰে। সঞ্চালক প্ৰধানগৰাকীৰ এই কাৰ্যসূচীত উত্তৰ-পূব সংমণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান (ADG) ৰাজা শ্ৰীবাস্তৱ,অপাৰেচন সঞ্চালকালয়ৰ প্ৰধান পৰিদৰ্শক জ্ঞানেন্দ্ৰ কুমাৰ বাৰ্মাৰ উপৰি বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী,ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস,জিলা আয়ুক্ত দেৱাশীষ শৰ্মা,জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল
ডেকা,নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক য়াংচেন ডুমা ভূটিয়া,সহকাৰী আয়ুক্ত তেজস অগ্নিহোত্রীকে প্ৰমুখ্য কৰি বহু কেইবাগৰাকী আৰক্ষী বিষয়া তথা চি.আৰ.পি.এফৰ বিষয়া আৰু স্থানীয় জনসাধাৰণ উপস্থিত থাকে। বিৰল সাহসিকতাৰ পৰিচয় দাঙি ধৰি, কৰ্তব্যৰ সময়ত দেশমাতৃৰ সুৰক্ষাৰ বাবে নিজৰ জীৱনোকো তুচ্ছ জ্ঞান কৰি চৰম ত্যাগ কৰা মহেন্দ্ৰ লস্কৰ ৬০নম্বৰ বেটেলিয়নৰ চি আৰ পি এফৰ প্ৰধান কনিষ্টবল আছিল ।